Skip to content

ঘৰ-সংসাৰ (চুটি গল্পৰ চিৰিজ)

  • ঘৰ-সংসাৰ  ১৯

কিনো চাৱনিৰে চালা মোক ঐ…..
দেহা শিৰশিৰাই গ’ল ম‍ইনাজান ঐ

      কাষৰে আমাৰ অসমীয়া ষ্টাফ নাৰ্ছ মনলতা হাজৰিকাৰ ঘৰৰ মিউজিক চিষ্টেমটোত বিহু গানটো শুনিয়েই গম পালো বিহু আহিবলৈ আৰু লগতে মোৰ বাৰ বাজিবলৈ বেছিদিন নাই | আৰু অলপ ভয় খুৱাই শ্ৰীমতীয়ে চাহ একাপ লৈ আহি কাষতে বহিলহি | অলপ বেছিকৈয়ে ওচৰ চাপি বহিল | ম‍ই বুজিলো কিবা নতুন ফৰমাইচ হ’ব চাগৈ | এৰিয়াৰটো আজি সোমাইছে | শেষেই হ’ব যেন পাওঁ |
“হেৰি আপোনাৰ এৰিয়াৰ টকা ওলোৱাৰ কথা আছিল নহয়! কিবা হ’লনে ?
(দেখিলে ৰাইজ একেবাৰে জেগাত ধৰিছোনে? বোলো টকা কেইটা নৌ উলিয়াওঁতেই শৰাধৰ তালিকাখন তৈয়াৰ কৰিবৰ হ’লেইনে ?এই মাইকী মানুহমখা এনেকোৱাই | বিহু আহিলে বুলিলেই হ’ল আৰু |ছেভিংছৰ টকা কেইটাই তত নাপায় |) কথাবোৰ মনৰ মাজতে পাগুলি থাকি টিকিক ক’লো
“নাজানো বুজিছা, এটিএম চোৱাই হোৱা নাই | হ’ল চাগৈ |”
“এইবাৰৰ টকা কেইটাইৰ আধামান অনলাইন বীমা কোম্পানী এটাত থম বুল ভাবিছো| পোনাকনৰ কাৰণে ভাল হ’ব?” শ্ৰীমতীয়ে পৰামৰ্শ দিয়াৰ দৰে প্ৰায় আদেশেই দিলে |
“হেৰা, এইবোৰ বৰ ভাল বিশ্বাসযোগ্য কোম্পানী নহয় | অনলাইন বীমাৰ কথা শুনাই নাই ম‍ই আজিলৈকে |”
“ক’ত শুনিব আপুনি , লেপটপটোত আলোচনী আৰু ফেচবুকৰ বাহিৰে কিবা বিচাৰেনে আপুনি ? আমাৰ মাহীৰ ছোৱালীৰ গুৱাহাটীত থকা দেওৰেক আদিত্য যে, যোৱাবাৰ বিহুৰ সময়ত আমাৰ ঘৰলৈ নিজৰ গাৰ্লফেণ্ডৰ লগত আহিছিল যে | সিহে | বৰ ভাল বিশ্বাসী ল’ৰা বুজিছে | ফ’নত কোৱা মতে  আৰু  ম‍ই  নিজেও চাওঁতে দেখিছো নহয় বহুত মানুহ চাৰি বছৰতে লাখপতি হ’ল | চাৰি বছৰত দুগুন দিয়ে |” দীঘলকৈ উশাস এটা টানি শ্ৰীমতীয়ে মোৰ ফালে আশাৰে চাই ৰ’ল |
“বুজিছা, এইবোৰ সকলো কোম্পানী ফাঁকি | টি ভিত দেখিছাই দেখোন | এনেয়ে টকা কেইটা পানীত পেলাব নালাগে দিয়া ” অলপ টানকৈয়ে ক’লো ম‍ই |
“পানীত নপৰে |ঘৰৰে মানুহ দিয়াচোন | মোৰ কথাবোৰ সদায় আপোনাৰ বেয়াই লাগে”
“বেয়া নালাগে  বুজিছা, ভালেই লাগে কিন্তু কিছুমানে দেখোন হিতে বিপৰীত ৰৄপ লয় |সেয়ে ক’লো নালাগে | ঠগ কেইটামানক ধনী কৰি লাভ নাই | খাটাং কথা|”
“আপোনাৰ আমাৰ ঘৰৰ কাৰোৰে ওপৰত বিশ্বাস নাই | কেতিয়াবা এনে লাগে যেন মোৰ ওপৰতে আপোনাৰ বিশ্বাস….” বাক্যশাৰী শেষ নহ’ল শ্ৰীমতীৰ মুখমণ্ডলত গংগা, যমুনা আৰু সৰস্বতীয়ে এণ্ট্ৰী মাৰিলেহি | বংগোপ সাগৰ পোৱাৰ আগতেই বাধা দি চিঞৰি উঠিলো |
“হ’ব হ’ব, কিমান টকা লাগে ক’বা | দিম |” চাঞ্চ পাই শ্ৰীমতীয়ে চকুৰ পানী মোহাৰি মোহাৰি ক’লে |
“এইবাৰ বিহুত ঘৰলৈ যাওঁতে ৰিলায়েণ্স বজাৰত সোমাই বজাৰো কৰি যাম দেই “(ৰাইজ দেখিছে এক গুলীত দুই চিকাৰ)
মনে মনে ভাবিলো |হেৰা তুমি আঁ কৰিবলৈ লোৱাৰ আগতেই অমুকাই গৰ্ভ দেখা পায় |আগতেই ধৰি থৈছো হিচাবত | শ্ৰীমতীক টেট পৰীক্ষা দিবলৈ দিয়া হ’লেই ভাল আছিল | হাত সাৰি থাকিলোহেঁতেন |
“হ’ব ওলাবা | শহুৰৰ ঘৰলৈ প্ৰথম যোৱাৰ কথা | ৫০ হাজাৰ মানৰ বজাৰ নকৰিলে কেনেকৈ হ’ব ?” খোচ এটা মাৰিলো এনেই |
“হ’ব হ’ব খোচা মাৰিব নালাগে | আপোনাক কেতিয়াবা ক’ৰবাত টকা খৰচ কৰাত বাধা দিছো নেকি ?” শ্ৰীমতীয়ে উভতি ধৰিলে মোক |
“অমুক পিকনিকৰ নামত অমুক টকা, মাজতে বাইক এখন ল’লে, গাড়ী থাকোঁতেও | ম‍ই কিবা বাধা দিছিনে |হোঃ|” মনে মনে থাকিলো ম‍ই | কঁদোৰ বাহঁত জুই নিদিয়াই ভাল | দিলেই খেল ভয়ানক হ’ব |
        পিছে আগৰ বাৰৰ দৰে এইবাৰো শ্ৰীমতীৰ কথাকেইটা শুনি মোৰ মনৰ মাজত এৰিয়াৰৰ ৮০ হেজাৰটোৰ শূণ্যকেইটাই ইতিমধ্যে আত্মহত্যা কৰিবলৈ আৰম্ভ কৰিছিলেই |

     ৬ তাৰিখ পোৱাৰ লগে লগেই শ্ৰীমতীৰ গাত বিহু লাগিলেই | ইতিমধ্যে বৰাক ভেলীৰ পৰা লামডিং আৰু লামডিংৰ পৰা গুৱাহাটীলৈ টিকট বুক হ’লেই |ট্ৰেইনত যাম | আৰামত |গৄহমন্ত্ৰীৰ বজাৰৰ হিচপ নিকাচ আৰম্ভ হ’ল |  শ্ৰীমতীৰ হাতত পৰি মোৰ ৰোগী চোৱা পেডটোৰ বৰ্জিত কাগজৰ টুকুৰা এটাই মোৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰি বজাৰৰ নামত প্ৰায় ৪০,০০০ মান টকাৰ অধিকাৰী হ’লেই | হায় হায় ,দুনীয়াৰ হাজবেণ্ডবোৰৰ মোৰ নিচিনাই দশা হয়নে বাৰু ?

      সাত তাৰিখে পুৱাই গা-পা ধুই আঠটামান বজাত বদৰপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলো | অসমৰ পাহাৰীয়া ঠাই কেইখনৰ মাজেৰে যাবলৈ পায় মাক- পুতেকেৰ আনন্দ‍ত ঠাইয়েই নোহোৱা হ’ল | পিছে মিটাৰগজ ৰেলত বহিয়েই মোৰ মুৰটো ঘোলা হৈছিল চৰকাৰৰ ওপৰত |পিছে মুখ মেলোতেই….
“হ’ব, আপোনাৰ চৰকাৰ বিদ্বেষী ৰামায়নখন ইয়াত মেলিব নালাগে | বাহিৰৰ ফালে চাওকচোন কিমান ধুনীয়া?” শ্ৰীমতীয়ে নিজৰ ওঁঠত আঙুলি দি ক’লে | মাকৰ কথা শুনিয়েই পোনাকনে কিৰিলিয়াই উঠা যেন লাগিল | মাকক চাপৰ্ট নকৰিব কিয় ? মাক চাইহে পুতেক |হোঃ | মাতিব ভালকৈ নোৱাৰাৰ পৰাই মাকক চাপৰ্ট | ডাঙৰ হ’ বোপাই সোনকালে | চাই ল’ম | পোন্দোৱাকৈ চাৱনি এটা মাৰি দিলো তাক | শ্ৰীমতীলৈ দিব নোৱাৰি | পুতেককে দিলো | উৰহৰ খং ভগা ঢাৰিত |
 
    উগ্ৰপন্থী সমস্যা জৰ্জৰিত পাহাৰীয়া জিলাকেইখন ভয়ে ভয়ে পাৰ হৈ কোনোমতে ম‍ই লামডিং ওলালোহি |মোৰ হে ভয় লাগিছিল | মাজ্তে ভীৰৰ কাৰণে উঠি যাওঁতে মানুহে খুণ্দিয়াই দুৱাৰমুখৰ হেন্দেলত ধৰি ওলমি যোৱা অৱস্থা কৰি দিলে | মাজে মাজে ঠিয় হৈ যাওঁতে শ্ৰীমতীক আৰু পোনাকনক গাৰ্ড কৰিব লগা হৈছে |শ্ৰীমতী আৰু পোনাকনে আৰামচেই আহিল | নামিয়েই কুলিৰ পাৰ্টটো লৈ ল’লো | শ্ৰীমতীৰ মাকৰ ঘৰলৈ বুলি বন্ধা প্ৰকাণ্ড টোপোলাটো এহাতত আৰু চুটকেছটো এহাতত |সঁচাকৈয়ে মোৰ নিজকে কিবা আঠমঙলা খাবলৈ যোৱাৰ দৰেই লাগিল | প্ৰথম উলাইছো শহুৰৰ ঘৰলৈ |

      কোনোমতে গুৱাহাটী অভিমুখী ট্ৰেইনখনত উঠি ঘোট ঘোটকৈ পানীৰ বটল এটা দাহন কৰিলো | কিয়নো বিয়া পাতিছিলো ঐ প্ৰভু ইশ্বৰ | এতিয়া বেচেলৰ থকা হ’লে কিজানি লগৰ কেইটাৰ লগত কোৱাৰ্টাৰত বাপতি সাহোনটোৰ টাঘূলী পিঠা কৰিলোহেঁতেন | হায় হায় মোৰ কি কপাল | ভূতৰ ওপৰত দানহ পৰাদি বুৰ্বকৰ দৰে সিদ্ধান্ত ল’লো ৰেইল যাত্ৰাৰ | এতিয়া কুলিৰপৰা আৰম্ভ কৰি কনডাক্টৰ, বডীগাৰ্ড, ৰেলৰ হেন্দিমেন সকলোবোৰৰ পাৰ্ট এই বৰাকভেলীৰ ৰেল যাত্ৰাত সমাপন কৰি লামডিংৰ পৰা গুৱাহাটীলৈ যোৱা ৰেলখনতহে উশাস লব’লৈ সময় পালো || শ্ৰীমতীয়ে মোৰ কান্ধতে মুৰ পেলালে |মানে চিলমিল টোপনিৰ আৱেশ | সময়ৰ অভাৱৰ বাবে দ্বিতীয় শ্ৰেণীত আহিবলগীয়া হ’ল | আমাৰ চিটৰ কাষতে আগৰে পৰা আহি আছে এজন ভদ্ৰলোক | বয়সত দুই একবছৰ ডাঙৰ হ’লেও সৰু মুঠেই নহয়  | তেখেতেই মোৰ লগত আগতীয়াকৈ চিনাকি হ’ল |পোনাকনক কোঁচত লৈয়েই চিনাকি হ’লো …
“আপোনালোক গুৱাহাটী যাব?”
কথাকোৱাৰ সুৰতেই গম পালো মানুহজন নামনিৰ | খপজপ টাইপৰ যেন অনুমান কৰি পেলালো মানুহজনক |
“হয়, গুৱাহাটীলৈকে যাম | আপোনাৰ পৰিচয়?”
“মোৰ নাম হীতেন শৰ্ম্মা”

 

   লাহে লাহে দুটি এটি কথাৰে পাতনি মেলি নি অচিনাকী শৰ্ম্মা কাইটীৰ লগত  সাম্প্ৰতিক ঘটনাৱলীলৈকে পালোগৈ | মাজতে ভদ্ৰলোকে নিজৰ কাম কাজৰো বিৱৰণ দিলে | শ্ৰীমতীকো চিনাকি কৰি দিলো | ৰেল মৰিগাঁও পাৰ হ’বৰ হ’ল | চাহ একাপ একাপ খাই ল’লো |গৄহমন্ত্ৰী শৰ্ম্মা কাইটীৰ লগত প্ৰায় “ফ্ৰী” হৈ গ’ল | শ্ৰীমতীয়ে ভদ্ৰলোককো নিজৰ অনলাইন বীমাৰ পৰা হাত সাৰি যাব নিদিলে | শ্ৰীমতীৰ আলাপ আৰম্ভ হ’ল শৰ্মা ডাঙৰীয়াৰ স’তে অনলাইন বীমাৰ ওপৰত | আলাপ মানে গুনানুকীৰ্তন |
“শৰ্মাদা ( আঐ ঐ অচিনাকি মানুহ এটাক অলপ আগতে লগ পাইয়েই শৰ্মাদা হৈ গ’ল), কওকচোন অনলাইন বীমাৰ ওপৰত আপোনাৰ কি মত?” একেবাৰে “নিউজ লাইভ”ত  সোধাৰ দৰে পোনপটীয়া বুৰ্বক প্ৰশ্ন | মনতে ভাবিলো বোলো শৰ্ম্মাদা আজি ক্লিন বল্ড হ’ল | পিছে তেৰাও কম নহয় | বিজ্ঞজনৰ দৰে উত্তৰ দিলে |
“গম পাইছো আজিকালি | কিবা বোলে ইন্টাৰনেটতো টকা প‍ইচা ৰাখিব পাৰি | ভাল ভাল | জীৱন বীমা কৰাটো ভাল |পিছে বিশ্বাসী ঠাইতহে বীমা কৰাব লাগে |”
শ্ৰীমতীৰ মুখখন উজ্জ্বল হৈ পৰিল | মোলৈ চাই একেবাৰে সেই হাঁহিটো মাৰিলে |অন্তৰ্নিহিত ভাৱটো বুজিলো | অৰ্থাত্‍ বুজিলা শ্ৰীমান তুমিহে নাজানা অনলাইন বীমা কি বস্তু | বাকী সকলোৱে জানে | ম‍ই লাহেকৈ পেপাৰৰ মাজত মুখ লুকুৱালো |
       শ্ৰীমতী আৰু শৰ্ম্মা কাইটীৰ অনলাইন বীমাৰ গুৰুত্বপূৰ্ণ আলোচনাৰ মাজতে গুৱাহাটী পালোহি | শৰ্ম্মা দেউৱে নামনিলৈ নিমন্ত্ৰণ এটা দি ভিৰৰ মাজত হেৰাই গ’ল | ম‍ইও শ্ৰীমতীৰ নিৰ্দেশ মতে ডাক্তৰী ভাৱ এৰি কুলিৰ পাৰ্টতো তত্‍ক্ষনাত লৈ ল’লো | দুইটা বেগ কান্ধত লোৱাৰ লগে লগে কানৰ কাষত কুলি নং ১ চিনেমা খনৰ “মে ত’ কুলি নাম্বাৰ ৱান” গানটো বাজি উঠিল | যেনেতেনে কেকোঁজেকোকৈ ভনীয়েকৰ ঘৰ পালোগৈ | শ্ৰীমতীয়ে চাহ কাপ খায়েই মোৰ এ টি এম দুইটা লৈ ভনীয়েকক লৈ উলাই গ’ল |বুজিলো | আজি মোৰ এৰিয়াৰৰ টকাৰ তিলানী, দহা আৰু শ্ৰাদ্ধ একেদিনাই হ’ব | বেছিকে ভাবিলে মোৰ ঘূৰাব বুলি শ্ৰীমতীৰ ওপৰত সকলো এৰি দি বিচনাতে চকুহাল মুদি গাটো এৰি দিলো | ৰাতিলৈ ৯মান বজাত  শ্ৰীমতী ভনীয়েক সহিতে উজ্জ্বল মুখেৰে উলালহি | এ টি এম মোৰ হাতলৈ হস্তান্তৰ কৰি ক’লে ” বেছি খৰচ কৰা নাই | মাত্ৰ মাহঁতলৈ দিবলগীয়া প্ৰয়োজনীয় বস্তু কেইটামান লৈছো | আদিত্যৰ ওচৰত ইঞ্চিওৰেঞ্চতেই ৪০,০০০ গ’ল |কাগজবোৰ চাই ল’ব বেগতে আছে “|মোলৈ এ টি এম কেইটা আগবঢ়াই হাতবেগতোলৈ আঙুলিয়ালে শ্ৰীমতীয়ে | কাষতে থকা ভন্টীৰ মুখটিপা হাঁহিতেই বুজিলো মোৰ একাউন্ট কিমান দ’ লৈকে খান্দিলে শ্ৰীমতীয়ে | হমমম | এয়াই বিবাহিত জীৱন | বিবাহিত জীৱনক  একপ্ৰকাৰ নৰকৰ মৰ্ত্য “ভাৰ্চন” বুলিয়েই ক’ব পাৰি…………. নহয় নহয়…..দাবীয়েই কৰিব পাৰি |
        এদিন থাকি উলালো শ্ৰীমতীৰ ঘৰলৈ |দ্ৰাইভাৰ নিজে | ভনী জোঁৱাইৰ গাড়ী |ট্ৰেইনত আহোঁতে কুলি, ঘৰত থাকিলে ৰামু কাকা আৰু  এতিয়া আকৌ দ্ৰাইভাৰ |মুঠতে কেতিয়াবা শ্ৰীমতীৰ পি.এ নিচিনা ভাৱ হয় নিজকে | লক্ষ্য যোৰহাট | প্ৰথম পদাৰ্পন কৰিম শহুৰ গৄহত | দুদিন থাকি ঘৰত | মনটো অলপ উত্তেজিত আছিল যদিও শান্ত কৰি ল’লো | যাত্ৰাৰ মাজতে পোনাকণে দুবাৰমান ওৱাক ওৱাক কৰি অলপ নৄত্য নাটীকা প্ৰদৰ্শন কৰিলে | তাৰ বেমাৰ হোৱা যেন পালেই ভয় খাওঁ | শ্ৰীমতীয়ে নিজৰ ফালে  খুলি নিয়া গাড়ীৰ গ্লাচখন মুৰ ঘোপা চাৱণিত ততাতৈয়াকৈ মাৰিবলৈ বাধ্য হ’ল | পোনাকনক লগত নিলে ঔষধৰ টোপোলাতো লগতে লৈ ফুৰোঁ বুলিহে বাছিলো | পিছে মোৰ ঘোপা চাৱণিৰ ফলত শ্ৰীমতীৰ চকুত বাৰিষা নামিছিলেই | জখলাবন্ধাত ৰখাই শ্ৰীমতীক খুৱাই ল’লো | লগতে  মিঠাপট্টি পাণ এটা দি ঠেঁহটোও ভাঙি ল’লো | ক’তো নাৰাখি চিধাই শ্ৰীমতীৰ মাকৰ ঘৰত | শ্ৰীমতীক আগবাঢ়িবলৈ দি পদূলিমুখৰ পৰা পোনাকনক ম‍ইয়েই ডাঙি ল’লো | শ্ৰীমতীয়ে মাক দেউতাকক সাৱটি ধৰিয়েই লাহেকৈ ভিতৰলৈ সোমাই গ’ল | ম‍ইও শহুৰ দেউতাৰ লগত ভিতৰলৈ সোমাই গৈয়েই দেখিলো শ্ৰীমতীয়ে থৰ লাগি দ্ৰয়িং ৰুমৰ টিভিটো  চাই আছে | টিভিত  হেডলাইনৰ সৈতে শ্ৰীমতীয়ে বীমা কৰা কোম্পানীটোৰ বাতৰি পঢ়ি আছে “ৰাতিৰ ভিতৰতে উধাও বীমাকোম্পানী…..কোটি টকাৰ ঠগন দিলে গ্ৰাহকক….এজেন্টৰ পলায়ন….” |বাতৰি দেখিয়েই গৄহমন্ত্ৰীৰ মুখলৈ চাই পঠিয়ালো |ইতিমধ্যেই শ্ৰীমতীৰ চকু আৰু নাকৰ গংগা , যমুনা আৰু সৰস্বতী সমন্বিতে নাকৰ বান্ধ ভাঙি দুগাল উপচাই বংগোপসাগৰলৈ ঢাপলি মেলিবলৈ আৰম্ভ কৰিছিল | 😦 |

  • ঘৰ সংসাৰ ১৮

   “বেজৰ নাকত খৰ”|এই কথাষাৰী প্ৰায়েই আওঁৰাই থাকে আমাৰ গৄহমন্ত্ৰীয়ে|যেতিয়াই ম‍ই অসুখত ভোগো তেতিয়াই|অসুখ মানেনো কি? সাধাৰণ পানীলগা জ্বৰ,কাঁহ, ইত্যাদি ইত্যাদি|প্ৰায়েই অবজ্ঞাই কৰোঁ|পিছে এইবাৰ ফকৰা যোজনাটি বাৰুকৈয়েই খাটিলে মোৰ লগত|”বেজৰ নাকত খৰ”|প্ৰথমে গুৰুত্ব‍ই দিয়া নাছিলো কথাটোত|সেইদিনা ৰাতিপুৱা শুই উঠাৰ সময়ত শ্ৰীমতীয়েহে ক’লে “হেৰি আপোনাৰ দেখোন চকুকেইটা কিবা হালধীয়া হালধীয়া লাগিছে যে?”|ভেকাহি মাৰি উঠিলো “থোৱাহে তোমাৰ কথা|আপদ মাতিছা কিয়?যোৱা আদা দি লাল চাহ অকনমান দিয়া”|মনে মনে অলপ ভয়ো খালো|হালধীয়া?সিবিধে পোৱা নাইতো?মানে “জণ্ডিছ”|নিজে নিজেই অলপ উচপখোৱাৰ দৰে হ’ল কথাটো|লৰালৰিকৈ আইনাখনৰ ওচৰলৈ দৌৰ লগালো|চালো|অলপ হালধীয়া নিচিনা ভাৱ এটা নহা নহয় দেখোন|বাপ্পেকে এইবাৰহে এইবাৰ|শ্ৰীমতীৰ আগত ধৰা দিব নোৱাৰি|ভালেটিহে মোৰ গাটো দুই এদিনমানৰ পৰা অলপ দুৰ্বল দুৰ্বল লাগি আছিল|শ্ৰীমতীৰ আগত দুৰ্বল হৈ দেখোৱাব নোৱাৰি|ততাতৈয়াকৈ গা পা ধুই উলাই আহিলো হস্পিতাললৈ বুলি|শ্ৰীমতীক ক’লো “হস্পিতাললৈ ঔষধ আহিছে|নতুন চৰকাৰী চাপ্লাই|সোনকালে যাব লাগিব|”|ঔষধ চাপ্লাই দিলে কি হ’ব চৰকাৰে? ঔষধৰ চোক কম পিছে|বেচৰকাৰী কম্পেনীৰ ঔষধ আৰু চৰকাৰী ঔষধৰ মাজত আকাশ পাতাল পাৰ্থক্য|” পিছে হস্পিতাললৈ সোনকালে যোৱাৰ আছল উদ্দেশ্য ক’ৰবাতহে|লেবৰেটৰী টেকনিছিয়ানজনক মাতি আনি ক’লো “মোৰ বিলিৰুবিনৰ(জণ্ডিছ ধৰা পেলাবৰ বাবে তেজত পৰীক্ষা কৰা বস্ত এবিধ) লেভেলেটো চাই দিয়াহে”|তেজ দিলো|আবেলিলৈ ৰিপৰ্ট আহিল|যিটো নহওক বুলি ভাবিছিলো সেইটোৱেই হ’ল|তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়িল|ভয়টো দুগুনে সোমাল|কাৰণ শ্ৰীমতীক অনাৰ আগতে যিটো হাৰত ঘুটং পানী খালো|যদি  সোমৰসজনিত যকৄত ফুলা ৰোগ(এলকহলিক হেপাটাইটিজ) হয় তেন্তে…|জিভাখন শুকাই যোৱা যেন পালো|লৰালৰিকৈ বাকী প্ৰয়োজনীয় পৰীক্ষাসমূহ কৰাই পেলালো|অতিশাব্দিক নিৰীক্ষন(ছ’নগ্ৰাফী),ভাইৰাছৰ সূচকসমূহ(ভাইৰেল মাৰ্কাৰছ),তেজ আৰু মূত্ৰৰ নিয়ম মাফিক পৰীক্ষাসমূহ(ৰুটিন একজামিনেছন ওৱ ব্লাড এণ্ড ইউৰিণ)|মুঠতে সকলোবোৰ কৰালো|ভাগ্য ভাল পৰীক্ষাসমূহৰ পৰা এটা কথা পৰিষ্কাৰ হ’ল যে যকৃত ডাঙৰ হৈছে হয়|কিন্তু সোমৰসজনিত জণ্ডিছবিধ নহয়|ভাইৰাছ জনিতহে|২১ দিন মান লাগিব ভাল হওঁতে|পিছে গৄহমন্ত্ৰীক কেনেকৈ কাবু কৰা যায়?|তেৰাইটো এইবোৰ পৰীক্ষা নিৰীক্ষাৰ ডাক্টৰী ৰিপৰ্ট নামানে|চিধাই এটা প‍ইণ্টতেই যাব|মুতনীসোপা খোৱাৰ কাৰণেই এনেকোৱা হ’ল|ছেঃ,কি কৰা যায়?

    ভয়ে ভয়ে ঘৰলৈ আহিলো|শ্ৰীমতী পোনাকনক খুৱাই দিয়াত ব্যস্ত|সিও ভালেমানটি হৈছে|১০ মাহত ভৰি দিছে|কলকলাবলৈ আৰম্ভ কৰিছেই|বুদ্ধি এটা পাইছো|শ্ৰীমতীৰ লগত মুখামুখি নোহোৱাকৈ চলাই দিয়াই ভাল|ইফালে এইবিধ ৰোগ আকৌ খোৱাপানীৰ যোগেদি সংক্ৰমিত হয়|পোনাকনৰ কাৰণেও চিন্তাই লাগিল|টিকি আৰু পোনকনৰ কথা চিন্তা কৰিয়েই কাপোৰ কানিৰ আলনাডাল আঁতৰাই ৰাখিলো|শ্ৰীমতীৰ ফাললৈ নোচোৱাকৈ ঔষধৰ বাকছটো আগবঢ়াই দিলো|নিজৰ শুৱা কোঠাত নি থ’লে শ্ৰীমতীয়ে|পোনাকনক খোৱাই শ্ৰীমতীয়ে মোক ভাত দিলে|ভাত খাওঁতেও সমস্যা হ’ব|মাচ,মাংস,তেল,মচলা খালে হৈছে আৰু|নাকটো মোহাৰি বুদ্ধি এটা সাজি পেলালো|শ্ৰীমতীক ক’লো “টিকি আমি কিছুদিম তেল নমৰাকৈ খাওঁ দিয়াহে|মাছ মাংসও নাখাওঁ|কেৱল ফলমুল আৰু ব‍ইল শাক পাচলি|তোমাৰ চৰ্বিও নাবাঢ়ে|ডায়েট কৰাও হ’ব|” শ্ৰীমতীয়ে মোলৈ ঘোপাকৈ চালে|চাৱনিটোতে ধৰি পেলালো শাক পাচলি ব‍ইল খাই ভাল পোৱা গৄহমন্ত্ৰীৰ মনৰ কথাষাৰ “কোনোদিন ব‍ইল নোখোৱা, মাংস নহ’লে ভাত নোখোৱা বেটাৰ মুখত আজি কি শুনিছো”|শ্ৰীমতীয়ে সেইষাৰ নকৈ ফকৰা যোজনা এটা আৰম্ভ কৰিবলৈ লওঁতেই “ভূতৰ মুখত ৰা….” ম‍ই ব্ৰহ্মাস্ত্ৰপাট এৰি দিলো “কেলৈ তুমি জানো ডা০ মাহাতিৰ মিছেছক দেখাই নাই? কেনেকৈ ফটকৰে ১০ কেজি কমাই শ্লীম হৈ গ’ল|তুমি বেয়া পোৱা যদি নালাগে খাব ব‍ইল|এনেও তোমাৰ ওজন ঠিকেই আছে| ৬৮ কেজিহে|অলপ ককাঁলৰ ওপৰত যেনিবা চৰ্বি হৈছে|বিয়া পতা মানুহৰ থাকেই|আৰু মিছেছ মাহাতিৰ ওজনো কম নহয়, ৫৩| তোমাৰ ওৱেইটৰ প্ৰায় সমানেই|খালী দেখাত অলপ শ্লীম যেনিবা”|শ্লীম শব্দটোত অলপ বেছি জোৰ দিলো|ব্ৰ্হ্মাস্ত্ৰপাট এৰি তলকা মাৰি ৰ’লো|চাওঁ সেই পালিয়ে কামত দিয়েনে নিদিয়ে|শ্ৰীমতীয়ে আকৌ সেই কেঁচাই খাইতী গোঁসানী টাইপত চাৱনী এটা মাৰিলে|অন্তৰ্নিহিত ভাৱটো ধৰিব পাৰিলোৱেই “তুমি মিছেছ মাহতিৰ ওজন কেনেকৈ জানিলা?|ম‍ইও শ্ৰীমতীয়ে প্ৰশ্ন কৰাৰ আগতেই উত্তৰ দিলো “হস্পিতালৰ মোৰ ৰোগী চোৱা ৰুমত ওজন জোখাবলৈ আহিছিল|কোনেও নকয় দেই এহাল ল’ৰা ছোৱালীৰ মাক বুলি|তোমাকটো আৰু নকয়|ল’ৰা ছোৱালী একো নাই বুলিয়েই ক’ব”|আকৌ এবাৰ শেষৰ ফালে খোঁচ এটা দিলো|এইবাৰ গৄহমন্ত্ৰী ধৰাষায়ী হ’ল|চিঙৰি উঠিল “হ’ব হ’ব|ইমান মিছেছ মাহাতিৰ কথা জহাব নালাগে|চাই থাকা এই এমাহৰ ভিতৰত ওজন কমাই আছো”|নিজৰ উদ্দেশ্য সিদ্ধি হোৱাত চয়তানি মনটোৱে কিৰিলিয়াই উঠিল|

   ৰাতিলৈ ভাত-পানী খাই পোনাকনক শুৱাই শ্ৰীমতীয়ে লেপটপ মেলিলে|মাজে মাজে আজিকালি টিকিয়ে অনলাইন আলোচনীবোৰ চায়|বেকাঁকৈ চাই দেখো সাহিত্য.অৰ্গ মেলি আছে|শ্ৰীমতীয়ে চিঞৰিয়েই উঠিল প্ৰায় “তোমাৰ কবিতা এটা ওলাইছে সাহিত্য.অৰ্গত”|ম‍ই ক’লো “আবৄত্তি কৰাচোন তুমি|আগতে দেখোন খুব ভাল আবৄত্তি কৰিছিলা|” শ্ৰীমতীয়ে আবৄত্তি কৰিবলৈ আৰম্ভ কৰিলে-
                          
তোমাক ভাল পাওঁ বাবেই
কঢ়িয়াই ফুৰিছোঁ
এটা এলকহলিক এনলাৰ্জড লিভাৰ,
তোমাৰ স্মৄতি মচাৰ চেষ্টাত খোৱা
প্ৰতি টোপাল ফটিকাৰ পৰিনাম
এটা এলকহ’লিক এনলাৰ্জড লিভাৰ|

    “ৰ’বা ৰ’বা”|আবৄত্তিৰ সোঁমাজ লাগোতেই ৰখাই দিলো টিকিক|আৰম্ভ কৰোঁতেই পেটতে হাত ভৰি লুকাওঁ নিচিনা হৈছিলেই|”এটা এলকহলিক এনলাৰ্জড লিভাৰ” বাক্যটো শুনিয়েই সৰুপানী বিচনাতে উলাই যোৱা যেন লাগিল|হে হৰি ৰক্ষা কৰা|শ্ৰীমতীয়ে যদি কেনেবাকৈ অলপো গম পায় তেন্তে মোৰ কি অৱস্থা হ’ব সেইটো ম‍ই আৰু বেলনা মাৰি কেইডালেহে জানো|শ্ৰীমতীয়ে ইফালে গুনগুনাই আবৄত্তি কৰি আছে “প্ৰটি টোপাল ফটি……”|”নিজৰ সৄষ্টিক নিজেই ভয় কৰোঁ ম‍ই” বুলি কোনোবা মহাপুৰুষ টাইপৰ লিখক এজনে কোৱা মনত আছিল মোৰ|বিশ্বাস কৰা নাছিলো|আজি নিজৰ ক্ষেত্ৰত পাইহে বুজিছো|কি দুখত চাগৈ সেইজনাই এই বাক্যশাৰী কৈছিল|দেহি ঐ|শ্ৰীমতীয়ে কৈ উঠিল “মোৰ কাৰণে লিখিছা ন’?ম‍ই যে এবাৰ চিনেমা চাব নাযাওঁ বুলি কৈছিলো তোমাক যোৰহাটত থাকোঁতে|তুমি যে ৰাতিলৈ গেলাসোপা খাই মোক কৈছিলা, মদ খাই লিভাৰ শেষ কৰি দিম বুলি|সেইটো ঘটনাৰ ওপৰত লিখিছা ন’?খুব ভাল লাগিছে”|ম‍ইও মিচিকিয়াই হয়বোধকভাৱে মুৰটো দুপিয়াই দি মনে মনে ভাবিলো|মানুহে কয়, ওলোটা বুজিলি ৰাম হ’ল|মোৰ ক্ষেত্ৰত আকৌ ওলোটা বুজিলি ভাল হ’ল|পিছে কিমান দিননো হালধীয়া হোৱা চকু আৰু শৰীৰ গৄহমন্ত্ৰ্ৰীৰ পৰা বচাই ৰাখিম|ভয় দুগুণে বাঢ়িল|

   চাৰিদিনমান ঠিকেই গ’ল|গাত জ্বৰ আৰু দুৰ্বলতা|বহুত কষ্ট কৰি শ্ৰীমতীৰ পৰা বাচি আছো|গম পোৱা নাই এতিয়ালৈকে|ঔষধ খাইছো বাথৰুমত|পোনাকনৰ পৰাও আঁতৰি আছো|পিছে পয়মালটো লাগিল পোনাকনক লৈ|ম‍ই সাজি কাচি উলাইছো পুৱাই হস্পিতাললৈ বুলি|এনেতে শ্ৰীমতীয়ে পোনাকনক কোঁচত দি ক’লে “দুইমিনিট লোৱাচোন|ম‍ই ফতকৰে বাথৰুমৰ পৰা আহোঁ|”শ্ৰীমতীও কৰ’বাত যাব চাগৈ ওচৰে পাঁজৰে|এইখিনি সময়তে পোনাকনে দিলে বেয়া কামটো কৰি|হাতখন অলপ ভিজা ভিজা হওঁতেহে গম পালো|শ্ৰীমতীয়ে আহিয়েই পোনাকনক ডবিয়াই উঠিল “জেমছ, বৰ দুষ্ট হৈছা তুমি|দেউতাৰ গাতে চু কৰি দিলা”|পোনাকনক চোফাত বহুৱাই মোৰ চাৰ্টৰ বুটাম খুলি খুলি ক’লে “আৰে, আপোনাৰ গাতো গৰম দেখোন|চকু দুটা হালধীয়া দেখোন|চাওঁ”|ম‍ই চকু মিলাব বিছৰা নাই|এইবাৰ শ্ৰীমতী তত্‍পৰ হৈ উঠিল|চোলাটো খোলাৰ পাচত গোটেই গাতো অলপ হালধীয়া হালধীয়া দেখি চিত্‍কাৰ কৰি উঠিল “অহ হ’ এতিয়াহে বুজিছো|ব‍ইল খোৱাৰ ৰহস্য|মোৰ লগত ৰাতি একেলগে নোহোৱাৰ ৰহস্য|ৰাতি খোৱাৰ পাছত বাথৰুমলৈ সদায় পানী বটল কিয় নিয়ে? হে ভগৱান সেই মুতনীসোপা খাই খাই তোমাৰ এয়া হ’ল|হ’ব‍ই|আৰু হ’ব|হওক|তুমি মৰিলে মোৰ কি যায়? জেমছৰ কি যায়?”|হুক হুকাই কান্দি উঠিল টিকি|মোৰ চকুও সেমেকি গ’ল|ভাবিছিলো বেলনা মাৰি পাম|পিছে পালো চকুপানীহে|পাছৰ ঘটনা ৰাইজৰ সহজেই অনুমেয়|ফ’ন গ’ল ঘৰলৈ|মা আহিল|শ্ৰীমতীৰ ঘৰৰ পৰা চিৰাচৰিতভাৱে অসমীয়া দৰৱ আহিল|কেঁহা, তিতা জ্বলা ঔষধসোপা খাব লগা হ’ল|লগতে মোৰ এল’পেথিক চিকিত্‍সাও চলিল|সম্পূৰ্ন্ন এমাহৰ মুৰত ভাল পাই উঠিলো|তাৰ মাজতে শ্ৰীমতীৰ ককৰ্থনা, ভত্‍সনা|কথাই কথাই কাণ ঘোলা কৰা গালি “মদাহী ক’ৰবাৰ|সেই গেলাসোপা খায়েই এই অৱস্থা|লগৰ কেইটাও কম নহয় নহয়|এটা আছে ধ্ৰুৱ নে চুব? গাহৰিৰ দৰে চেহেৰা|নিজেতো বিয়া বাৰু কৰোৱা নাইয়েই|মাজে মাজে শুনো নহয় ফ’নত কথা পতা|গেলাসোপা খাব নোৱাৰিব বুলিয়েই হেনো বিয়া পতা নাই|হোঃ|আহক এইবাৰ|আৰু এটা আছে পঙ্কজ নে তঙ্কজ? ৰাতিখন কিবা কিবি পাৰ্টি চাৰ্টি বুলি চিঞৰি থাকে লেপটপত অনলাইন |ম‍ই যেনিবা বুজিহে নাপাওঁ|হোঃ|কাম নাই সেইমখাৰ|এবাৰটো কিবা সম্পাদক পাতিলে কিহবাৰ(ইফালে সাহিত্য.অৰ্গৰ শ্ৰীমতী নিয়মীয়া পাঠক)|আহক এইবাৰ মোৰ ঘৰলৈ চাই ল’ম ম‍ই”|সময় সুবিধা পালেই উৰহৰ খঙ ভগা ঢাৰিত জাৰিয়েই থাকে শ্ৰীমতীয়ে|ম‍ইও নৰীয়া গাৰে শুনি আছো|মাত মাতিব নোৱাৰো|ম‍ই এতিয়া ভিজা মেকুৰী|ইফালে নৰীয়া গাতে মোৰ গালত মাৰ পূৰ্নহতীয়া দুইচৰ|সিফালে ককাইদেউৰ গালি|ভাগ্য যেনিবা সি কথাটো বুজাই কোৱাত বুজিলে যে এইটো মদৰ কাৰণে হোৱা নাই|ভাইৰাচৰ কাৰণেহে হৈছে|পিছে আমাৰ আইমাতৄ আৰু গৄহমন্ত্ৰীক বুজাই কোনে?বাৰু যিকি নহওক ভাল হৈ উঠিলো লাহে লাহে|ভালকৈ টনকিয়াল হ’বলৈ ডেৰ মাহ মানেই লাগিল|

   দুমাহমানৰ মুৰত উলালো গাড়ীখন লৈ ওচৰৰে প্ৰফেছৰ পেগুদাৰ ঘৰলৈ|শ্ৰীমতী লগত|এৰি নিদিয়ে আজি কালি|পোনাকনক মাক গটালোঁ|পেগুদা আৰু বৌয়ে আলহ উলহকৈ আমাক ভিতৰলৈ মাতি নিলে|বহুত দিনৰ মুৰত পাই আমাক নেৰাই হ’ল পেগুদাই|শ্ৰীমতীক বৌয়ে নি ভিতৰ সোমোৱালেগৈ|ভিতৰলৈ যোৱাৰ আগতে পেগুদাৰ চিগাৰেটৰ ছাই পেলোৱা ছাইদানীটোলৈ এবাৰ আৰু এবাৰ মোলৈ কেঁয়াকৈ চাবলৈ নাপাহৰিলে|অঘোষিত বক্তব্যটো বুজি পালো “চিগাৰেট একসোপাও যদি খোৱা তেন্তে ঘৰলৈ গৈ বেলনা মাৰিডাল তোমাৰ মুৰতে ভাঙিম”|লগালগ মোৰ সাহিত্য.অৰ্গৰ সম্পাদক হওঁতে ৰাতি এদিন ২ টালৈকে কাম কৰি থাকোঁতে মোৰ গালৈ গৄহমন্ত্ৰীয়ে প্লাষ্টিকৰ চকীখন মাৰি দিয়া ঘটনাটোলৈ মনত পৰিল|এইবাৰ যে আকৌ মোৰ মুৰত বেলনা মাৰি নেমাৰিব তাৰ কোনো মানে নাই|অৱশ্যে ম‍ই চিগাৰেট বাদ দিছোঁ|

   কথাই কথাই পেগুদাৰ লগত “আলে-আই-লেগাঙ”ৰ কথা উলাল|পাতিব হেনো বদৰপুৰত|ম‍ই হেনো স্পেচিয়েল ইনভাইটী|সুধিলো “কিয়?”|”আৰে শ‍ইকীয়া বাবু|ঐনিতমৰ সুৰ কোনে দিব বাঁহীত আপুনি নাথাকিলে?ঢোল কোনে বজাব?আপুনি নহ’লে মজাই শেষ|শ্ৰীমতীয়ে পাকঘৰৰ পৰা সাউতকৈ উলাই আহি মাত দিলে “হেৰি নহয় ককাইদেউ, তেখেতৰ গা মুৰ বৰ ভাল নহয়|নোৱাৰিব নেকি?”|কৈয়েই মোৰ ফালে চালে শ্ৰীমতীয়ে ঘোপাকৈ|মানে “নোকোৱা কিয় নোৱাৰো বুলি?”|কথাষাৰ ধৰিব পাৰি খপজপাই কৈ উঠিলো “হয় পেগুদা|তাই ঠিকেই কৈছে|গা ভাল নহ্য়|নোৱাৰিম”|পেগুদা জকজকাই উঠিল|ইমান দিনৰ পৰা তোমাৰ কাৰণেই বৌয়েৰাই আপং তৈয়াৰ কৰি ৰাখিছে|এতিয়া বেমাৰ বুলি না কৰিলে হ’বনে? নহ’ব|ন’ অবজেকছন|”শ্ৰীমতীয়ে ক’লে “হেৰা নোকোৱা কিয়?কি বেমাৰ হৈছিল তোমাৰ|কোৱা আকৌ কি খায় কি বেমাৰ হৈছিল তোমাৰ|লাজ লাগিছে নেকি এতিয়া|ককাইদেউ ম‍ই কৈছো শুনক|এইজনাই সেই গেলাসোপা খাই খাই জণ্ডীছ কৰিলে|সেয়েহে মানা কৰিছো আলি আই লিগাং খাবলৈ|নহ’লে ম‍ইও গ’লো হয়|” পেগুদাই মুখনি মাৰি ক’লে শ্ৰীমতীক উদ্দেশ্যি “দুইজন আহিবা|শ‍ইকীয়াৰ বাঁহী নহ’লে নচলিব|আপং খাব নালাগে বাৰু|” শ্ৰীমতীয়ে থেৰোগেৰোঁকৈ সন্মতি দিলে|খোৱা বোৱা কৰি আহিলো ঘৰলৈ|শ্ৰীমতীয়ে পিছে মাক লগাবলৈ নেৰিলে “জানে মা, এওঁ পেগুদাৰ ঘৰত আপং খা….”|কান বন্ধ কৰি টোপনি যোৱাত গুৰুত্ব দিলো|

   আলি আই লিগাঙৰ নিদিষ্ট দিনটো আহিল|তাৰ আগৰ দিনা মা গ’ল ঘৰলৈ|সাজি কাঁচি ওলালো দুয়ো|শ্ৰীমতীৰ গাত মিছিংৰ পৰম্পৰাগত সাজ|অপূৰ্ব লাগিছে আজি টিকিক|যেন স্বৰ্গৰ অপেশ্বৰীহে|জাতিত মিছিং মিছেছ মাহাতিও ওলাল আমাৰ লগতে|হাজবেণ্ড নাযায়|ডিউটি আছে|গাড়ীত বহাৰ অলপ পাছতে ম‍ই নিজৰ চুলিখিনি চোৱাৰ কাৰণে গাড়ীৰ বেক ভিউ গ্লাছখন অলপ লৰাই চৰাই দিলো|লগতে পাছৰ চিটত বহা মিছেছ মাহাতিক চাবলৈ নেপাহৰিলো|পিছে হঠাত্‍ মৰা শ্ৰীমতীৰ গল খেকাৰিটোৱে যেন কৈ দিলে “আগলৈ চোৱা বোপা|কিনাৰত ম‍ই তোমাৰ গৄহমন্ত্ৰী বহি আছো|” বদৰপুৰৰ ব্ৰীজৰ কাষতে আয়োজন কৰা লিগাঙৰ ঠাই পালোগৈ পাঁচ মিনিটতে|আমাৰ আগতেই অতিথিসকলে স্থান অধিকাৰ কৰিলেই|অতিথিৰ ভিতৰত আছিল কৰিমগঞ্জ,হাইলাকান্দি আৰু কাছাৰৰ ডি.এছ.পি|সন্মুখত আপং|মনে মনে ভাবিলো “হে হৰি এই বেমাৰটিনো কিয় দিলা?” পিছে বেমাৰ নহ’লেও শ্ৰীমতী থকা অৱস্থাত খাব নোৱাৰি|পাৰ্টি আৰম্ভ হ’ল|শ্ৰীমতীৰ শেন চকু চলি থাকিল মোৰ ওপৰত|লগতে কাম কৰা ছোৱালীজনীলৈ ফ’ন কৰি পোনাকনৰো খবৰ লৈ থাকিল|নাচ গান চলিল|শ্ৰীমতীয়েও এপাক নাচিলে মোৰ বাঁহীৰ সুৰত|ভাল লাগিল|এই বিলাকৰ মাজতে পেগুদা আৰু ডি.এছ.পি ইফটিকাৰে লগ ধৰিলে মোক “বলক চিগাৰেট খাই আহোঁ নদীৰ গড়াৰ তলত|” ম‍ই ক’লো “চিগাৰেট নাখাওঁ|কিন্তু একম্পেনী দিম বলক|” নামি গ’লো তললৈ|চাৰি মিনিটমান পাছতেই ফ’ন আহিল মোৰ|নিৰ্ধাৰিত্ভাৱে শ্ৰীমতীৰ|চিঞৰি উঠিল গৄহমন্ত্ৰীয়ে “ইয়াত খাব নোৱাৰি তলত নামি গৈ চিগাৰেট খাইছা? নাই দেখা বুলি ভাবিছা টিকলৌ কাই? ওপৰলৈ চোৱা|” চালো|গড়াৰ ওপৰত মোৰ পাছফালে শ্ৰীমতীয়ে মোলৈকে ত তকৈ চাই আছে|ধোঁৱা ওলাই থকা দেখি নিশ্চয় ম‍ই চিগাৰেট খোৱা বুলিয়েই ভাবিছে নিশ্চয়|মোৰ কপাল নহয় এইখন, এইখন চোতাল|খালেও বিপদ নাখালেও বিপদ|ওপৰলৈ অহাৰ লগে লগেই শ্ৰীমতীয়ে গোটেই গাতো আৰু মুখখন গুন্ধি চালে|মুখত গোন্ধ নাপালে যদিও চাৰ্টত চিগাৰেটৰ গোন্ধ পাই কিবা এটা সন্দেহ সন্দেহ ভাৱত থাকিল|ঘৰলৈ বুলি আহিলো লিগাঙ শেষ কৰি|

  আহি পায়েই লিগাঙত খোৱা আধাসিজা পুৰাঙৰ কাৰণেই নে মোৰ অপছন্দৰ এটা তৰকাৰী খোৱাৰ কাৰণেই নাজানো, হঠাত্‍ মোৰ বমিৰ ভাৱ হ’ল|বমি কৰি দিলো চোফাখনৰ ওচৰতে|শ্ৰীমতীয়ে আচৰিত হৈ চাই থাকিল|পিছে আচৰিত হৈ থকা মুখখনি হঠাত্‍ খঙলৈ ৰুপান্তৰিত হ’ল|মোক পানী আনি দিয়াৰ সলনি জেমছক চোফাতে এৰি দৰ্জা বন্ধ কৰি আগৰ দৰে শোৱা কোঠাত সোমাল|বুজি পালো|ম‍ই মদ খাই বমি কৰিছে বুলি ভাবিলে|একোৱেই ক’বলৈ নাপালো|”অবুজনক বুজুৱা ঢেৰুৱা ঠাৰি সিজোৱা” একেই|পিছে আজি শ্ৰীমতীৰ চকুত অলপ বেলেগ ভাৱ এটা দেখিলো|বমি কৰা মুখ নুধুৱাকৈয়েই শোৱনি কোঠাৰ দৰ্জাত ঢকিয়াই উঠিলো “টিকি ম‍ই একো নাই খোৱা অ’|প্লীজ বিলিভ মি|” শ্ৰীমতীয়ে কান্দি কান্দি কৈ উঠিল “গম পাইছো ম‍ই সকলো|তললৈ কিয় নামি গৈছিলা?ছুইংগাম কিয় চোবাই আছিলা তেতিয়া|সব বুজিছো ম‍ই|নাথাকোঁ জীয়াই|মৰি যাম” হুক হুকাই আকৌ এবাৰ কান্দি উঠিল টিকিয়ে|ভয়েই লাগিল|ম‍ইও টিকি টিকি টিকি বুলি কৈ বহুতবাৰ মাতি ভাগৰি পৰিলো|ইফালে চিঞৰ বাখৰত পোনাকনেও সাৰ পাই কান্দি উঠিল|মুখখন ধুই আহিলো বাথৰুমত|পোনাকনক ল’লো|আকৌ এবাৰ শ্ৰীমতীক মাতিলো “টিকি দৰ্জা খোলা|পোনাকনে কান্দিছে|” সাৰ সুৰ নাই|কেইবাবাৰো মাতি হায়ৰান হ’লো|লগতে ভয়ো খালো|আকৌ কেইবাবাৰো মতাৰ পাচত একো সাৰ সিকতি নোপোৱা দেখি আৰু বেছি ভয় সোমাল|আগৰ কেইবাৰ কিবা উখোনা উখনি লাগিলেও শ্ৰীমতীয়ে ভোৰ ভোৰাই মাত দি থাকে|ধৰ্য্যৰ বান্ধ খোল খালে|চাৱনিটো‍ও অলপ আচৰিত আছিল এইবাৰ|দুৰ্বল দেহাৰে খুন্দিয়াই দৰ্জাখন খুলি পেলালো|দেখো শ্ৰীমতী বিচনাখনত শুই আছে শান্ত ভাৱে|ওচৰলৈ গৈ দেখো উশাস নিশাস চলি আছে|কিন্তু মৰাৰ দৰে পৰি আছে|বহুত বাৰ মাতোতেও সাৰ নাপালে শ্ৰীমতীয়ে|ভয় খালো|প্ৰেছাৰ,পালছ সকলোবোৰ পৰীক্ষা কৰি দেখোঁ সকলোবোৰ নিয়মিত অৱস্থাতে আছে|তথাপিও সাৰ নোপোৱা দেখি ভয়তে কাষৰে কোৱাটাৰত থকা মেদিচিন বিশেষজ্ঞ ডা০ জিয়াউৰ কৰিম বৰ ভূঁঞাক মাতি আনিলো|জিয়াউৰদাইও সকলোবোৰ নৰ্মেল আছে বুলি কৈ ক’লে “চিদেটিভ লোৱা যেন লাগিছে|” নৰ্মেল বুলি কোৱাতহে শান্তি আহিল|যদিও নিজেই ডাক্টৰ নিজৰ মানুহৰ ক্ষেত্ৰত কিবা হ’লে ভূ হেৰাই নিজৰেই|চিদেটিভ লোৱা কথাটো শুনিয়েই গা চেবালে|নিজেও এবাৰ সন্দেহ কৰিছিলো ডাক্তৰী জ্ঞানৰ ফালৰ পৰা|জিয়াউৰদা যোৱাৰ পাচতে শোৱনি কোঠাৰ ঔষধ থোৱা বাকছটো খুচৰি চাই দেখো নিদ্ৰা অহাৰ কাৰণে খোৱা ঔষধ বিধৰ বাকচ খোলা আৰু এটা শাৰীৰ ঔষধ খালী|বিছনাৰ ওচৰে পাজৰে খুচৰোতেই পালো নিদ্ৰা অহা ঔষধৰ পৰি থকা দহটা টেবলেটৰ শাৰীটো পালো|দহোটাৰ দহোটাই খালী|মানে খাই দিছে টিকিয়ে|নিশ্চিত হ’লো|১০-১৫ মিনিটৰ পিছে পিছে প্ৰেছাৰ, পালছ,হাৰ্ট বিট সকলোবোৰ চাই থাকিলো|এম্বুলেণ্সো সাজু কৰি ৰাখিলো|প্ৰয়োজনীয় কৰিব লগীয়া খিনি নিজেই কৰিলো নাৰ্ছ এগৰাকীৰ সহায়ত|পাচদিনা শ্ৰীমতীয়ে এঘাৰটামান বজাত সাৰ পালে শ্ৰীমতীয়ে|সাৰ পাইয়ে মোৰ হাত খন খামুচি ধৰিলে|চিলমিল টোপনি আহিছিল মোৰ|কাষত পোনাকনক লৈ কাম কৰা ছোৱালীজনী|মোৰ হাত্খন খামুচি ধৰাত সাৰ পালো|শ্ৰীমতীলৈ চাই মিচিকিয়াই উঠিলো চকুপানীৰ মাজতে|তাৰ পাচত শ্ৰীমতীৰ ফাললৈ দেখোৱাই ডাঙি ধৰিলো ঔষধৰ বাকচটো|হাঁহি উঠিল টিকিয়েও বাকচটো দেখি| লিখা আছিল তাত “অসম চৰকাৰৰ যোগান, বিক্ৰীৰ বাবে নহয়|” ধন্যবাদ অসম চৰকাৰ”|টিকিক যে ঘুৰাই পালো|

  • ঘৰ সংসাৰ ১৭

    “ৰুনজুন নূপূৰে মাতে… কি সাজে সাজে কুঁহি পাতে”|জুবিনৰ নতুন গানটোৰ আমেজ লৈ লৈ চেভ কৰি আছিলো ৰাতিপুৱা|পিছে মনটো আছে আকৌ যোৱা ৰাতি গৄহমন্ত্ৰীৰ পৰা লুকাই চুৰকৈ দিয়া “অসমীয়াত কথা বতৰা” গোটৰ “সাহিত্যৰ আদ্দা আৰু বালি ভাত” খোৱাৰ প্ৰস্তাৱ দিয়া পোষ্টটোতহে|কিনো হৈছে তাৰ পাছত|সেই বোৰ চিন্তাতে এবখলা কাটি ল’লোৱেই গালখনত|উফ বুলি কৈছিলোহে শ্ৰীমতীয়ে উধাতু খাই আহি “বিটাদিন” মলম অলপ লগাই দিলে|বেকগ্ৰাউণ্ড মিউজিকটোৰ লগত শ্ৰীমতীয়ে মোৰ গালত মলম সানি দিয়া দৄশ্যটো বৰ ৰোমান্টিক হৈছিল|গানটো বাজিয়েই আছিল, ৰুনজুন নূপূৰে বাজে…মন মোৰ বলিয়া কৰে…কুঁহু কুঁহু কুলিয়ে মাতে|টিকিক টান মাৰি ওচৰ চপাই গালত লাগি থকা ফ’ম অলপ সানি দিওঁ বুলি ভাবিছিলোহে, ইন দা মিন টাইম পোনাকনে সেই চিঞৰটো মাৰিলে|ওঁৱাও|মানে তাৰ খোৱাৰ টাইম হ’ল|ধেত তেৰি|গোটেই ৰোমান্টিক দৄশ্যটো পশু হ’ল|খং উঠিলেও একো কৰিব নোৱাৰি|পিছে তাৰ আমনিবোৰ এনেকোৱা সময়তহে হয়|পিছে পিকনিক খাবলৈ পাতি থকা কথাবোৰ তেৰাই গম পালে শেষ হ’ব|ভাগ্য ভাল যোৱাবাৰ ঘটি যোৱা ঘটনাৰ বাবে শ্ৰীমতীয়ে ফেচবুকত হাত দিয়া নাই|নহ’লে মলমটোৰ ঠাইত হাতত বেলনা মাৰিডালহে থাকিল হয়|

    হস্পিতালতহে লেপটপ খুলোঁ|লুকাই চুৰকৈ|ঘৰত ফেচবুক বেণ্ড|গৄহমন্ত্ৰীৰ কাঢ়া অৰ্দাৰ|ফেচবুক মোৰ ঘৰত নচলিব|ইমান পৰিবৰ্ত্তন কিয় হয় মানুহবোৰৰ|ঠিকেই কৈছিল নেত্ৰ কাইটিয়ে “নাৰী চলনাময়ী”|আজিলৈকে শ্ৰীমতীকে ভালকৈ বুজিব পৰা নাই|পিছে ফেচবুকৰ অসমীয়াত কথা বতৰা গোটত মোৰ কথাই সহাঁৰি পালে|পিকনিক ঠিক হ’ল|স্থান হাতীশিলা|পিকনিকৰ চৌখিন শ্ৰীমতীয়ে গম পালে সান্দহ খোৱা বালি তল যাব|পোনাকনক লগত লৈ যাব নোৱাৰি|সৰু হৈ আছে|গতিকে মিছাৰ আশ্ৰয় লোৱাৰ বাহিৰে উপায় নাই|মাতি দিলো এষাৰ খুব লেনিয়াই “টিকি মোৰ মিটিঙ আছে গুৱাহাটীত, ১৮ তাৰিখে|যাব লাগিব|তুমি বৰুৱানীৰ ভনীয়েকক চাৰিদিন মানৰ বাবে আনি ল’বা”|প্ৰথমে ঠেন ঠেনাইছিল যদিও পাছলৈ মান্তি হ’ল|আগতে ঘুটুং পানী খাই সঁচা কথা ক’লে ঝাৰু পাইছিলো, এতিয়া লাদু|প্ৰথমবাৰৰ বাবে অনিল কাপুৰ অভিনীত “ন’ এন্ট্ৰী” চিনেমাখন চোৱাৰ সফলতা উপলব্ধি কৰিলো|মানে মিছা ক’লে পুৰষ্কাৰ পাবাই|বাকীবোৰত নহ’লেও শ্ৰীমতীৰ পৰা|ৰাইজ জানি লওক কথাষাৰ|কেতিয়াবা কামত আহিব|

    চাওঁতে চাওঁতে ১৬ তাৰিখ আহি পালেহি|শ্ৰীমতীয়েও গুৱাহাটী যাত্ৰাৰ ১০০% লাভ উঠাবৰ বাবে শাৰীৰ ফৰমাইচৰ লগতে প্ৰায় ১০ ১৫ বিধমান কচমেটিকচৰ নামো লিখি দিলে|কিবা কিবি ঢেৰ|লগতে পোনকনৰ শপত খোৱাই ক’বলৈ নাপাহৰিলে “ন’ দ্ৰিঙ্কছ, ন’ চিগৰেটছ”|একেবাৰে সেই কেঁচাইখাইতী টাইপত| সকলো আদেশ শিৰোধাৰ্য্য কৰি লৈ বাছত উঠিলো|টিকিক অকলে এৰি থৈ আহি মনটো অলপ গোমা হ’ল|পিছে তুৰন্তে ফেচবুকৰ বন্ধুগনক লগ পোৱাৰ আশাত মন ভাল হৈ উঠিল|তামাম হ’ব আমাৰ পিকনিক|প্ৰ্খ্যাত লেখিকাও আহিব বোলে|শ্বিলঙত জাম লাগিল|মাজতে চাৰি বাৰ মান শ্ৰীমতীৰ ফ’ন|পোনাকনলৈও খুব মনত পৰিল|

   পুৱা ১১ মান বজাত পালোগৈ গুৱাহাটী|প্ৰথমেই শ্ৰীমতীৰ ফৰমাইচ পুৰা কৰি শাৰী,চাদৰ,জীনচ ল’লো|মানে মেতমৰা বজাৰ|শ্ৰীমতীৰ ইচ্ছা অনুযায়ী নিজৰ কাৰণে এটা সেউজীয়া কুৰ্তা আৰু এটা “চামাৰ জীনচ”ৰ জেকেট|শ্ৰীমতীৰ ভনীয়েকৰৰ ঘৰত বস্তুসোপা আনল’দ কৰিলো|তাতো ফাঁকি এটা দি সন্ধ্যা ফেচবুক ব্ন্ধুগনক লগ কৰিলো পিচদিনাৰ প্লেনিঙৰ বাবে|সকলো ৰেদি|মাত্ৰ যাব লাগে| মানে ৰাইজ বাৰুকৈয়ে সাজু|

  পিচদিনা পুৱাই গৈ হাতীশিলাত হাজিৰ|পিন্ধনত মোৰ শ্ৰীমতীৰ ফৰমাইচ মতে কিনা সেউজীয়া কুৰ্তা আৰু “চামাৰ জীনচ” জেকেট|সকলোকে লগ পাই আনন্দত আপোন পাহৰা হ’লো|শ্ৰীমতীৰ ফ’ন মাজে মাজে আহি থাকিল|মোৰ ৰেদিমেদ উত্তৰবোৰো দি থাকিলো “মিটিং ষ্টাৰ্ট হৈছে(ইফালে পিকনিকত পাচলি কটা আৰম্ভ কৰিছে বিভা বৌয়ে) ” “শৰ্ম্মা ছাৰে ভাষন দি আছে(সাহিত্যৰহে আদ্দা হৈছে)” ৰ’বা পাছত কৰি আছো, লাণ্স চলি আছে(ইফালে পিকনিকৰ খোৱা বোৱা হৈছে)|বাহানা মৰা আৰু মোৰ পিকনিক চলি থাকিল|শ্ৰীমতীক বুৰ্বক বনোৱাত ১১০% সফল হ’লো||তামাম পিকনিক এটা খালো|অগতানুগতি|পিকনিকৰ পাছত গণেশগুৰিৰ ভণ্টিৰ ৰৄমলৈ বুলি জাপ মাৰি উঠিলো চিটি বাছত|চানমাৰিৰ পৰা|প্ৰচণ্ড ভীৰ|খুণ্ডা খাটি খোৱাৰ মাজতে শ্ৰীমতীৰ ফ’ন আৰু হৈ যোৱা পিকনিকৰ কথাবোৰ ভাহি থাকিল মনত|নমাৰ সময়তো ততাতৈয়াকৈ নামিবলৈ লওঁতেই প্ৰচণ্ড খুণ্ডা এটা খালো বিবাহিত মানুহ এগৰাকীৰ স’তে|কোলাত কেঁচুৱা|মানুহগৰাকীৰ মুৰটো মোৰ বুকুত অলপ জোৰকৈয়েই লাগিল|খং উঠিছিল যদিও মানুহগৰাকীয়ে মুখ দাঙি দিয়াত খং পলাল|কাৰণ তেখেত মোৰ চিনাকি|মোৰ সমন্ধীয় ককাইদেউ, গুৱাহাটীত মেদিকেল ৰিপ্ৰেজেণ্টেটিভ কৰা মানৱদাৰ পত্নী|প্ৰয়োজনীয় কথা দুই এটা সুধি বিদায় দিলো|ভণ্টীৰ ঘৰ পাওঁহি মানে ৮টামানেই বাজিল|কাপোৰ কানিবোৰ খুলি সামৰি থ’লো|ঘৰতে গৈ ধুম|ভণ্টিক কষ্ট নিদিওঁ আৰু|

  পুৱা ৭টা মানতেই পলালো বদৰপুৰলৈ|এদিন আগতেই|ইচ্ছাটো হ’ল শ্ৰীমতীয়ে কোৱা প্ৰত্যেকটো বস্তুৰ বজাৰ কৰি এদিন আগতেই ঘৰ সোমোৱা|সন্ধ্যা ৬মান বজাত ঘৰ সোমালোহি|শ্ৰীমতীৰ মুখত হাঁহি|অন্ততঃ জীৱনত প্ৰথমবাৰৰ বাবে হ’লেও যে ম‍ই আগতে ঘৰ সোমালো তাকো এদিন আগতে|শ্ৰীমতীয়ে বস্তুবোৰ এটা এটাকৈ উলিয়ালে|শেষত পিকনিকলৈ পিন্ধি যোৱা জেকেট আৰু পেন্ট-চাৰ্টযোৰ মেলি ক’লে “মোৰ পচন্দৰ কাপোৰ বুলি কিনিয়েই পিন্ধিব লাগেনে?ধুইয়েই দিওঁ দিয়া এই কেইটা”|জীনচৰ জেকেটতো চাই থাকোঁতেই সন্মুখভাগ দেখি থৰ লাগিল গৄহমন্ত্ৰী|চকু কেইটা সামান্য ……নহয়, বেচিকৈয়ে ডাঙৰ হ’ল|জেকেটতো মোৰ ফালে দাঙি ধৰাত দেখিলো বুকুৰ ওচৰৰ দুই নম্বৰ বুটামটোৰ ওচৰত এটা ৰঙা দাগ|মানে সেন্দুৰৰ|ধৰিব পাৰি|ভূতৰ ওপৰত দানহ পৰাদি বৰুৱানীৰ ভনীয়েকে ম’বাইলটো লৈ দৌৰি দৌৰি আহি শ্ৰীমতীক ম’বাইলটো দেখুৱালে|মোক উদ্দে্শ্যি উত্‍সাহিত
হৈ ক’লে “ককাইদেউ তুমি ইমান চালত থাকা বুলি জনাই নাছিলো|সেউজীয়া কুৰ্তা আৰু চামাৰ জীনচত বেছ শুৱাইছে|বৌ চোৱাচোন”|ম‍ই গৄহমন্ত্ৰীক কিবা কোৱাৰ আগতেই কেঁচাইখাইতী গোঁসানীৰ সেই চিৰাচৰিত চকুজুৰি দেখা পালো|শ্ৰীমতীয়ে একো নামাতি শুৱনি কোঠাত সোমাই প্ৰয়োজনতকৈ জোৰেৰে দৰ্জাখন শব্দ কৰি মাৰি দিলে|মোৰ সন্মুখত চিনেমাৰ ৰীলৰ দৰে ৰীয়েল লাইফটো ঘুৰিল|সাহিত্যৰ প্ৰতি আগ্ৰহ থকা বৰুৱানীৰ ভনীয়েকক অসমীয়াত কথা বতৰাৰ ভৰ্তি কৰি দিয়াৰ দিনটো…..গুৱাহাটীত চামাৰ জীনচ কিনাৰ দৄশ্য…..পিকনিকৰ মূহুৰ্ত্তবোৰ…..সেন্দুৰৰ ডাঙৰকৈ ফোঁট লোৱা মানৱদাৰ পত্নীয়ে মোৰ বুকুত মৰা খুণ্দাটো…..শ্ৰীমতীয়ে তাকে উদ্ধাৰ কৰাৰ দৄশ্য|ইফালে টি.ভিটোত চনী টিভিত দি থকা শ্ৰীমতীৰ পচন্দৰ “ঔঁম শান্তি ঔঁম”ৰ ডায়লগটো ডাঙৰ ভলিউমত বাজিছে|”এক চুটকি চিন্দুৰ কি কীমত তুম কিয়া জান’গে ৰমেশ বাবু?”|ৰমেশ বাবুয়ে জানিলে নে নাই নাজানো|ম‍ই হ’লে ভালকৈয়ে জানিলো|এতিয়া শাস্তি হিচাপে পোনাকনৰ টিকা ধুই আছো|সদায় 😦

  • ঘৰ-সংসাৰ ১৬

    “বুঢ়া বয়সত মানুহৰ পৰকতি লৰে”|কথাষাৰ একেবাৰেই সঁচা|আমাৰ ষ্টাফৰ মাজত দুই এজন নথকা নহয় তেনে|ধৰক আমাৰ ৰোগীৰ টিকট কটা ৰায় বাবুয়ে ওচৰতে বহি ৰেজিষ্টাৰ লিখা ডিভোৰ্চী মহিলা বেগম বাইদেউৰ লগত লাইন মাৰে|তিনিকুৰিৰ দেওনা পাৰ হও হও হোৱা, এটা নাতি পোৱা ফাৰ্মাচীষ্ট পাল বাবু আৰু মেট্ৰন আচাৰ্জী বাইদেউৰ দুপৰীয়াৰ ১ টা বজাৰ চাহৰ টাইমত মৰা চুপতিবোৰ|স্বামী বাহিৰত থকা চিষ্টাৰ বাবলিৰ অবৈধ প্ৰনয়, ইত্যাদি ইত্যাদি আদবয়সীয়া মানুহৰ কাহিনীবোৰ শুনি একেবাৰে কিবা লাগি যায়|ধেত তেৰি নহয়, বৰ ভাল লাগে|এই খবৰ বোৰেই সন্ধিয়া হস্পিতাল কলনীৰ আদ্দাত ৰজন জনাই থাকে|পিছে শুনিলৈ বৰ ইচ্চা থাকে যদিও নোৱাৰো|কাৰণ সমাজে লগাই দিয়া এটা চিম্বলৰ কাৰণে “ষ্টেটাছ”|পিছে শ্ৰীমতীৰ বিয়নী মেলৰ পৰা আহি দুই এটা উফৰি আহি মোৰ কানটো পৰেহি|শুনি শুনি টুপনি যাওঁ| আজিও সেই একেই দশাই হ’ল |শ্ৰীমতীৰ বিয়নী মেলৰ পুৰাণ শুনি শুনি কেতিয়া টোপনি গ’লো নিজেই নাজানো|

    এইকেইদিন ঘুনুক ঘানাককৈ শুনিছোঁ বোলে নতুন ডাক্টৰ এজনী আহিছে|বিবাহিত নে অবিবাহিত জনা নাযায়|নতুনকৈ জ‍ইন কৰিছে|অন ডিউটী ডাক্টৰৰ ওচৰত|পিছদিনা মেদামে চিনাকী কৰি দিবলৈ মাতিলে|ফ’ন কৰি|গ’লো|গৈয়েই চকু কপালত উঠিল|মৌচুমী বৰুৱা|যোৰহাট মেডিকেল কলেজত একেলগে পঢ়া|বুকুখন কঁপি উঠিল|নকঁপিবৈ বা কিয়?বহুত ইতিহাস আছে তাইৰ লগত|মোত্কৈ দুবছৰৰ ডাঙৰ মৌচুমী|দেখিছিলো প্ৰথম নামভৰ্তিৰ সময়ত|তাৰ পাছৰ পৰাই একেখন জিলাৰ বুলি একেলগে উঠা বহা|নবাগত আদৰণী সভাৰ দিনা তাইকে আৰু মোকে স্বামী-স্ত্ৰীৰ ভাও দিব দিলে ষ্টেজ ৰেগিঙত|দিলো|তাৰ পাছৰ পৰাই তেখেতে মোক নেৰাই হ’ল|প্ৰপ’জ কৰি মেলি শেষ|পিছে ম‍ইহে হাঁ কোৱা নাছিলো|কাৰণ তাই মোতকৈ  দুবছৰৰ ডাঙৰ|চলি থাকিল তেনেকৈয়ে চাৰিবছৰ|তাৰ মাজতে মোৰ জীৱনলৈ আহিল টিকি|ম‍ই বিছৰা জীৱন লগৰী|সেই বাবে মৌচুমী উপাখ্যানখন সেই ভাগেই ৰ’ল|চাকৰি পোৱাৰ পাচত একেবাৰে মন দাপোনৰ পৰা আঁতৰিয়েই গ’ল|পিছে ভূতৰ ওপৰত দানহ পৰাদি ওলালহি আকৌ মোৰ সহকৰ্মী হৈ|এনে লাগিল যেন ম‍ই পৄথিৱী, টিকি চন্দ্ৰ আৰু মৌচুমী হেলিৰ ধুমকেতু|সুধি পুছি গম পালো তেৰা এতিয়াও অবিবাহিত|ৰক্ষা কৰা প্ৰভু|আই মাতৄয়ে যদি আকৌ কলেজীয়া দিনৰ ৰৄপ লয় তেন্তে মোৰ জীৱনত যে চুনামী আহিব সেইটো খাটাং|কাৰণ ম‍ই এতিয়া সেই কলেজীয়া হিৰ’টো হৈ থকা নাই|ম‍ই মোৰ “ঘৰ-সংসাৰ”ৰ দুৰ্ভগীয়া নায়কহে|কোৱাৰ্টাৰলৈ মাতি নিবলৈ সংকোচ হ’ল|কিজানি টিকিয়ে ধৰা পেলাই দিয়ে|পিছে মৌচুমী নিজেই ওলাল|বাধা দিয়াৰো সুবিধা নাপালো|ঘৰঘৰাই সোমাই গ’ল|অ ৰাম শেনৰ এজাত|পিছে ধুনীয়াকৈ কথা বতৰা পাতি যোৱাৰ সময়ত দুৱাৰ মুখত গৈ পেটত খোচ এটা মাৰি কৈ গ’ল “বৰ ধুনীয়া ৱাইফ দেই তোমাৰ”|মোৰ চিন্তাৰ বাবে বা সঁচাকৈয়ে নাজানো কিন্তু খোচটোৰ আঁৰত কিবা এটা সোমাই থকা যেন লাগিল|পোনাকনেও কিবা এটা উমান পালে যেন পালো|সিও ভেঁ ভেঁ কৈ মুখখন মেলি দিলে|

   মৌচুমীয়ে আমাৰ বিপৰীত দিশত থকা কোৱাৰ্টাৰতো পালে|মানে ৰেচিদেণ্সিয়েল ডক্টৰ হিচাপে থাকিব তাৰ মানে|অকলে থাকে|আছাৰ ব্যৱহাৰ আগৰ নিচিনা নকৰিলেই ৰক্ষা|পিছে মোৰ কপালখন এনেও ফুটা|এইবাৰ একেবাৰেই ফুটি থাকিব যেন পালো|মানে মৌচুমীয়ে আকৌ সেই আগৰ দৰেই ব্যৱহাৰ কৰিব ধৰিলে|এই ধৰক ম‍ই ৰোগী চাই থাকিলে মোৰ ৰুমত আহি এনেই একঘণ্টামান থাকি গ’ল|পুৰনা কথাবোৰ অলপ জোৰ দি ক’লে|ব্ৰেকত চাহ খাওঁতে তাইৰ চাহ কাপ এমাহৰ ভিতৰত দুই তিনিবাৰ মোৰ গাত পৰা হ’ল|ছ’ৰী ছ’ৰী বুলি কৈ ৰুমাল খনেৰে চাৰ্টত লাগি থকা চাহ মোচা হ’ল|আচলতে উদ্দেশ্য বেলেগ|তাৰ মাজতে আকৌ ম‍ই আগফালে বহি পেপাৰ পঢ়ি থাকিলেহে তাইৰ ছাদত কাপোৰ মেলিবৰ হয়|তাকো তিতা চুলি মেলি মোৰ ফালে চাই চাই|চাৱনিবোৰ এনেকোৱা হয় যে তাই চালেই বেক গ্ৰাউণ্ডত “দা ডাৰ্টি পিকচাৰ” চিনেমাখনৰ “ও লা লা ও লা লা” গানটো বিগ ভলিউমত বাজি থকাৰ নিচিনা লাগে|ম‍ই মেদামৰ আগত পাৰ্ফৰ্মেণ্স ৰিপৰ্ট জমা দিব গ’লে তাইও আবদাৰ কৰা হ’ল তাইৰখন মোৰ হাততে দিবলৈ|বজাৰলে গ’লেও মোৰ গাড়ীত তাই যোৱা হ’ল|আৰু দুৰ্ভাগ্য ক্ৰমে ফিল্ড ভিজিট কৰোঁতেও তাই আৰু মোৰ একেলগে পৰা হ’ল|মানে সকলো ফালৰ পৰা চেপি আনিবলৈ ধৰিলে|ভাগ্য ভাল যে ইজ্জতটো বাচি আছে|টিকিক যদি বিয়া কৰাই নানিলোহেঁতেন তেতিয়া হ’লে ইমান দিনলৈকে মোৰ…..বুজিছেই চাগৈ ৰাইজে|কিনো কম আৰু|ম‍ই জানি বুজিও নেদেখাৰ ভাও ধৰা হওঁ|তথাপিও কেয়াঁকৈ চকু এটা দিবলৈ নেৰিলো|ল’ৰাবোৰৰ পুৰণি অভ্যাস|কিন্তু চকু দিয়াটো‍ও যে মহাপাপ সেইটো হ’লে জানো|
   
    ইমানখিনিলৈকে ঠিকেই আছিল|একেদম ফাটাফাটি|কিন্তু কেৰোণটো লাগিল পোনাকণৰ জ্বৰ হোৱাৰ দিনাহে|প্ৰচণ্ড জ্বৰ তাৰ|কান্দিছে|নাকৰ পানী মুখৰ পানী একাকাৰ|শ্ৰীমতীৰ চকুত ভয়ৰ লগতে দুটাপাল মান চকুপানী|আজি প্ৰথম মোলৈ ভয় কৰা যেন পালো|তাক দৰৱ পাতি যতনাই দি হস্পিতাললৈ ওলালো|পিছে এক ঘণ্টাৰ পাছতেই শ্ৰীমতী গৈ ওলালগৈ হস্পিতাল|বোলে পোনাকনৰ জ্বৰ বেছি হৈছে|উধাতু খাই ঘৰ পালোহি|দেখিছো মৌচুমীয়ে আথে বেথে পোনাকনক লৈ পেৰাচিটেমলৰ দ’জ এটা দি আছে|ম‍ইও ততাতৈয়াকৈ কল্ড স্পনজিং কৰাৰ ব্যৱস্থা কৰিলো|আধাঘণ্টামান পাছত জ্বৰ এৰিলত পোনাকন শুলে|মৌচুমী যাবলৈ ওলাল|পিছে শ্ৰীমতীয়ে চাহ খাবলৈ জোৰকৈ ধৰাত বহিল|শ্ৰীমতীয়ে আকৌ মৌচুমীৰ প্ৰশংসা কৰিবলৈ নেৰিলে “আপুনি নোহোৱা হ’লে আজি আমি যে কি কৰিলোহেঁতেন”|মৌচুমীয়েও লেনিয়াই ক’লে “ম‍ই আপোনালোকৰ ঘৰৰে বুলি ধৰিবচোন”|ম‍ই ভাবিলো মনতে “এদেও দুদেও লুটি নিয়াৰ চেও”|মৌচুমীয়ে ভাৱনাৰ মাজতে জপটিয়াই ধৰিলে “কিবা কৈছিলা নেকি?”|মাজতে মৌচুমী এপাক শ্ৰীমতীৰ চাহ কৰা চাবলৈ ভিতৰলৈ উঠি গ’ল|সেইটো সময়তে পোনাকনে সেই বেয়া কামফেৰা কৰিলে|টিকিক চিঞৰিলো “কাপোৰ আনাচোন”|শ্ৰীমতীৰ সলনি কাপোৰ লৈ উধাতু খাই দৌৰি আহিল মৌচুমীহে|আগৰে পৰা পানী পৰি পিছল হৈ থকা টাইলছত মৌচুমী পিছলি গ’ল|মূৰটো দুফাল হ’লেই হেঁতেন যদিহে ম‍ই অনিচ্ছাস্বত্বেও চিনেমাৰ নায়কৰ ষ্টাইলত তাইক নধৰিলোহেঁতেন|পিছে মোতকৈ শকত মৌচুমীক চম্ভালিব নোৱাৰি পৰিলো দুইটা আমাৰ চোফা খনতে|ম‍ই তলত মৌচুমী ওপৰত|এনেহেন সুন্দৰ সুযোগ এটা মৌচুমী বৰুৱাই অপচয় কৰিবনে? “থেংকছ” বুলি কৈ দিলে এটা চুমা কপালতে|লগে লগে এটা শব্দ শুনিলো “ঠাঁচ”|ঘুৰি চাই দেখো শ্ৰীমতী আমাৰ ফালে চাই স্থিৰ হৈ ৰৈ আছে পাকঘৰৰ দুৱাৰ মুখত|তলত ভঙা কাপ কেইটাৰ লগতে গৰম চাহ ধোঁৱাই আছে|লগতে ট্ৰেইখন|ম‍ই বৰ কষ্টেৰে সেপ এটা ঢুকিলো|ডিঙিত অলপ ডাঙৰকৈয়ে শব্দ এটা হ’ল “ঘুটুক”…..

     “ঘুটুক” শব্দটোৰ পাছতেই চকু মেল খাই গ’ল|বহি পৰিলো|গোটেই খন আন্ধাৰ|মৌচুমী ক’ত? টিকি|দেখিলো কেঙমেঙকৈ শ্ৰীমতী উঠি বহিলে|মোৰ হাতত ধৰি সুধিলে|সাৰ পাই একেবাৰে বহি দিলা যে? কিবা সমাজিক দেখিছিলা নেকি?টিকিয়ে আকৌ সপোন দেখাটো সমাজিক দেখা বুলি কৈ ভাল পায়|অঁ বুলি কৈ পানী এগিলাচ ঘোঁট ঘোঁটকৈ পিলো|মানে ভাগ্য ভাল|সপোনহে|আকৌ কাপোৰ লৈ শুই গ’লো|টিকিয়ে ক’লে “তুমি বেছি কষ্ট কৰিছা|অলপ ৰেষ্ট লোৱা ভাল|ঘৰৰ পৰাই আহোঁ নহ’লে ব’লা”|চিন্তা কৰোচোন বুলি কৈ টোপনিক আমন্ত্ৰণ কৰিলো|পিছে সমাজিকটো বাস্তৱত নহ’লেই হ’ল আৰু….|পিছে ৰাইজ “য’তে ৰাতি হয় তাতে বাঘৰ ভয়”|”ঘৰ-সংসাৰে” মোক জুৰুলা কৰিহে এৰিব যেন পাঁও|
    

  •  ঘৰ-সংসাৰ ১৫

     “ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি”|এই কথা শাৰী মোৰ ক্ষেত্ৰত ষোল্ল অনা খাটে|বিয়াৰ এবছৰ মানলৈকে ঠিকেই আছিল|সৰু সংসাৰ সুখী সংসাৰ|তাৰ পাছত জেমচ ওৰফে মিনতিলৌ ওৰফে মোৰ পোনাকনৰ জন্ম|এইখিনিলৈকে “ঘৰ-সংসাৰ” খেলিমেলিকৈ ঠিকেই গৈ আছিল|পিছে শ্ৰীমতীয়ে ফেচবুক খোলাৰ পাছৰ পৰাহে লাগিল গণ্ডগোল|হোঃ| সেই যে সন্ধ্যাৰাগীণি শ‍ইকীয়া মানে মোৰ শ্ৰীমতীয়ে ফেচবুক একাউণ্ট খুলি মোৰ লগত লুকালুকি খেলিলে|সেই ফেচবুকেই এতিয়া মোৰ ঘৰ সংসাৰত অনিয়মৰ সৄষ্টি কৰিছে|অনিয়ম মানে সাংঘাটিক অনিয়ম|মোৰ উপৰত এনেয়ে হস্পিতালৰ কামৰ বোজা, তাৰ ওপৰিঞ্চি কেতিয়াবা ভাত মুঠিও তৈয়াৰ কৰিব লাগে ঘৰত|গৄহমন্ত্ৰী সেই সময়ত ফেচবুক লৈ ব্যস্ত থাকে|শ্ৰীমতীয়ে সেই ফেচবুক খোলাৰ কিছুদিন পাচতেই মোৰ লেপটপটোৰ ওপৰত বিজয় সাব্যস্ত কৰি|নহয়,বলপূৰ্বক মোৰ পৰা কাঢ়ি নিজৰ দখললৈ নিলে|তাৰ পাছত আৰু ম‍ই লেপটপ নোপোৱাই হ’লো|সেই কাৰণে আজি কালি ম‍ই আপোনালোকৰ অ.ক.ব গোটত অনিয়মীয়া|শ্ৰীমতীক কৈ চাইছিলো আমাৰ গোটৰ কথা| পিছে চকু ফুৰাই এষাৰ কৈয়েই সামৰি থ’লে |”চুপাৰ বৰিং”|পিচে তেখেতে এইষাৰী নিজৰ মনৰ পৰা কোৱা নহয় বুলি পাচতহে গম পালো|সেই ফেচবুক খোলাৰ পাছত আৰু ৰক্ষা নাই|এই কিবা বোলে “কথা নপতাকৈ থাকিব নোৱাৰো” গোট এটাত গোটেই দিন লাগি থাকে|আৰু এটা কিবা খুলিছে কিবা “বোৱাৰী চুপতি” বুলি |ৰাতি পুৱাৰ পৰাই সেই চুপতি আৰম্ভ|তুমি দুখে ভাগৰে কামৰ পৰা আহিবা, মহাৰাণীয়ে আৰম্ভ কৰিব “বোৱাৰী চুপতিৰ” কথাবোৰ|”আজি পৰিৰাণী শৰ্ম্ম্মাই বোলে এইটো পোষ্টহে কৰিলে”, “কিমান জমনি”| ম‍ই মনতে ভাবো পৰিৰাণী শৰ্মা নহয়, পৰৰ নাৰী শৰ্মা্হে| খিক খিক|দেখোৱাই আকৌ হাঁহিব নোৱাৰি| কিযে হ’ব মোৰ|আকৌ ক’ব নীলাঞ্জনা তামাঙে আজি যিখনহে চিঠি লিখিলে, বৰ হৄদয় বিদাৰক|ম‍ই বোলো নীলাঞ্জনা নহয়, নিতৌ লাঞ্চনা খোৱা তামাং| হেঃ হেঃ হেঃ|পিচে দেখোৱাই হাঁহিবও নোৱাৰি নহয় ,গৄহ হিংসা আইন আছে,এবাৰটো কৈয়েই থৈছে শ্ৰীমতীয়ে :(|আৰু এগৰাকীৰ কথাও শুনি আছো কিবা হেনো বিভা আচাও|এই দুই তিনিগৰাকী মান লগলাগি মোৰ শ্ৰীমতীৰ মাথাই চেঞ্জ কৰি দিলে|শ্ৰীমতীক কৈছিলো বোলো মোৰ উপাৰ্জ্জন অলপ কম হৈছে|এনেও গাঁৱলীয়া ডাক্তৰ|গতিকে আমাৰ হিমন্ত বিশ্ব ছাৰৰ TET টোকে দিয়া|মাষ্টাৰ ডিগ্ৰীও আছে|জালখনটো(NET) ফালিব নোৱাৰিলাই গতিকে মাষ্টৰীতে ধৰা|পিচে “বোৱাৰী চুপতি”ৰ পৰা আদেশ আহিল “টেটত একো নাই| বেলেগ কিবা এটা চোৱা”|চাওক ৰাইজ মোৰ সোনৰ সপোনত ঢালিলে পানী এই “বোৱাৰী চুপতি”ৰ মহাৰাণী কেইগৰাকীয়ে|পিছে মোৰ এই ওলোটা বুজা গৄহমন্ত্ৰীক বুজাই কোনে? পিছে গৄহমন্ত্ৰীয়ে মোৰ অভাৱ অনুভৱ কৰিলে সেইদিনা,যিদিনা বৰ্তমান পৰিস্থিতিৰ স’তে মোকাবিলা কৰিব লগা হ’ল|মানে ৰাতি ম‍ই ট্ৰেইনিঙৰ কাৰণে কৰিমগঞ্জ সদৰত থাকিব লগা হ’ল|সেইদিনা মোৰ গৄহমন্ত্ৰীয়ে কোৱাৰ্টাৰত অকলেই থাকিব লগীয়া হ’ল|ভূতৰ প্ৰতি অদ্ভূত ভয় থকা শ্ৰীমতীয়ে মূত্ৰ বিসৰ্জন কৰিবলৈও অকলে নাযায়|ফেচবুককে সাৰথি কৰি ৰাতিটো কটাম বুলি ভাবিছিলে তেৰাই|পিছে ম‍ই আগতেও কৈছো আপোনালোকক “ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি”|ফেচবুকৰ লগৰ মহাৰাণী সকলেও ভূতলৈ ভয় কৰে হেনো|আৰু য’তে ৰাতি হয় তাতে বাঘৰ ভয়|শ্ৰীমতীৰো সেইটোৱেই হ’ল|মূষলধাৰ বৰষুণৰ বাবে ল্যোড শ্বেদিং আৰু ফেচবুকৰ “বোৱাৰী চুপতিত লাগি থাকোতে মোবাইলৰ চাৰ্জো দিবলৈ পাহৰিলে|গতিকে মোলৈ ফ’ন কৰিবও নোৱাৰে|বাহিৰত থকা বাথৰুমলৈ ৰাতি অকলে যাবও নোৱাৰে|লগত পোনাকনৰ সমস্যাটোও আছে|সেয়ে ২ নম্বৰটোৰ কাৰণে গোটেই ৰাতি যাব নোৱাৰিলে|গতিকে ৰাতি শুৱনি কোঠাৰ ভিতৰতে ……..|ৰাতিপুৱা মহাৰাণী শুই উঠাৰ আগতেই আহি পালো|উত্‍কট গোন্ধ  এটা পালো ঘৰত সোমায়েই|ৰুমৰ ভিতৰত পলিথিনৰ টোপোলাৰ ভিতৰত হালধীয়া খিনি আৱিষ্কাৰ কৰিহে গোটেইখিনি গম পালো|প্ৰথমেতো পোনাকনৰ পেণ্টৰ পিছফালে হালধীয়া দেখি তাৰ বুলি্য়ে ভাবিছিলো|পিছত পলিথিনৰ মাজত হালধীয়াখিনি দেখিহে|মানে ৰাতি মাকে তলত আৰু পিতেকে শুই শুই ওপৰৰ বিচনাত|হাঁহি উঠিছিল যদিও তেহেলৈ হাঁহি সামৰি সুধিলো “তোমাৰ সেই নিতৌ লাঞ্চনা খোৱা তামাঙ আৰু পৰৰ নাৰী শৰ্মায়ে কিবা হেল্প কৰিলে জানো? তেতিয়া শ্ৰীমতীয়ে কি বুলি উত্তৰ দিলে জানে ৰাইজ? বোলে পলিথিনত কাম ফেৰা কৰাৰ আইদিয়াতো ফেচবুক চাটিঙত তেওঁলোকেই দিছিল’|হে হৰি কৄপাময়|ক’তে মৰো|এনেকোৱা আইদিয়াও দিয়েনে?কি যে হ’ব এই বোৱাৰী চুপতিৰ বোৱাৰী কেইগৰাকীৰ|পিছে শ্ৰীমতীয়ে আকৌ ভেকাহি মাৰি কি ক’লে জানে “ৰাতি বাহিৰ’লে কেনেকৈ যাম? ভিতৰতে বাথৰুমৰ ব্যবস্থা কৰিব নোৱাৰা যদি কিহৰ মতা? নিজৰ কেতিয়াবা ইমাৰ্জেণ্সী হ’লে গম পাবা ৰ’বা”|

    শ্ৰীমতীৰ এই ফেচবুক প্ৰীতি ইমানেই বাঢ়িব ধৰিলে যে পোনাকনৰ ফালেও লাহে লাহে পিঠি দিয়া হ’ল|ম‍ইও কিবা টলাৰেট কৰাৰ নিচিনা হৈছে|মাও ঘৰলৈ গ’ল দেউতাৰ অসুখৰ বাবে|ইফালে ঠাণ্ডাটো বাঢ়ি আহিবলৈ ধৰিছে|এদিন সন্ধিয়া হস্পিতালৰ পৰা আহি দেখো শ্ৰীমতী সেইখিনি সময়লৈকে “বোৱাৰী চুপতি”তে ব্যস্ত|মোজাযোৰ খুলি খুলি ক’লো “টিকি এৰা সেইবোৰ, পকৰী খাবৰ মন গৈছে বনোৱাচোন”|শ্ৰীমতীয়ে তপৰাই উত্তৰ দিলে “জেমচক চোৱা,ম‍ই এতিয়াই বনাই দিম”|জেমচৰ ফাললৈ চালো|নিশ্চিন্তে শুই আছে|শুবতো, সৰুতে ম‍ই কিমান ঠাণ্ডা আছিলো(?)|ম‍ইও ক’লো “ই দেখোন শুই আছে”|উত্তৰ আহিল “কেতিয়া উঠিব গেৰাণ্টী দিব পাৰিবা জানো? যোৱা মোৰ কাৰণেও চাহ একাপ বনাবা”|উলোটাই মোৰ ওপৰতে পৰিল|খঙতে পাকঘৰত সোমাই বেচন উলিয়াই লাগি গ’লো পকৰী বনোৱাত|অনভিজ্ঞ হাত|কি হ’ল নাজানো|শ্ৰীমতীয়ে এটা মুখত দিইয়েই ওকলিয়াই দিলে|ম‍ই পিছে লাল চাহৰ লগত ভাল পাই গোটেইসোপাকে খালো|ভাত খোৱা নহ’ল|বিচনাত কেতিয়া নাক ঘুৰ ঘুৰালো গমেই নাপালো|দুটামান বজাত সাৰ পাই দেখো শ্ৰীমতী এতিয়াও “বোৱাৰী চুপতি”ত|কিনো পাইছা শুধাত ক’লে “শৰ্মা বাইদেউৱে নতুন কিতাপ এখন লিখিছে “নিজৰ পতিক হাতৰ মুঠিত ৰাখোঁ আহক” বুলি|তাকে আলোচনা কৰি আছো|অৰ্ডাৰো দিছো এখন”|ম‍ই বুজিলো এই বোৱাৰী চুপতিয়ে মোক ডুবাব|নিশ্চিত বিপদৰ পৰা হাত সৰাৰ উপায় বিচাৰি বিচনাত আকৌ দীঘল দিলো|দীঘল হুমুনিয়াহ এটাৰ সৈতে|

   আগদিনা গৰম পকৰী খোৱাৰ মজা ওলাল পাছৰদিনা ৰোগী চাই থকাৰ মাজতেই|হ্ঠাত্‍ পেটত গাজনি ঢেৰেকণীৰে পায়ুৰ ফালে এজাক হালধীয়া বৰষুণ নমায় আনিব খুজিলে|প্ৰত্যেকটো ঢেৰেকনীত অনুভৱ কৰিলো এটা বকাসুৰ হেন ডাঙৰ বিষ|হে মা কালী ক’লৈ যাওঁ কি কৰো লাগিল|আগদিনাৰ বৰষুণৰ বাবে কাৰেণ্ট নাই|কাৰেণ্ট নাই বাবে হস্পিতালত পানী নাই|ৰোগী তাতে এৰি একেদৌৰে ঘৰ পালো|চোলা পেণ্ট খুলি চকুমুদি বহি দিলো কুমুদৰ ওপৰত|বাহিৰত টিকি|কাট মাৰি সুধিলে “কি হৈছে?ইমান ঘেৰেঘেৰোৱা শব্দ যে?ডিইৰেক্ট হৈ গৈছে নেকি?”|মোৰ মুখৰ পৰা হাগি পোৱা সুখৰ আবেগত উত্তৰ ওলাল “নকবা আৰু, ঢেৰঢেৰাই গৈছে”|বাথৰুমৰ পৰা ওলোৱাৰ পাছত মোলৈ চায় শ্ৰীমতীয়ে হাঁহি ৰখাব নোৱাৰা হ’ল|কি বা হ’ল?পাছত নিজৰ ফাললৈ চাই দেখো ডিঙিত ওলমি আছে মোৰ ষ্টেথস্কপডাল|মানে ষ্টেথ’ডাল থবলৈকে পাহৰিলো|:(

    দিনবোৰ বাগৰি গ’ল|মোৰ মা ঘৰলৈ যোৱাৰ মাহেক হ’ল|সোমবাৰৰ দিনা হঠাত্‍ ৰাতি দুই বজালৈকে ম‍ই হস্পিতালৰ ডিউটী কৰিব লগাত পৰিলো|যদিও মোৰ ডিউটি নাছিল|গৄহমন্ত্ৰীক কাঢ়া অৰ্ডাৰ দিলো “বোৱাৰী চুপতি” বন্ধ|জেমচক চাবা|ম‍ই দুই বজালৈকে ডিউটিত থাকিম|দুই বজালৈকে ডিউটী কৰি আহি ঘৰৰ বাহিৰৰ পৰাই পোনাকনৰ কান্দোনৰ সুৰ শুনিবলৈ পালো|কি হৈছে বুলি চাওঁতে দেখো শ্ৰীমতী আকৌ সেই “বোৱাৰী চুপতি”ত ব্যস্ত|ইফালে পোনাকন শুৱাই ৰখা ঝুলনাখনতে পোনাকন গুৱে মুতে কান্দি একাকাৰ|খঙে মুৰৰ চুলি পাৰ হৈ গ’ল|অলপ টানকৈ কৈ থাকোতে শ্ৰীমতীৰ খহটা উত্তৰ বোৰে খঙটো উঠাই দিলে|টানি একচৰ দিওঁ বুলি হাত খন দাঙি লৈছিলোহে, ইফালে গৄহমন্ত্ৰীৰ গংগা,যমুনা আৰু সৰস্বতী বাগৰি গৈ বংগোপ সাগৰত পৰি চুনামীৰ সৄষ্টি কৰিলেই|প্ৰিয়জনৰ চকুত লোতক দেখি খঙ সামৰি চকুপানী মচি দিবলৈ লওঁতেই উচাত্‍ মাৰি শোৱনি কোঠাৰ দৰ্জ্জা মাৰি সোমাল যি সোমালেই আৰু, কাতৰ হৈ মাতিলতো নোলাল|লাভৰ মুৰত ম‍ই পোনাকনক নচুৱাই নচুৱাই আলহী বহা চোফাতে ৰাত্ৰি যাপন কৰিব লগা হ’ল|

   ৰাতিপুৱা খকা মকাকৈ সাৰ পাই দেখোঁ আমাৰ শোৱনি কোঠাৰ দুৱাৰ খোলা |মানে মহাৰাণীৰ ভেম ভাগিল|লেপটপটো মোৰ বেগৰ ভিতৰত|যাহওক ভুলটো যে বুজি পালে টিকিয়ে|পিছে অলপ পাছতেই মোৰ ভুল ভাগিল,যেতিয়া ম‍ই শ্ৰীমতীক সমস্ত ঘৰ চলাথ কৰিও নাপালো|ফ’ন ন’ট ৰিচেবল|হে হৰি ক’লৈ গ’ল|শুৱনি কোঠাৰ বিচনাত আমাৰ শৰ্মা ডাঙৰীয়ানীৰ “নিজৰ পতিক হাতৰ মুঠিত ৰাখোঁ আহক” খন দেখিয়েই বুজিবলৈ বাকী নাথাকিল|মানে আকৌ আগৰ বাৰৰ নিচিনাকৈ ঘৰলৈ ঢাপলি মেলিলে তাৰ মানে|শ্ৰীমতী আঁতৰি যোৱাৰ দুখত নে ভাত ৰান্ধিব লাগিব সেইটো ভাবি নে পোনাকনক কি খোৱাম সেইটো ভাবি নাজানো|মুঠতে মোৰ মুৰ ঘুৰালে|খুব বেয়াকৈ |পোনাকনক কি খোৱাঁও তাৰ চিন্তাই মাথা ঘোলা কৰিলে মোৰ|দুই ঘণ্টা মানৰ পাছত কলিং বেলৰ শব্দ শুনি দৰ্জা খুলিলো|সন্মুখত শ্ৰীমতী|কাষত শ্ৰীমতীৰ মাক|শ্ৰীমতীক দেখি আপোনা আপুনি মুখৰ পৰা ওলাল “তুমিতো কালি মোৰ ওপৰত খ…|বাক্যটো সম্পুৰ্ণ কৰিবলৈ নাপালোৱেই, শ্ৰীমতীয়ে মুখৰ পৰা কাঢ়ি নি ক’লে “অ যোৱা কালি ৰাতি যে তোমাক কৈছিলো মা আহিব বুলি|তুমি শুই থকা দেখি ম‍ইয়েই লৈ আহিলোগৈ মাক”|এই বুলি বেকা হাঁহি এটা মাৰি মোৰ কাষেৰে পাৰ হৈ গ’ল শ্ৰীমতী|মোৰ মেলা মুখ মেলাতেই ৰ’ল|হে হৰি মাইকী মানুহৰ মহিমা কোনেও নুবুজে|ৰাইজ চৰটো নামাৰি ভুল কৰিলো নেকি বাৰু?|বাৰু সেইয়া যি কি নহওক|ৰাতিলৈ গৄহমন্ত্ৰীয়ে মোৰ পৰা লেপটপটো খুজি “বোৱাৰী চুপতি” আৰু “কথা নপতাকৈ থাকিব নোৱাৰো” গ্ৰুপৰ লিভ গ্ৰুপ অপচনটোত ক্লিক কৰিলে|ৰাইজ…… 🙂

  • ঘৰ-সংসাৰ ১৪

    এতিয়া মাত্ৰ চুইচাইদ কৰিবলৈহে বাকী ৰৈছে|এই যে বাপেক হ’লো ইমান সৰুতে|এতিয়াহে বুজিছো ম‍ই,বাপেক হোৱাৰ যান্ত্ৰনা কিমান|ৰাতি ৩ টা বজাত যেতিয়া ল’ৰাই কান্দে তেতিয়াহে গম পোৱা যায় “ঘৰ-সংসাৰ” কৰা কিমান মিঠা|আমাৰ আকৌ মহাৰাণীৰ তামাম আৰাম|ৰাতি পোনাকণে কেতিয়াবা হাউ হাউকৈ ভোকত কান্দে|ইফালে খবৰেই নাই|কান্দিছে কান্দি থাওক|কি আহে যায়|তেওঁ নাক ঘুৰ ঘুৰাই টোপনিত|তেতিয়া ম‍ইহে মৰো|কোলাত লৈ নিচুকণী গীত গাঁওতে গাঁওতে গলা ফাটে|পিছে ১৫ দিনীয়াটোৱে ঘণ্টাৰ নিচুকনী গীত শুনি টোপনি যাব নেকি?|মোৰ খুহুতীয়া বৰপিতাই এজনে আকৌ পোনাকনৰ নামটো দিছে “মিনটিলৌ”|ঠিকেই দিছে|এই খটাসুৰৰ বংশধৰে আমাৰ “ঘৰ-সংসাৰ”ত কিমান ধিন দাঁও খিত তাঁ কৰে তাৰ হিচাব নহ’ব যেন পাইছো|ইফালে শুৱাওঁতে ৰাতি পুৱাই যায়|৬ টামান বজাত নিজে শুবলৈ লওঁ|পিছে ৭ টামান বজাত চেম্বাৰত টোকৰ পৰে “ছাৰ ছাৰ এক্টা ৰোগী লৈয়া আইছিলাম, ভিজিট দিমো ছাৰ,প্ৰাইভেট দেখিয়া দেইন”|আগতে প‍ইচা দিম বুলি কৈ লব|এনেকৈ কৈ যেন ম‍ই কেৱ্ল প‍ইচা লবলৈ হোল চেল দোকান এখন খুলি বহি আছো|সেই খিনি সময়তে আমাৰ গৄহমন্ত্ৰী সাৰ পায়|মোক ঠেলা এটা মাৰি কয় “যোৱা ৰাতি টোপনি অহা নাই,জেমচে(পোনাকনক টিকিয়ে জেমচ বুলি মাতে) দিগদাৰী দিলে”|তাকো মায়ে শুনাকৈ|মায়ে শুনি ক’ব “মাজনীক শুবলৈ দেচোন,তহঁত মতাবোৰে মাইকী মানুহৰ কথা অকনো নাভাব দেই|অকনে কিমান আমনি কৰিছে ম‍ই গম পাইছো নহয়, ৰাতি কন্দা শুনিছো|যাঃ ৰোগীজনক চাই পঠাই দে|নহ’লে চিঞৰি থাকিব”|সেইয়া সেইয়া দেখিলে ৰাইজ|কিমান গেজু খেলিলে শ্ৰীমতীয়ে|ৰাতিটো ম‍ই জাগি থাকিলো|এতিয়া মোকেই ফঁচালে|ইফালে গাৰুৰ তলত শ্ৰীমতীৰ শব্দ নোহোৱা প্ৰানখোলা হাঁহি|ভোৰভোৰাই পেচেণ্টটো পঠাই আহি আকৌ শুবলৈ লওঁতেই শ্ৰীমতীয়ে মন ভাললগাবলৈ চিকুট কেইটামান দিয়ে|বাহিৰত খং কৰি দেখোৱালেও শ্ৰীমতীৰ মৰমবোৰ ভালেই লাগে|এনেকৈ আমাৰ “ঘৰ-সংসাৰ” ঠিকেই আছিল, অসমীয়া গাঁওখনলৈ নোযোৱালৈকে|এই যে অলপদিন আগতে এখন গাঁৱৰ কথা লিখিলো অসমীয়াত কথা বতৰাত|”গড়েৰ ভিতৰ” নামৰ গাঁওখন| সেইখনৰেই কথা কৈছো|যোৱাটোৱেই কাল হ’ল|
    মায়ে চিঞৰি আছে|সুদি পাতিব লাগে (ম‍ই নামটো ভালকৈ নাজানো,মানে পোনাকনক বাজলৈ আনিবৰ বাবে পতা অনুষ্ঠানটো)|গতিকে ইয়াৰ স্থানীয় অসমীয়া মানুহকে মাতি কোৱাৰ্টাৰতে নিয়মটো কৰি পেলা|ম‍ইয়ো ভাবিলো কথাটো বেয়া নহয়|পিছে মানুহ মাতিবলৈ নিজেই যাব লাগিব|দেওবাৰে ওলালো বসন্তীখন লৈ গাঁও খনলৈ বুলি|এঘণ্টাৰ মুৰত গৈ পালো তাত|মোক দেখিয়েই ৰাইজৰ ওলাহে নধৰা হ’ল|প্ৰথম চাকৰিলৈ আহোঁতে এইবোৰতেই পিটপিটাই ফুৰি সাঁজৰ জুতি লৈ ফুৰিছিলো|প্ৰথম ঘৰ শংকৰীয়া মানুহ|নিমন্ত্ৰনৰ তামোলপান দি চাহ-তাহ খাই দ্বিতীয় ঘৰত সোমালো|যিমান পাৰো সোনকালে যাব পাৰিলে ভাল|পিছে সোমায়েই আচৰিত হোৱাৰ পাল|কাৰণ ঘৰৰ মূল মানুহজনীৰ দুই নম্বৰ সন্তানৰ প্ৰসৱ দেখোন মোৰ হাততেই হৈছিল|তাকো বৰাক উপত্যাকাত মোৰ প্ৰথমটো অসমীয়া মানুহৰ ডেলীভাৰী|মনত থকাৰেই কথা|কিন্তু বৰগোলৰ(মোৰ হস্পিতালৰ ওচৰৰ গাঁও) পৰা তেখেত ইয়াত কেনেকৈ পালেহি সেইটোহে আচৰিত|পিছে আচৰিত হ’বলৈ একো নাই,কাৰণ সন্তান প্ৰসৱৰ কাৰণে মাকৰ ঘৰত আছিলগৈ|মানে বৰগোলত|এতিয়া পতিৰ ঘৰত|উৰহী গছৰ উৰ বিছাৰো মানে সেই ফালে হায়ৈ বিয়ৈ কৰি শেষ|যেনিবা সাক্ষাত্‍ ইশ্বৰকহে দেখিলে|মোক পাই নথৈ আনন্দিত হৈছে|তাৰ ডাইৰেক্ট এফেক্ট যে পেটে সহ্য কৰিব লাগিব সেইটো খাটাং|পেটতোৰ ফালে চাই চাই মনতে ক’লো ” বোপাই সত্যাগ্ৰহ নকৰিবা দেই,যি দিব সেইটো সোমোৱাই যাবা”|মূল মানুহজনে আহি এইবাৰ একেবাৰে ভিতৰলৈকে মাতি নিলে|ম‍ই বোলো খেল ডাঠ|হাজাৰ বাৰ নাখাওঁ বুলি ক’লো|লাভ নাই খাব লাগিব‍ই|বহিলো,প্ৰথমে সেৱা এটা ফুলাম গামোচা এখনেৰে সৈতে|কৄষ্ণ কৄষ্ণ কি হৈছে এইবোৰ মোৰ লগত|ইমান ডেকা মানুহকনো সেৱা কৰেনে|তাৰ পাছত দেখিলো ঠাইখন মচি হাতীখুজীয়া বাটিত আগলতী কলাপাতেৰে ঢাকি আনিছে|আনোঁতেই মলমলাই আহিছে|বুজিবলৈ বাকী নাথাকিল পকা সাঁজ সেই বাটি|মোৰ আগত থৈ ক’লে “খাওক আপুনি বিয়া পতাৰ আগতে ইয়াত বহুত বাৰ খাইছে আমি জানো|সেয়ে চাহৰ সলনি ৰস কনকে আগবঢ়ালো”|চকুৰ আগত ফ্লেচ বেকৰ দৰে শ্ৰীমতীৰ লগত মদ খোৱাৰ বাবে হোৱা মহাৰণৰ এপিচদ কেইটা চাট চাটকৈ পাৰ হৈ গ’ল|একেবাৰে আৰম্ভণীৰ ৰাজদীপৰ কাণ্ডটোৰ পৰা|শেষত পোনাকনৰ সৈতে টিকিৰ কালী গোঁসানীৰ অৱতাৰটো|উঠিয়েই যাওঁগৈ নেকি?এপাকত ভাবিলো|নাই পুৰণি হোষ্টেলীয়া মনটোৱে বাৰে বাৰে কৈ থাকিল “নুঠিবি মূৰ্খ,আৰু ক’ত চাণ্স পাবি,খাই ল’ এবাটিহে খাবি একো নহয়|পেটৰ কাৰণেও ভাল”|সাত পাছ নুগুনি পোনাকনৰ সৈতে মাক ৰৈ থকা মনৰ ভিতৰৰ ছবি খনৰ মেইন চুইচটো অফ কৰি মধ্যমা আঙুলিৰে দুটোপাল পকা সাঁজ মাটিত পেলাই টানি দিলো লাহে লাহে গোটেই বাটি|সোনত সুৱগা চৰাইছে হাঁহৰ মাংসৰ আঞ্জা খনে|শেষ হ’লত আৰু এবাটি|আকৌ মানা কৰা সত্বেও|লগত ক’বলৈ নাপাহৰিলে “ডেকা মানুহ টানি দিয়ক”|টনিলো|আৰু মানুহ নিমন্ত্ৰন কৰিবলৈ থকাৰ দোহাই দি ওলালো কোনোমতে|ইফালে নিচা গুলাপী হৈছে|মানুহ সকলোকে নিমন্ত্ৰন দি ঘৰলৈ বুলি ষ্টিয়াৰিং ঘুৰালো যদিও ঘৰলৈ নগৈ বৰাক নদীৰ পাৰতে ৰ’লো|গোন্ধ যাওক|মুখখনো ধুই পেলালো|পুদিনহাৰা দুটাও খালো|কাম নিসিজিলে|সাঁজৰ গোন্ধনো ইমান সোনকালে যায় নেকি?চেহ কেইমাহমান আগতে দেবব্ৰত ককাইদেউয়ে কিটিপ এটা শিকাই দিম বুলি কৈছিলে|লৈ থোৱা হ’লে ভাল আছিল|এতিয়া পস্তাইছো|ৰুমলৈ গৈয়েই গৄহমন্ত্ৰীৰ মুখামুখি নহৈ বাথৰুমত সোমাই আধা ঘণ্টা মান মুখ ধুলো|নাই নাযায়|ইপিনে শ্ৰীমতীয়ে চাহ খাবৰ বাবে মাতি আছে|হঠাত্‍ ফ’নটো অহাতহে সকাহ পালো|বাথৰুমৰ পৰা ওলাই ডাইৰেক্ট ফ’নটো ধৰিলো|ধ্ৰুবৰ ফ’ন|সি দুষাৰ মান কৈ কাটিলে যদিও ম‍ই পেচেণ্টৰ লগত কথা পতাৰ ভাও ধৰি ক’লো “অ ম‍ই গৈ আছো, ইমাৰজেণ্সী ৰুমত ৰাখক”|শ্ৰীমতীয়ে সুধিলে পাকঘৰৰ পৰাই “ডিউটি নাই ক’ত যায় হে”|চিনাকী ৰোগী বুলি কৈ ওলাই আহিলো|ওফ ভগৱান ৰক্ষা|হস্পিতালত লগৰ ডাক্তৰ শুভজিত্‍ দাসৰ লগত গল্প মাৰি দুই ঘণ্টা গল্প মাৰি কটালো|গোন্ধ নাইকিয়া হোৱাত ঘৰত সোমালো যদিও ডাইৰেক্ট বাথৰুমত গা ধুবলৈহে সোমালো|শ্ৰীমতীয়ে এইবাৰ কামোৰ দিলে|কি ডাক্তৰ বাবু “ডাস্ত(ডায়েৰীয়া)” নেকি?ম‍ইহে গম পাইছো কি চলিছে মহাৰাণী|তুমিটো গম পালে কন্সিদাৰ নকৰা|মুখৰ ভিতৰতে ভোৰ-ভোৰালো|গা পা ধুই ভাত পানী খাই পোনাকনক ৰাখিলো অলপ দেৰি| টিকিয়ে বাচন ধুৱে মানে|তাৰ পাছত বিচনাত|হে হৰি ভাল বচালা দেই|
     সেই দিনা বাচি গ’লো|পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি|নিদিষ্ট দিনটোত পোনাকনক বাজলৈ অনা অনুষ্ঠান আৰম্ভ হ’ল|নিমন্ত্ৰিত অতিথি সকল আহিছে ম‍ই বহুৱাইছো মেলিছো|নাম আৰম্ভ হোৱা নাই|হঠাত্‍ খবৰ পালো যে অন ডিউটিত থকা ডাক্টৰ বেহুছ হৈ যোৱা বাবে একমাত্ৰ ৰেছিদেনচিয়েল ডাক্টৰ হিচাপে ম‍ই ডিউটিত যাব লাগে|মেডামৰ আদেশ|অনুষ্ঠান এটা ঘৰত পাতিছো বুলি জনা সত্বেও মেডামৰ এই হুকুম|ভোৰভোৰাই ধূতি খুলি ডিউটিলৈ ওলালো|শ্ৰীমতীয়ে আশ্বাস দিলে “আমি পাৰিম যাওক আপুনি”|হস্পিতালত কেচত লাগি থাকোঁতে সন্ধিয়া কেতিয়া হ’ল গমেই নাপালো|আহি পাই দেখো সুদিত এতিয়া মুহুদী খনো বাকী নাই|টিকি টিকি চিঞৰি ভিতৰ সোমালো যদিও|মাত নাই|কি বা হ’ল?মা মা কৰি চিঞৰিবলৈ লওঁতেই কানতলীয়া এটা পৰিল|সেইটো বা কিয় একো বুজি নাপালো|টিকিয়ে কালী গোঁসানীৰ ৰুপলৈ শোৱা কোঠাৰ পৰা বাহিৰ হৈ আহিল|আহিয়ে খোৱা টেবুললৈ চকু দিলে|ম‍ইও দেখি চিত্‍কাৰ কৰিবলৈহে বাকী|এটা সাঁজৰ বটল|নিজেতো ডেকা কালত খাইছাই মুতনী সোপা|জেমছৰ সুদি সেইকন মুখত দি পাতিবলৈ আহিছে|ডাক্টৰ হেনো|বুজি পালো কাণ্ডটো কি হ’ল|ম‍ই সাঁজখাই অহা ঘৰৰ মানুহ গৰাকী আহিছিল|আৰু আহোম মানুহ কাৰণে সুদিবুলি ভাবি মুখত দিবলৈ সাঁজ অকনমান…..লগতে ম‍ই তালৈ যাওঁতে কি কি কৰিছো তাৰ গুনানুকীৰ্তন….লগতে প্ৰথম চাকৰিত জৈন কৰাৰ পাচৰ তালৈ গৈ কৰা গলাধঃকৰণ কাণ্ডবোৰ|ৰাইজ এতিয়া শুবলৈ নাপাওঁ গোটেই ৰাতি পোনাটিক চাব লাগে|শ্ৰীমতী শুৱে,লগতে ৰাতিপুৱাৰ চাহো কৰিছো|লগতে পোনাকনৰ মুৰত ধৰি শপত এটা ফ্ৰী……:(|ৰাইজ সেইদিনা ৰাতি টিকিৰ গংগা,যমুনা আৰু সৰশ্বতীক বংগোপসাগৰ্ত পৰিবলৈ বাধা দিওঁতে কিমান কষ্ট কৰিব লগা হ’ল ম‍ইহে জানো :(|
      

  •  ঘৰ-সংসাৰ ১৩

   কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল|সেই ফাঁকি বচন মোৰ শ্ৰীমতীৰ লগত খাপ খোৱাব পৰা হ’লেতো কথাই নাছিল|সুখৰ ভাত এসাঁজ খালোহেঁতেন|পিছে শ্ৰীমতীৰ যিহে কথা বতৰা আৰু কালী গোসাঁনী টাইপৰ চাৱনি কিছুমান দিয়ে, ম‍ই চকুলৈও চাব নোৱাৰো|কিন্তু সেই মহা প্ৰতাপী মহাৰাণী বৰ বেয়াকৈ ধৰাশায়ী হ’ল পৰিস্থিতিৰ হাতত|দেখি বেয়া লাগিছিল যদিও ভালেই পালো|মানে মনে মনে|দেখুৱাই দিলেটো কথাই শেষ হ’লহেতেন|ৰাইজে চাগৈ ভাবিছে কি বা হ’ল মোৰ শ্ৰীমতীৰ|চাচপেণ্স নাৰাখো|কৈ দিছো শুনক, …….ৰৱ মুখত গুৱা এখন ভৰাই লওক|এনেও আপোনালোকে মোৰ “ঘৰ-সংসাৰ”ৰ অৱস্থা দেখি হাঁহিয়েই থাকে| গুৱাখন সোমোৱাই ল’লে হাঁহিব নোৱাৰিব বাপ্পেকে|হাঁহিলেই গোটেই পিকেৰে ভৰ্তি হৈ যাব আপোনাৰ কাপোৰ কানি|হেঃ হেঃ হেঃ|কিনো ফটা লেকচাৰ মাৰি থাকিম আৰু|কাহিনীলৈ যাওঁ আহক………..
    
    মানে শ্ৰীমতীক ম‍ই বিয়া কৰাই,নহয় পলুৱাই অনাৰ পাছৰ পৰা বহুত চেষ্টা কৰিছোঁ চিলেটী শিকাবৰ বাবে| পিছে নাই তেওঁ চিলেটী শিকাৰ নামেই নলয়|ম‍ইও আজিকালি শিকাবলৈ বাদ দিছো|অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা একেই কথা|এইকেইদিন আমাৰ মহাৰাণীৰ তামাম আৰাম হৈছে|মানে ১০মাহত ভৰি দিলে যে দুদিন আগতে, মানে দূৰ্গা পূজাৰ সপ্তমীৰ দিনা|গতিকে মায়ে শ্ৰীমতীৰ সমষ্ট কাম নিজৰ মুৰত লৈ বৰ বোৱাৰীয়েকক আজৰি কৰি দিছে|হোঃ, গৄহমন্ত্ৰীয়েও চাঞ্চ পাই ভৰিৰ ওপৰত ভৰি তুলি star plusত “बड़े अच्चे लगते हो” নে কিবা এখন মাৰি আছে, কাজু গলিয়াই গলিয়াই|ম‍ইও হস্পিতালৰ পৰা আহি ওচৰতে বহি একেবাৰে দৰকাৰী কথাটোৰে আৰম্ভণী কৰিলো|মানে আমাৰ মাজলৈ আহিবলগীয়াজনক কেনেকৈ অনা যায় তাৰ বিষয়ে|শ্ৰী মতীয়ে ডাইৰেক্ট কৈয়ে দিলে “ম‍ই সেই পেইন টেইন সহিব নোৱাৰো|আৰু তুমি যে “আশা কৰ্মী” বোৰৰ লগত চেম্বাৰত প্ৰেগনেণ্ট কেছ চালে কিবা টু ফিংগাৰ থ্ৰী ফিংগাৰ কৈ থাকা ম‍ই কিবা নাজানো বুলি ভাবিছা নেকি? গতিকে ডাইৰেক্ট চিজাৰিয়ান|ফুল এণ্ড ফাইনেল”|শ্ৰীমতীয়ে মোক কোৱাৰ চাঞ্চ নিদি একেবাৰে ডিফেঞ্চৰ পৰা বলটো নি মিড ফিল্ডাৰক চেৰ পেলাই মোৰ ডিফেঞ্চ ভাঙি কৰ্নাৰৰ পৰা তীব্ৰ শ্বট এটা মাৰি গ’ল কৰি দিলে|অবশ্য ম‍ইও কম নহয়, এমাহ আগতেই শিলচৰত চি্জাৰিয়ানৰ বাবে সকলো ফিটিং কৰি থৈছো|মোৰ পোনাকনক আদৰিবৰ বাবে|শ্ৰী মতীয়ে ভয় কৰে বুলিহে কোৱা নাছিলো|এতিয়া দেখিছো তেওঁ এখোপ চৰা|মোৰ বসন্তীখন মানে চেভ্ৰলেট বিটখনো চেক আপ এটা মৰোৱাই থৈছো|একেবাৰে সাজু যুদ্ধলৈ|ডবা শংখ বাজিলেই হ’ল|যুজঁত জপিয়াই পৰিম|

    আজি দশমী, হস্পিতালৰ  কামবোৰ কৰি থাকোতেই চিন্তা কৰিলো|পূজাখন অকলেই চাই আহিম গৈ|শ্ৰীমতীকটো নিব নোৱাৰি এই অবস্থাত|ততাতৈয়াকৈ কামবোৰ শেষ কৰি ঢাপলি মেলিলো ঘৰলৈ|গাটো ধুই ওলাই যাম আৰু শ্ৰীমতীৰ কাৰণে কিবা এটা লম|ঘৰ আহি পাই দেখো শ্ৰীমতী দেখোন শেনৰ এজাত|সাজি কাচি ৰেদি|অ মোৰ আই ক’তে মৰো|এই অৱস্থাত কোনোবাই পূজা চাবলৈ যায়নে?মায়েও ক’লে নালাগে যাব|নাই নামানে|ম‍ই ক’লো চিলেটীতে “সকাল থাকিয়া বেদনা মাৰে নিচ পেট’ চিমচিমাইয়া,এখন পূজাত যাই|মৰাৰ লাগি যাইতাই নি?”|হয়ো হয়|ৰাতিপুৱাৰ পৰা তলপেটত কিবা এটা বিষাই আছে বিষাই আছে কৈ আছে|পোনাকনৰ হাৰ্ট চাওণ্ড পিছে থিকেই আছে|মানে মনৰ সন্তুষ্টিৰ কাৰণে মাজে মাজে ম‍ই চাই থাকো তাৰ গতি বিধি|শ্ৰীমতীয়ে লগে লগে উভতি ধৰিলে “চিলেটীত গালি নাপাৰিবা কিন্তু কৈ থ’লো|ভালে ভালে মুখ হাত ধুই কাপোৰ পিন্ধি ব’লা|গোসাঁনীক সেৱা এটা কৰিয়েই উভতি আহিম”|গোসাঁনীক সেৱা কৰে,হোঃ নিজেই গোসাঁনীতকৈ কম নেকি? মনে মনে নিজকে ক’লো|অনিচ্ছা সত্বেও ওলালো পূজালৈ বুলি|বদৰপুৰত দ্বিতীয় বাৰ পূজা চাব ওলালো শ্ৰীমতীৰ লগত|ৰাস্তা যিহে বদৰপুৰৰ|প্ৰথমবাৰ আহোঁতে বদৰপুৰ-কৰিমগঞ্জ ৪৪নং ৰাষ্ট্ৰীয় ঘাই পথটো আমাৰ মথাউৰিটো বুলি ভাবিছিলো|হে হৰি শ্ৰীমতীক ভালে কুশলে ৰাখিবা আৰু|থেকেচনিত কিবা এটা অঘটন নহ’লেই ৰক্ষা|টাউন পাই দেখো আধা ৰাস্তাৰ পৰা গাড়ী যাবলৈ দিয়া নাই|খা বাপ্পেকে ভীমকলটো এতিয়া|শ্ৰীমতীক লাহেকৈ কাষতে লৈ হাতত ধৰি লাহে লাহে পূজা মণ্ডপৰ ফালে আহিলো|গৄহমন্ত্ৰীয়ে সেৱা ভাগি সম্পন্ন কৰিলে থিয় হৈয়েই|তাৰ পাছত ওলাই আহিলো লাহে লাহে ভীৰৰ পৰা|হওক তেও একো যে নহ’ল তেৰাৰ| ম‍ইতো ভয়েই খাইছিলো|পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি|ঘৰলৈ বুলি গাড়ীত উঠাৰ পাছতেই শ্ৰীমতী অনুভৱ কৰিলে এটা তীব্ৰ বিষ তল পেটত|মোৰ বুজিবলৈ বাকী নাথাকিল আৰু|টিকিক চিটত লাহেকৈ বহুৱাই এখন হাত খামুচি ধৰি এখন হাতেৰে দ্ৰাইভ কৰিলো ঘৰলৈ বুলি|ঘৰলৈ যাব নালাগিছ্ল যদিও গ’লো|টিকি এইবাৰ গাড়ীৰ পৰা উঠিবকে নোৱাৰিলে|কি কৰো কি নকৰো লাগিল|মেইনটেনেন্সত থকা বাবে ১০৮ৰ চাবিনা(চাবিনাক সকলোৰে মনত আচে চাগৈ) ফ্ৰী আছিল| তাইক ফোন কৰিলো|দ্ৰাইভাৰ আহাদক লৈ তাই আহিল লৰালৰিকৈ|আহিয়েই ক’লে সি “আজি দশমী,শিলচৰত সাধাৰণ গাড়ী সোমোৱাব নিদিয়ে|এম্বুলেন্সহে দিব”|অন ডিউটিত থকা নাৰ্ছ মনলতা হাজৰিকাই এবাৰ চেক কৰি ক’লে “১ ফিংগাৰ”|টাইম আছে হাতত|হস্পিতালৰ এম্বুলেন্স খবৰ কৰি নাপালো|দ্ৰাইভাৰ চুটীত|চাবি লৈ গৈছে|সৰ্বনাশ|অবশ্যে অলপ সকাহ পালো তেতিয়াহে, যেতিয়া আহাদে ফোন কৰি মেজিক(এম্বুলেন্স) এখন আনিলে|ইফালে শ্ৰীমতীৰ অৱস্থা কাহিল|মোক এৰি দিব খোজা নাই|হাত্খন য়ি ধৰিলে,এৰি দিয়াই নাই|মা,চাবিনা আৰু টিকিক পাছৰ চিটত দি আহাদক দ্ৰাইভ কৰিব দিলো|ম‍ই আহাদৰ কাষত|আৰম্ভ হ’ল আমাৰ শিলচৰ মুখী যাত্ৰা|ভঙা ৰাস্তাৰে হৰ্ন বজাই আগাবাঢ়িলো|মাজে মাজে শ্ৰীমতীৰ দুই এটা কেকনি ভৰা চিঞৰ|মনটো কিবা ভয় ভাবেৰে আগুৰি ধৰিলে|১৩০০ৰ ওপৰত ডেলীভাৰী কৰা মোৰ ডাক্তৰী মনটো কিবা অজান আশংকাত ডুবিল|নিজৰ হোৱা বাবে আজি প্ৰথম বাৰৰ বাবে বুজিলো কিমান কষ্ট আৰু ভয় থাকে ডেলীভাৰী কেছবিলাকৰ ঘৰৰ মানুহ বিলাকৰ|হে ভগৱান দুই ঘণ্টা সময়ৰ ঠাইত চাৰে তিনি ঘণ্টা ল’লে শিলচৰ পোৱাৰ বাবে,কাৰণ পূজাৰ বতৰ|পিছে লাষ্টৰ ১০ কিঃমিঃ আমি বেলেগ এটা ৰাস্তাৰে যাব লগা হ’ল|মেইন লাইনত ন’ এন্ট্ৰী|আগবাঢ়িলো|পিছে আগবাঢ়িব নোৱাৰিলো দুই কিঃ মিঃ মান গৈ|গাড়ীৰ এটা লম্বা লাইন|হে ভগৱান কি কৰা যায় এতিয়া|ইপিনে শ্ৰীমতীৰ চিঞৰ বাখৰো বাঢ়ি আহিছে|এটা সময়ত গাড়ী আগনবঢ়া হ’ল|ফচি গ’লো ট্ৰেফিকজামত|ভগৱানৰ নাম নোলোৱা মোৰ মুখেদি ১০বাৰ মান ভগৱানৰ নাম বাহিৰ হ’ল|ইপিনে ককাইদেউ আৰু শ্ৰীমতীৰ ঘৰৰ পৰা ফোনৰ ওপৰত ফোন|দেউতাক লগত লৈ ককাইদেউ ফ্লাইটত আহিব হেনো ৰাতিপুৱা|চাবিনাক ক’লো “চাবিনা চেক কৰাচোন এবাৰ টিকিক”|ম‍ই আৰু আহাদ নামি গ্লাছ উঠাই দিলো|চাবিনাই চেক কৰি ক’লে “থ্ৰী ফিংগাৰ লুজ”|মৰ এতিয়া ক’ত মৰ|বেছি দেৰি নায়েই|আহাদক ক’লো|কাটি কুটি নিব পাৰি নেকি চোৱাচোন|আহাদে আপ্ৰান চেষ্টা কৰি এক কিঃ মিঃ মান নিলে|আৰু নোৱাৰিলে|ইপিনে শ্ৰীমতীৰ গগন ফলা চিঙৰ আৰম্ভ হ’ল|শ্ৰীমতীৰ ফালে চাওঁতে দেখিলো,আওলি বাওলী চুলিৰে ঘামেৰে তিতি যোৱা মোৰ টিকিজনীৰ তেনেই অৱস্থা কাহিল হৈ গৈ্ছে|ম‍ই আগন্তুক কি কৰিব লাগিব প্লেন কৰিয়েই পেলালো|ম‍ই নামি গৈ কাষৰ মানুহ বোৰক সুধি ফাৰ্মাচী থকা মানুহ এঘৰৰ পৰা কিছু প্ৰয়োজনীয় বস্তু লৈ আহিলো|লগতে আনিলো কাপোৰ মেলা ক্লিপ আৰু গৰম পানী|বাকী সৰহ সংখ্যক প্ৰয়োজনীয় বস্তুৱেই নাপালো|আহি দেখো চাবিনাই মা থকাৰ বাবে অলপ আমনি পাইছে|মাক কথাটো ক’লো কানে কানে|মায়ে ওলোটাই ভেকাহি এটা মাৰি ক’লে “তোৰ জন্ম ঘৰতেই হৈছিল বোপাই,আধা বাহিৰ হওঁতেই হাতখনত ধৰি ম‍ইয়েই টানি বাহিৰ কৰিছিলো তোক|চাবিনাক ক তাই কামত লাগক,ম‍ই সহায় কৰিম”|চাবিনাই সকাহ পালে|আহাদে উৱাদিহ নাপাই চিলেটীতে টিকিক প্ৰবোধ দিছে “মেডাম আংগাজ কৰককোৱা, আংগাজ কৰ’ আংগাজ ক’ৰ(সহ্য কৰক, সহ্য কৰক)”|কোনো দিন চিলেটী নোকোৱা মোৰ শ্ৰীমতীয়ে খঙতে আহাদক চিলেটীতে গালি দিলে “ধুৰ বেটা কিটা আংগাজ কৰতাম, আমাৰ নিচে দিয়া বাহিৰ হৈয়া যাই”|মোৰ কপালত পানী লোৱা অৱস্থা|হে হৰি হাঁহিমনে কান্দিমেই একো বুজা নাই|ম‍ই আৰু আহাদ গাড়ীৰ বাহিৰত উচপিচাবলৈ লাগিলো|মনত পৰিল হস্পিতালৰ প্ৰসৱ কোঠাৰ বাহিৰত উচপিচাই থকা বাপেকবোৰৰ মুখবোৰ|অলপ দেৰীৰ পাছত শুনিলো সেই পৰম আকাংশিত চিঞৰটো|পোনাকনটোৰ কান্দোনৰ|চাবিনাই মোৰ হেল্প বিছাৰিলে|সকলো কাম সমাধা কৰিলো এটা এটাকৈ|কাপোৰ মেলা ক্লিপ দুটা দি ক্লেম্প কৰিলো|ভাগ্য মায়ে লগত কিছু বগা শুকান গৰম পানীত উতলাই থোৱা কাপোৰ আনিছিল|শ্ৰীমতীলৈ চালো|লাহেকৈ চকুহাল মেলি শেতাঁ হাঁহি এটা মাৰিলে|পোনাকনক মাৰ কোলাত গতাই দিওঁ মানে ৰাতি ১ টামান বাজিল|পিছে বিপদে সহজে লগ নেৰে|চাবিনাই ক’লে “ছাৰ ব্লিদিং”|চক খাই উঠিলো|কাৰণ এইটো এটা প্ৰধান কাৰন মাতৄৰ মৄত্যুৰ|ঔষধৰ দোকানৰ পৰা অনা সীমিত চেলাইন আৰু মেদিচিনেৰে কাম চলাই দিলো|ভগৱানে সহায় কৰিলে সেইখিনি সময়তে|জাম ভাঙিল|৫ মিনিটতে হস্পিতাল পালো|তাৰ আগতে আমাৰ গাড়ীৰ ওচৰে পাজৰে থকা দুজনমান মানুহে মোক বাপেক হোৱাৰ বাবে কংগ্ৰেচুলেট কৰিলে|হস্পিতালত টিকিক প্ৰসৱ কোঠাত দুই ঘণ্টামান ৰাখি কেবিনত দিলে|টিকিক সুস্থ দেখিহে শান্তি হ’ল|পুৱালৈ দেউতা পালেহি ককাইদেউৰ স’তে|সৰুৰে পৰা মানসিক বাধাগ্ৰস্ততা থকা দেউতাই কনমানিটোলৈ আঙুলিয়াই সুধিলে “এ এ এ এ টু কা লআ অ’(দেউতা খোনা ৰ আৰু ল টোত অসুবিধা হয়)?”|মোৰ চকুপানী ওলাই গ’ল|তথাপিও ক’লো “মোৰ দেউতা”|তেতিয়া দেউতাই কোলাত লৈ মৰম কৰি ক’লে “অকন”|মোক দেউতাই সৰুকন বুলি মাতে|সেয়ে অকন বুলি ক’লে চাগৈ|বুজি নাপালো যদিও কনমানিটোৰ ঘৰত মতা নাম দেউতাই দিয়াটোৱেই থাকিল|”অকন”|মোৰ পোনাকন ভূমিষ্ঠ,নৌকাষ্ঠ,হস্পিস্তালাষ্ঠ এইবোৰ একো নহৈ মেজিকাষ্ঠহে হ’ল|দুদিন পাছত কোৱাৰ্টাৰলৈ আহিলো|আকৌ মাজে মাজে শ্ৰীমতীৰ কেচাঁইখাইতীৰ দৰে চাৱনিবোৰ আৰম্ভ হ’ল লাহে লাহে|চলি থাকিল ঘৰ-সংসাৰৰ খুট খাটবোৰ|পিছে ৰাইজ ম‍ই  বাপেকী হ’লো দেই|
    

  • ঘৰ-সংসাৰ ১২

    এই কেইদিন আমাৰ বদৰপুৰত তামাম বৰষুণ|আমাৰ পিছফালৰ পুখুৰীটোৰ পাৰত ভেকুলীমখাৰ টোৰটোৰকৈ RA-ONE চিনেমাত গোৱা “একন”ৰ ক্ৰিমিনেল গানটোৰ কৄপাতেই হওক বা আইমাতৄয়ে বিছনাত পৰাৰ সময়ত গেলা গৰমৰ কাৰণে বৰুণ দেৱতাক কৰা আবাহনৰ কাৰণেই হওক|মুঠতে মুষলধাৰ বৰষুণ এজাক হব‍ই হ’ব|কেনিও ওলাব নোৱাৰি তেতিয়া|সেই সুযোগতে হস্পিতালত ৰোগী নোহোৱাৰ চলেৰে শ্ৰীমতীৰ হাতেৰে গৰম গৰম পকৰিৰে সৈতে সাউতকৈ চাহ একাপ খাই যাওঁহি|এই বৰষুণৰ বতৰতে আমাৰ কাষতে থকা বি.পি.এমৰ পৰিয়ালৰ কমাণ্ডাৰ-ইন-চীফ, প্লাটুনটোৰ সৈতে উলাইহি,মানে শ্ৰীমতী বৰানী তেখেতৰ চাৰিটা চানা-পোনাৰ সৈতে|ইফালে গোতেই চাৰিটা উত্‍পাতাসুৰৰ বংশধৰ|আহিয়েই পাকঘৰত সোমাই লংকা কাণ্ড আৰম্ভ কৰে|আগতে শ্ৰীমতীয়ে হকাবাধা কৰিলেও এইবাৰ শৰীৰে নকয়|মানে ৮ মাহৰ লেঠা|গতিকে আজি কিহে পায় সেই জম্ভাসুৰৰ দ’লটোক|৯ বছৰীয়া ডাঙৰটোৱে নেতৄত্ব দি গোটেই বিস্কুট,পকৰি,ফলমূল শেষ কৰিলে| শেষৰ দুটাই শৰীৰৰ হালধীয়াখিনি আধাকেজি মানকৈ  থৈয়ো গ’ল| মানে ডেৰ কেজিমান হাগি থৈ গ’ল চোতালত কিনকিনীয়া বৰষুণৰ মাজতে|আইমাতৄয়ে বকি বকি ধাৰ নথকা কোৰখনেৰে পেলালে আমাৰ একমাত্ৰ ডাষ্টবিন হিচাপে ব্যবহৄত পিছফালে থকা পুখুৰীটোলৈ|শ্ৰীমতীৰ ওফোণ্ডা গাল দুখন দেখিয়েই গম পাছিলো একো নোকোৱাকৈ|চুপচাপ সোমাই ভৰিহাত ধুই নিজেই চাহকাপ তৈয়াৰ কৰি খালো|কঁদোৰ গাঁতত হাত নুসুমুৱাটোৱেই বুদ্ধিমানৰ কাম|

    ৰাতিলৈ দৈবৰ দুৰ্বিপাকত পৰি পুৰণি চোলা এটা পিন্ধাৰ বাবে উঠিল খজুৱতি মানে এলাৰ্জী|১২ মান বজাত খজুৱতিত তত নাপায় শ্ৰীমতীক ক’লো “মাৰ টেবুলটে লেভ’চিন-এম(মানে লেভ’চেট্ৰিজিন টেবলেট) বুলি লিখা এটা টেবলেট আছে লৈ আঁহা”|আনি দিয়াৰ লগে লগে খাই দিলো থপিয়াই শ্ৰী মতীৰ হাতৰ পৰা|খজুৱতি নকমিল, কিন্তু আধা ঘণ্টা মানৰ পাছৰ পৰা ১৫ মিনিট মুৰে মুৰে মু্ত্ৰ বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ ধৰিলে|ইফালে বাথৰুমত পানীও নাই|পাছফালৰ পুখুৰীটোৰ পাৰতে….|পুখুৰীৰ পাৰলৈ অহা যোৱা কৰি কৰি ৰাতি পুৱাল|অহা যোৱাৰ প্ৰ্কোপত পাহৰিয়েই গ’লো যে মোৰ এলাৰ্জী হৈছিল|শ্ৰীমতীয়ে ভুলতে বেলেগ ঔষধ দিয়া নাইতো?নহ’লে এলাৰ্জীৰ টেবলে্টৰ নতুন চাইদ এফেক্ত নহয়্তো?ডাক্তৰী মন সন্দিহান হ’ল|মনটো গোন্ধাই আছিলেই|ৰাতিপুৱা মায়ে কথা এষাৰ কোৱাত সকলো পৰিষ্কাৰ হ’ল|”অকনি অ’ ৰাতি এলাৰ্জীৰ টেবলেট বুলি ভুলতে ৰাতি পুৱা খোৱা টেবলেটতো খুলি পেলাইছিলো|পাচত বাকলি চটা দেখিহে|এলাৰ্জীৰ টেবলে্টতো খাই সেই বাকলিচটাতে সুমুৱাই থৈছিলো ৰাতিপুৱা খাবলগীয়াটো|পিছে এতিয়া বিছাৰি পোৱা নাই দেখোন?বিছাৰি দেচোন”|গোটেই ৰাতি অহা যোৱা কৰাৰ ৰহস্য এতিয়াহে ফাদিল হৈছে|মানে শ্ৰীমতীয়ে ৰাতি মোক দিয়া এলাৰ্জীৰ টেবলেটতো মায়ে ৰাতিপুৱা খোৱা লেচিক্স টেবলেটহে আছিল|ক’তে মৰো?

    আমাৰ গৄহমন্ত্ৰীৰ আকৌ এই এল’পেথিক ঔষধত আস্থা নাই|কিবা হ’লেই মাক আৰু শাহু মাতৄৰ পৰামৰ্শ মতে পটাত পিহি বনদৰৱহে খায়|কাৰবাৰটো বৰ ভাল নহয় যদিও ম‍ইও মাজে মাজে তেখেতক ইম্প্ৰেছ কৰাৰ স্বাৰ্থক কেহা জ্বলাবোৰ টানি থাকিব লাগে|হওক তেও এইবোৰৰ মাজতে মৰম চেনেহবোৰ অটুট আছে|এবাৰতো তেখেতে মোক চিৰতা খোৱাই দিছিল|পটাত পিহি|কি যে অকটা তিতা|মৰমবোৰৰ কথা মনত পৰিলেও মানুহে চিৰতা খাব নোৱাৰে দেই|পিছে অমুকাক খাবলৈ দি শ্ৰীমতীয়ে যিটো চাৱনিৰে চাই আছিল|একেবাৰে শাৰদীয় মহিষ মৰ্দিনী ৰুপ|একো চাবলৈ নহ’ল|মাৰি দিছিলো একে চিপতে শেষ কৰি|পিছে তাৰ পাছত যি অৱস্থা হৈছিল ভুক্তভুগীয়েহে জানে|

    আমাৰ এখেতৰ আকৌ বৰ সুন্দৰ চখ এটা আছে, মানে তামাম ৰোমণ্টিক চখ|বৰষুণ দিলেই হ’ল, আধা ঘণ্টামান তিতিব’লে দিব‍ই লাগিব|পিছে এইবাৰ নেচেল|মানে তেৰাৰ ৮ মাহ ৰানিং যে|মোৰ কঠোৰ নিৰ্দেশ|বৰষুণত ভিজা নহ’ব|কামৰ পৰা আহি দেখো গৄহমন্ত্ৰীয়ে চিপচিপীয়া খিড়িকীৰে বৰষুণ জাকলৈ চাই আনমনা হৈ বহি আছে|বেয়াই লাগি গ’ল|নাই আৰু নোৱাৰি|শ্ৰীমতীৰ সপোন ম‍ইয়ে পুৰণ কৰো বুলি নিজকে চিপচিপীয়া বৰষুণ জাকত তিয়াই পেলালো তেখেতৰ আগত|শ্ৰীমতীৰ মলিন মুখখন উজ্জ্বল হৈ উঠিল|কৰিঅ’গ্ৰাফীৰ ডাইৰেকচন কৰাৰ দৰে মোকো ভিতৰৰ পৰাই উল্লাসিত হৈ কৈ থাকিল “এনেকৈ হাত দুখন মেলাচোন,এনেকৈ ওপৰলৈ চোৱাচোন”|মানে বৰষুণ জাক উপভোগ কৰাইছে|পিছে মোৰ ভয় লাগিল সৰুকালৰ পুৰণি এজমাটোলৈহে(হাঁপানী বা ডিঙি বজা ৰোগ)|কিজানি চাঞ্চ পাই হেঁচা মাৰি ধৰে|সেই কাৰণে বৰষুণৰ পৰা প্ৰায়ে তিনিহাতমান দূৰৈত থাকো|তিতি শেষ হোৱাৰ পাচত শ্ৰীমতীয়েই মুৰ টুকি দিলে|মায়ে দেখি চিঞৰি ক’লে “বোপাই ৰাতিলৈ ডি্ঙি বাজিলে গম পাবি”|শ্ৰীমতীয়ে মাক সুধি সুধি আছল কথা উলিয়ালে|মানে গোটেই দিটেইলছত|মাৰ কথাও আধা ফলিয়ালে,ৰাতিলৈ জ্বৰ|ভাগ্য যেনিবা সেই পুৰণি ৰোগফেৰা নহ’ল|পিছে শ্ৰীমতীৰ চিন্তাক্লিষ্ট মুখখনি দেখি বেজাৰেই লাগিল|পিছদিনা আবেলি জ্বৰীয়া গাৰে অফিচৰ পৰা অহাৰ পাছত গৄহমন্ত্ৰীৰ উজ্জ্বল চেহেৰা দেখিয়েই গম পালো আজি কিবা এবিধ বনদৰৱ ফ’ন যোগে আহিছে|মানে আকৌ বনদৰৱৰ অত্যাচাৰ|হয় মোৰ ধাৰণাই ১১০% শুদ্ধ|নে…..হী…..|পিছে শ্ৰীমতীৰ নাচোৰবান্দা অভ্যাসৰ আগত হাৰ মানি খাই দিলো ক’লা ক’লা মাছৰ পিতিকাৰ দৰে শ্ৰীমতীৰ আমোঘ অস্ত্ৰবিধ|বমি মানে গোটেই পেটৰ নাড়ী-ভুৰ ডাং খাই আহিব খুজিছিল বিদ্ৰোহ কৰি|বহুত কষ্ট কৰি ভাৰত চৰকাৰে আন্নাজীক ঠাণ্ডা কৰাৰ দৰে ঠাণ্ডা কৰিলো|কি খোৱালে অ’ চিৰতাতকৈ বেছি তিতা দেখোন|শ্ৰীমতীক সুধিলো কি খোৱালানো? নকয় তেৰাই|বাহিৰ কৰিলো দৰৱৰ ৰেচিপিটো বৰ কষ্ট কৰি|পিছে ৰাইজ নজনা হ’লেই ভাল আছিল নেকি?কি খোৱালে জানে? আমাৰ পাছফালৰ পুখুৰীটোত থকা লালুকী পোৱালিৰ পিতিকা|হাঁপানীৰ মহৌষধ হেনো|কথাষাৰ শুনি চিধাই লৰ ধৰিলো বাথৰুমলৈ|দৌৰি যাওঁতে মনত পৰি গ’ল পুখুৰীটোত পেলোৱা বৰানীৰ উত্‍পাতাসুৰ কেইটাৰ ডেৰ কেজি ওজনৰ হালধীয়াখিনিলৈ…..ৰাতি পুখুৰীত ম‍ই কৰা মূত্ৰ বিসৰ্জন..ভেকুলীৰ সমদল গীতকেইটা….:(|ৰাইজ আৰু কিমান সহিব লাগিল বাৰু? ও….ৱা…..ক|

      

  • ঘৰ-সংসাৰ ১১

       বিয়াৰ আগতে ভয় কৰিছিলো মালৈ আৰু ককাইদেউলৈ, তাকো মাৰ খোৱাৰ ভয়ত|বিয়া পতাৰ পাছত মাৰ কানতলীয়া কেইটা শতকৰা হাৰ হিচাপে ৫০% মান কমিল যদিও শেষ হোৱা নাই|নহ’ব কিজানি আইমাতৄ জীৱিত অৱস্থাত,টিকিয়েও কেতিয়াবা নাখালেহে ৰক্ষা|অৱশ্যে মাৰ খোৱাৰ মজা এটাও নথকা নহয়|তাৰ পাছত বিয়া পতাৰ লগে লগে প্ৰথম ভয়ৰ কাৰণটো অধিকাৰ কৰি পেলালে গৄহমন্ত্ৰীয়ে|এইষাৰ শুনাৰ পাচতেই কিজানি বিবাহিত দুজনমানে ভাবিলেই চাগৈ “অ বোপাই কিয়নো লজ্জাজনক সঁচা কথাটো কৈছানো?নিজৰ মাজতে সোমোৱাই থ’ব পৰা নাই নেকি?”|ম‍ই এতিয়া তেওঁ লোকক কম “দোষ-দায় নধৰিব দেউ সকল|ঘৰত তেৰাৰ আগত ক’ব নোৱৰো যে,সেই গতিকে ইয়াতেই কৈছো আৰু”|বাৰু বাদ সেইবোৰ| শ্ৰীমতীৰ পাছত ম‍ই ভয় কৰা বস্তুটো হ’ল সেই দীঘলকৈ কিলবিলাই চুচৰি যোৱাবিধ|যি বিধৰ খঙ উঠিলে যদি একামোৰ দিয়ে তেন্তে যম আহি হাজিৰ হ’বলৈ মাত্ৰ কেই মিনিট মানহে লাগে|মানে ম‍ই সাপৰ কথা কৈছো|চেহ,মৰিলো ম‍ই|কনদাই, মনদাই আৰু বৰদাই|তিনি তপাৰ নাম আকৌ, ৰাতিখন দীঘলৰ নাম ল’লো যে|তিনি টপা মোৰ দদাইদেউ কেইজনেই দেই|এতিয়া সিহঁতৰ বাপৰ সাধ্য নাই মোক কিবা কৰিবলৈ|হেঃ হেঃ হেঃ|উপায় নাই ডাক্তৰ হ’লেও| সেই জীৱ বিধেই এনেকোৱা|যাৰে তাৰে সৰু পানী চুৱাই দিব পাৰে|শ্ৰীমতীয়ে এইটো কথা খুব ভালকৈ জানে|মোৰ আকৌ শ্ৰীমতীয়ে সেই কৌটিকলীয়া জীয় দুবিধকহে ভয় কৰে|মানে পঁইতাচোৰা আৰু বতা নিগনী|কৰিবলগীয়া কথাও|কথাটো বহুত দিনলৈকে বুজ পোৱা নাছিলো|কাৰণ মোৰ কোৱাৰ্টাৰত সেইদুবিধ জীৱৰ উপদ্ৰৱ কম|ফেনাইলৰ প্ৰকোপত আহিব পৰা নাই তেৰা সবে ৰাজ্য জয়ৰ বাবে|কিন্তু শেষ ৰাতি ভিতৰি ভিতৰি যে প্ৰস্তুতি চলাই থাকে  শ্ৰীমতীৰ কাণ্ড এটাৰ পাছতহে গম পালো|এ্ৰদিন ৰাতি শ্ৰীমতীয়ে প্ৰায় ১২মান বজাত শোৱা কোঠাৰ পানী শেষ হোৱা বাবে ফিল্টাৰৰ পৰা পানী আনিবৰ বাবে পাকঘৰলৈ গ’ল|তাৰ পাছত পানী ভৰাই থাকোতেই দুঃসাহসী বতা নিগনী এটাই লগৰ এজনীক ইম্পেছ কৰাৰ ধাণ্ডাত সুঙা এটা মাৰি দিলেহি শ্ৰীমতীৰ ভৰিত|কাণ্ডটো দেখি শ্ৰীমতীৰ তালুৰ আগে জীৱ গ’ল|ইফালে চিঞৰিবও নোৱাৰে, মা আছে|আত্মৰক্ষাৰ স্বাৰ্থত দিলে গেছৰ টেবুলখনতে জাপ মাৰি উঠি দিলে সাত মহীয়া লেঠা থাকোঁতেই|ইপিনে বতা নিগনীয়েও জয়ৰ গোন্ধ পাই লগৰজনীক লৈ শ্ৰীমতীৰ টেবুলৰ তলতেই ডেটিং মাৰিবলৈ ল’লে|এনেই মৰিছো ৠষিৰ শাপত, তাতে আকৌ দিছে ধানৰ ভাপত|সেই সময়তে একদম ক্লাচিক এণ্ট্ৰি মাৰিলে পঁইতাচোৰাৰ এটা ঘোচখোৰ সঁজাতী দলে|ইফালে শ্ৰীমতীৰ অৱস্থা চাবলগীয়া হৈছে|ঘামি জামি শেষ|মাক মাতিবও নোৱাৰে| কাৰণ আমাৰ বিয়াৰ পাছতেই মায়ে হাতেৰে বতা নিগনী এটা ঢকা মাৰি মৰা দেখি টিকিয়ে অবাক লাগি চাইছিল| মায়ে টিকিক ভয় কৰা নেকি সোধাত তপৰাই নকৰো বুলি কোৱা কিজানি বেছিদিন হোৱাই নাই|সেয়ে গৄহমন্ত্ৰীয়ে একো কৰিব নোৱাৰি টেবুলৰ ওপৰতে ৰ’ল|সেই সময়তে ভুতৰ ওপৰত দানহ পৰাদি কাৰেণ্ট গুচি গ’ল|মাত্ৰ গেছৰ টেবুলখনতহে জোনাকৰ পোহৰ|শ্ৰীমতীয়ে শেষত টেবুলৰ ওপৰতে ৰাতিতো কটালে|ৰাতি পুৱা ম‍ই নাইট ডিউটিৰ পৰা আহি তেৰাক গে্ছৰ টেবুলৰ ওপৰতে দেৱালত আঁউজী টোপনি মাৰি থকা অৱস্থা্ত পালোহি|ইফালে বতা নিগনীটোৱে লগৰ জনীক ডাব্লল ইম্প্ৰেছ কৰো বুলি এইবাৰ মোলৈকো খেদা মাৰি আহিছিল|একে গৰকে তাৰ বৰ বেয়াকৈ ইহলীলা সম্বৰণ হ’ল|প্ৰথমে ভয়েই খাইছিলো টিকিক টেবুলৰ ওপৰত দেখি| পিছত গোতেই কাণ্ডটো শুনাতহে হাঁহিত ৰ’ব নোৱাৰা হ’লো|মায়ে ৰাতিপুৱাই ৰাতিপুৱাই অট্টহাস্য শুনি সুধিলে “কি হ’ল অ’ বৰ হাঁহি দেখোন, পাগল হ’লি নেকি দুইটা”|মাক কওঁনেকি সোধাত শ্ৰীমতী মুখতে হাত দি ধৰিলে|মাক কওঁ বুলি ভাবিছিলোহে,শ্ৰীমতীয়ে…..
        
       মই আকৌ এতিয়া প্ৰায়ে পঁইতাচোৰা আৰু বতা নিগনী নিধন কৰি শ্ৰীমতীৰ আগত বীৰত্ব প্ৰকাশ কৰিয়েই থাকো|মাজে মাজে শ্ৰীমতীক পঁইতাচোৰা আৰু বতা নিগনীৰ লগত হোৱা কাণ্ডটো মাক শুনাই দিম বুলি আবেলি লাল চাহকাপ ব্লেকমেইলিং কৰি খাওঁ|বৰ সুবিধা হৈছে ৰাইজ|পিছে ভুলতো ভবা নাছিলো অতিশীঘ্ৰে ম‍ইও ফঁচিম বুলি|সেইদিনা আছিল শনিবাৰ|মই সন্ধিয়া আহি ঘৰ সোমাইছোহি প্ৰায় ৫.৩০ মানত|গান এটা গুন-গুনাই বেগটো থৈ পিছ ফালৰ বাথৰুমত সোমাবলৈ যাওঁতেই পিছ্দুৱাৰেদি চোতালত জোনৰ পোহৰত চিকমিকাই লৰচৰ কৰি থকা বস্তু এটা দৄষ্টিগোচৰ হ’ল|ইংৰাজী S টোৰ নিচিনাকৈ|মানে সেই দীঘলবিধেই|ঢোক কৰি ডিঙিৰ পৰা সেপ ঢোকাৰ শব্দ এটা বাহিৰ হ’ল|ইতিমধ্যে শ্ৰীমতী আহি হাজিৰ, তেওঁৰো অৱস্থা নাই ভয়ত|তথাপিও মোক ক’লে “মাৰিবা জানো মোৰ এই অৱস্থাত|আৰু তুমি দেখোন সাপ ভয়েই কৰা”|বুকুৰ তলৰ ফালে নিজৰ সাতমহীয়া অৱস্থাটোৰ ফালে চাই ক’লে|ৰাম ৰাম ইফালে মোৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ অৱস্থা|শ্ৰীমতীয়ে মোক এই অৱস্থাটো খোচ মাৰিবলৈ নেৰিলে”তুমি মতা মানুহ,মাৰিব নালাগে”|মতা মানুহ শব্দতো অলপ জোৰকৰি কোৱা শুনিলো|হে হৰি এই অৱস্থাতো কামোৰ দিছে|ইতিমধ্যে ঘটনাস্থলীত আই মাতৄৰ প্ৰবেশ হাতত ঊলগুঁঠা সামগ্ৰী লৈ|মায়েতো দেখিয়েই ক’লে “কিহৰ মতা হৈছ হেৰৌ,বাপেৰে হোৱা হ’লে ইমান টাইম সেইটোৱে যমৰ নগৰ দেখি কোনোবা গাঁতত সোমালেগৈহেঁতেন”|মাৰ কথা শুনি শ্ৰীমতীৰ গহীন হাঁহিৰ লগতে মুৰ গৰম হোৱা কামোৰ “তুমি দেউতাৰ ল’ৰা হয় জানো?”|এইবাৰ দেউতাৰ কথা আহি যোৱাত বাৰণ্ডাত থোৱা বাঁহৰ লাঠীডাল লৈ আগবাঢ়ি গ’লো|শ্ৰীমতী টৰ্চ লৈ ৰেদি |মানে সাপ মৰা চাব|যিমানে দীঘলটোৰ ওচৰ চাপিছো সিমানে হাত কঁপিছে আৰু প্ৰায় সৰু পানী চুওঁ চুওঁ অৱস্থা|প্ৰায় লাহে লাহে গৈ ৮ফুটমান ওচৰ পালোগৈ|জোনাকৰ পোহৰত এইডাল আৰু জিলিকিছে|বগা ক’লা|আও এইডাল দেখোন দেখোন একেবাৰে লৰচৰ নোহোৱা জাতৰ| মানে সখা সাপ চাগে|অন্ততঃ ম‍ই ওচৰ চাপি যোৱা দেখি পলাই যা বোপাই,গাখীৰ খোৱাম তোক|সাপটোক উদ্দেশ্যি মনতে ক’লো|পিছে তেৰা অলৰ অচৰ|সাপটোৰ ওচৰ চাপিছো মানে মোৰ তলৰ ফালে প্ৰায় যাওঁ যাওঁ অৱস্থা|শেষত ক’ৰ পৰানো বল আহিল জানো, দিলো সাপটোৰ সোঁমাজতে চাৰিবাৰ মান পূৰ্নহতীয়া মাৰ|আই ঔ কি সাপ অ’|কেটকুটেই নহ’ল|আৰু এমাৰ মৰাৰ পাচতেই শ্ৰীমতীয়ে টৰ্চ মাৰি মই মৰিয়াই থকা সাপটো দেখি খিলখিলাই হাঁহি দিলে|সাপটোলৈ চাওঁতে দেখিলো সাপৰ ঠাইত ৰাতিপু্ৱা কাম কৰা মানুহটোৰ ক’লা চিকচিকীয়া প্লাষ্টিকৰ চেণ্ডেলযোৰ|আমাৰ কোৱাৰ্টাৰৰ পুখুৰীটোত জোনৰ পোহৰ পৰি প্ৰতিফলিত হৈ চেণ্ডেলযোৰৰ ওপৰত পৰি ফিটাদুযোৰে Sৰ ৰুপ পাই চিকমিকাই আছে|মায়ে ভিতৰৰ পৰাই শুধিলে “মৰিলেনে?”|মই লাহেকৈ ক’লো “মৰিলে|কিন্তু ঢোৰা সাপহে”|এতিয়া শ্ৰীমতীক আবেলিৰ চাহ ম‍ই সদায় তৈয়াৰ কৰি খোৱাই আছো|নহ’লে মা আৰু ঘৰৰ সকলোটিৰে আগত মোৰ ৰস ৰচনা মেলিব….   ৰাইজ 😦 ???

  •   ঘৰ-সংসাৰ ১০

       মোৰ আকৌ শ্ৰীমতীৰ ঘৰৰ মানুহৰ লগত বৰ মিলামিছা হোৱা নাছিল|তাতে শ্ৰীমতীৰ বাপেক ৰঙা টুপীৰ ডিপাৰ্টমেণ্টৰ মানুহ|বিয়া পতাৰ পাছত মিতিৰ হোৱাই নাই|মাজতে শুনিছিলো বোলে শ্ৰীমতীৰ বাপেকে বোলে এখেতক ত্যাজ পুত্ৰী ঘোষনা কৰিবলৈ লৈছিল|মিতিৰ হোৱাৰ নামেই নলয়|মাজতে মোৰ ককাইদেউৱে সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল যদিও কোনো গুৰুত্ব নিদিলে হিটলাৰে, মানে বাপেকে|ম‍ই হিটলাৰ বুলি ক’লে শ্ৰী মতীয়ে বেয়া পাই যদিও ম‍ই কৈ ভাল পাওঁ|পিছে এইবাৰ হাইঠা মাটিত নামিল|শ্ৰীমতীৰ ৬ মাহৰ লেঠাৰ খবৰ পাই মোৰ শহুৰ আৰু শাহু দুইও দৌৰি আহিল|মানে নাতি হোৱালৈ নৰ’লেই |হেজাৰ হলেও ঘৰৰ একমাত্ৰ ছোৱালী|ম‍ই পেটে পেটে ভাল পালেও কৄটিম খঙটো অকনমান দেখুৱাবলৈ  নেৰিলো|মোৰ মা্ৰো উলাহ কুলাই পাচিয়ে নধৰা হ’ল|লাভৰ মূৰত ম‍ই নিজে ৰোগী চোৱা বিচনাত শুব লগা হ’ল,চাৰি মিটাৰমান দীঘল আঠুৱাৰ ৰচী টানি|মনৰ মাজতে বুঢ়া বুঢ়ীক গালি পাৰি পাৰি টোপনি যাওঁ|ইফলে মোৰ মা,শহুৰ আৰু শাহুৰ উত্‍পাতত শ্ৰীমতীৰ কাষ চাপিব নোৱাৰা হ’লো ম‍ই|দিনটো হস্পিতালতে ব্যস্ত থাকো|ৰাতি আহি মাত্ৰ শুৱাৰ সময়ত আঠুৱা তৰিবলৈ আহোতে শ্ৰীমতীক লগ পাওঁ|অকনমান মৰম কৰিবলৈ লওঁতেই মাৰ মাতষাৰ আহি কানত পৰে|টিকি ,অ টিকি,মাজনী ক’ত আছানো?মোৰ তামোলখন ক’ত?মিঠা আবেশত ডুব যাব লওঁতেই সেই চিঞৰ আহি যায়|হে প্ৰভু এই বুঢ়া বুঢ়ী বোৰক মাৰি নিনিয়া কিয়? আৰু নুবুজে কোনেও|ৰাতিপুৱা সোনকালে উঠি আকৌ এবাৰ চেষ্টা এটা চলাই চাওঁ কিজানি লুকাই চুৰকৈ চুমা এটা দিব পৰা যায়েই|পিছে নাই, কামফেৰা হৈ নুঠে| বালিৰ গাঁতত পৰা পৰুৱাৰ দৰে মোৰ প্ৰত্যেকটো চেষ্টাই বিফল হ্য়,ইফালে ৯ বজাত হস্পিতাললৈ যাবৰে হয়,নহ’লে আকৌ ৰোগীমখাই হা ডাক্তৰ হা ডাক্তৰ বুলি চিঞৰে|ইফালে মাক পাই ৰিটায়াৰ হোৱা শহুৰ শাহুৰে ঘৰলৈ যোৱাৰ নামেই নোলোৱা হ’ল|হায় মোৰ বিবাহিত জীৱন|নৰক হৈ গৈছে|
       দেওবাৰ আজি|ভাবিলো বহুত দিনৰ মুৰত আজি গৄহমন্ত্ৰীৰ লগত অলপ হেপাহ পলোৱাই কথা পাতিম|পিছে ভিলেইন ৰৄপী তিনি বুঢ়া বুঢ়ী তাতো উপস্থিত|হে হৰি|কথা চহকী শাহুৱে কবলৈ আৰম্ভ‍ কৰিলে “আমাৰ আকৌ বৰ বিস্বাসী বাবা এজন আছে”|নাম হেনো নিৰানন্দ কৰ্মকাৰ বাবা|বাবাৰ হিষ্ট্ৰীও আজৱ ধৰণৰ|কলিকতাৰ অৰিজিনেল বোলে|থাকে যোৰহাটত| বয়স চাৰি কুৰি পোন্ধৰ মান হৈছে|প্ৰথমে বোলে ভেটেৰনাৰী ডাক্তৰ শিকিছিল,তাৰ পাছত মানুহৰ ডাক্তৰী শিকিলে কোনোবা RMP এজনৰ তলত|পিছত ভগৱান শিৱৰ প্ৰতি আকৰ্ষিত হৈ ধ্যান কৰি মোক্ষ লাভ কৰে|এতিয়া হেনো সকলো ধৰনৰ ৰোগৰ মন্ত্ৰপুত চিকিত্‍সা দিয়ে|ইন্জেকচনো দিয়ে হেনো|শুনি চকু কপালত উঠিল|বাবা cum ভেটেৰনাৰী ডাক্তৰ cum মানুহৰ ডাক্তৰ|3 in 1 পেকেজ|কি যে হ’ল দুনীয়াই খনত|মানে একেজনৰ ওচৰতে ধৰ্ম-কৰ্ম-চিকিত্‍সা তাকো মানুহ,গৰু,পক্ষী সকলোৰে|তাৰ পাছৰ কথাষাৰ শুনি লুটি খাই পৰিলোহেতেঁন যদিহে টিকিয়ে নধৰিলেহেতেন|শাহুৱে ক’লে” আমাৰ এইৰ জন্ম তেওঁৰ হাততেই বুলি ক’ব পাৰি|তেওঁৰ ইনজেকচন লৈয়েইতো ভালকৈ জন্ম দিছিলো ম‍ই তাইক|ডাক্তৰেতো চিজাৰিয়ান বুলি চিঞৰিছিলেই|সেইবাবে আমি এইকো বাবাৰ দৰ্শন দিয়াব বিছাৰিছো”|অ’ মানে কথাৰ গুৰি কৰ’বাত|এতিয়া গৄহমন্ত্ৰীক এই অৱস্থাত যোৰহাটলৈ|পোনচাটেই না কৰিলো|শহুৰ শাহুৱে আকোঁৰগোজকৈ ধৰিছিলেই|মাৰ মনটো অলপ উন্নত বাবে মাৰ হস্তক্ষেপত যেনিবা সেই যাত্ৰালৈ ৰক্ষা পৰিল টিকি মহোদয়া|যাবলৈ নিদিয়াৰ বাবে নিজেই গৈ শৰাই দি কিবা দিলে লৈ আনিব বোলে শাহুৱে|মানে বাবাই চাই মেলি কিবা ঔষধৰ নিদান দিবও পাৰে|শাহুৱে কোৱা মতে এটা ইনজেকচন দিছিল তেওঁক টিকি গৰ্ভত থাকোতে|আজি কালি চকুৰ পাৱাৰ (“আৰু লগতে মগজৰু পাৱাৰ” ম‍ই মনতে ভাবিলো) কমা বাবে মানুহক দেখা নিদিয়ে বাবাই|খাচ মানুহক তাকো শকত ভিজিট দিলেহে দেখা দিয়ে হেনো|বাবাৰ ঘৰৰ মানুহে বেছিকৈ দেখা দিবলৈ নিদিয়ে হেনো|
       পিছৰটো দেওবাৰত যাবলৈ ওলাল মাৰ বিয়ৈ বিয়নী|মোৰ মনত তলে তলে ফুৰ্তি লাগিলেই|যোৱাৰ আগত টিকিক ক’বলৈ নাপাহৰিলে “আমি বাবাৰ ওচৰলৈ যাম আৰু যি পাম তাকে তোলৈ পঠাই দিম|বিধি মতে যি দিয়ে লবি আৰু পিন্ধিবলৈ দিলে পিন্ধিবি”|টিকিয়ে সেৱা সত্‍কাৰ কৰি বিদায় দিলে মাক বাপেকক|sorry, মোৰো মা দেউতা|যোৱাৰ লগে লগে আমাৰ গৄহমন্ত্ৰীৰ সেই পুৰণি গংগা,যমুনা আৰু সৰস্বতী নদীবান্ধ ভাঙি বোৱা দি ববলৈ ধৰিলে|মুখৰৄপী বংগোপ সাগৰত জোৱাৰ-ভাটাৰ খলকনি উঠিল|বহুত দেৰিৰ মুৰত শান্ত হ’ল গৄহমন্ত্ৰী,তেতিয়াহে তেখেতৰ অনুভৱ হ’ল অমুকা এই খন জগততে আছে|মানে মাক বাপেকক পাই মোলৈকো পিঠি দিছিল মানে :(|
      একসপ্তাহমানৰ পাছত মোৰ কামৰ ঠাইৰ ঠিকনা দিয়া শুনিলো টিকিক ফোনত|মানে বাবাজীয়ে কিবা নিদান দিছে তাৰমানে|মোৰ হাঁহিয়েই উঠিল|মনে মনে নিজকে ক’লো “বোপাই, তোমাৰ ডাক্তৰগিৰি ঘৰত নাখাটে”|পিছে সেই বুঢ়া বুঢ়ী মখাক বুজাই কোনে|শাহুৰ আগত কওঁতে কৈছিল “ভগৱানৰ বাহিৰে কোনোবাই মৰাক জীয়া কৰি পাইছানে?”|মানে গৰুৰ আগত টোকাৰী বায় শিং জোকাৰী ঘাঁহ খায়|হস্পিতালত বহি থাকোতেই মোক ডাকোৱালে কাগজ দি গ’ল|চকীদাৰৰ হতুৱাই বস্তুটো অনালো|লোভ সামৰিব নোৱাৰি কি নিদান দিছে চাওঁ বুলি খুলি পেলালো|এডাল তাবিজ আৰু কাগজ এখনেৰে সৈতে এটা ইনজেকচন ওলাল|কাগজ টুকুৰাত লিখা আছে “কমৰত লব”|এনেওতো লবলৈ নিদিওঁয়েই,তথাপিও কি ইনজেকচন দিছে চাও বুলি নামটো পঢ়ি কিহত ব্যবহাৰ কৰা ইনজেকচন বুজি নাপালো|মোৰ ডাক্তৰী জ্ঞানে ঢুকি নোপোৱা নাম|লগে লগে ফাৰ্মাচীৰ ল’ৰাটোক মাতি চাব দিয়াত হাঁহি হাঁহি ক’লে “ছাৰ আপনি গৰুৰ ডাক্তৰী কোন দিন থাকিয়া ষ্টাৰ্ট কৰছ‍ইন?”|হে ভগৱান মানে গৰুৰ বেজী|মুখখন এহাত মান মেল খাই গ’ল|?শ্ৰীমতীক ফোনত সকলো লোৱা হৈ গ’ল বুলি কবলৈ দি দুই কুল বচাই ৰাখিলো, লগতে বাবাকো|বাবাক কিয় ঘৰৰ মানুহে মানুহৰ আগত দেখা দিবলৈ নিদিয়া হ’ল বুজি পালো|পিছে কেতিয়াবা কেতিয়াবা ভাবো, ম‍ই নজনাকৈ শ্ৰীমতীয়ে এইটো বেজী লোৱা হ’লে গৰ্ভত থকা পোনাকনৰ কি অৱস্থা হ’লহেতেন বাৰু ৰাইজ? 😦

  • ঘৰ সংসাৰ ৯

     মানে এইকেইদিন ভীষন ব্যস্ত|কাৰো ফালে চকু দিয়াৰ সময় নাই|ৰাতিপুৱাই ওলাই যাওঁ, সন্ধিয়া সোমাওঁ ঘৰত| এ ডি চি্য়ে প্ৰা্য়ে ভিজিট মাৰি আছে হস্পিতালত|মা থকাৰ বাবে গৄহমন্ত্ৰীৰো খবৰ লোৱা হোৱা নাই|বহুত দিনৰ পাছত আজি পিছবেলা আজৰি পাই মেইলটো খুলি আছো, আগফালে চোতালতে বহি|হঠাতে শ্ৰীমতী আহি একেবাৰে গাতে গা ঘঁহাই বহিল|প্ৰায় কোঁচতে বুলি কব পাৰি|আই অ’ আজি দেখোন শেনৰ এজাত|মানুহক দেখোৱায়েই বহিছে মোৰ লগত তাকো গাত গা ঘঁহাই|শ্ৰী বিষ্টু মায়ে দেখিলে কি বুলি ক’ব|পিছে ইমান আৱতৰীয়া মৰমৰ আঁৰত কি বা উদ্দেশ্য আছে ধৰিব নোৱাৰি|দেৱতাইও নুবুজিলে তোমালোকৰ মন| যোৰহাটৰ ৰাজমাও পুখুৰীত যি শেষৰবাৰ বহিছিল মোৰ গাত গা লগাই, তাকো ৰঙা টুপী পিন্ধা দেউতাকৰ ৰঙা চকুকো নেউচি| তাৰ পাছত আৰু মনতেই নাই, সাংসাৰিক জঞ্জালৰ মাজত সেইবোৰ উৰি গ’ল|আজি পিছে কিহে পালে গমেই ধৰিব পৰা নাই|গৄহমন্ত্ৰীৰ গাত ৪ মাহৰ লেঠা বুলি পাহৰিয়েই যাওঁ মাজে মাজে|এইটো সময়ত বোলে মানুহৰ মন অসন্তোষীয়া কৰিব নাপায়|গতিকে মৰমেৰেই কথা পতাত লাগিলো|পিছে একো উদ্দেশ্য নাই বুলি গম পালো অলপ সময় কথা পতাৰ পাছতেই|শ্ৰীমতীয়েই উলিয়ালে আমাৰ বিয়াৰ দিনটোৰ কথা|দুয়োৰে মন উৰি গ’ল আমাৰ বিবাহ কাণ্ডলৈ|মানে শেষৰবাৰ একেলগে গাত গা ঘঁহাই বহা দিনটোলৈ…..

   “ম‍ই চাকৰিত জ‍ইন কৰাৰ তিনিমাহ মানৰ পাছত ঘৰলৈ গ’লো|লগতে প্লেনিং বনালো যে ৰাজমাও পুখুৰীৰ পাৰত ডেটিং মাৰিম এওঁৰ লগত|এনেও তেখেতে ঠেঁহ ধৰিয়েই আছিল|ম‍ই বোলে চাকৰি পাই পাহৰি গলো হেনো|ঠেঁহ ভাঙিব লাগিব|ঘৰত মস্ত ফাঁকি এটা দি ওলালো যোৰহাট|আবেলিহে মাতিছিল,ম‍ই আকৌ ১০টাতেই হাজিৰ|পিছে গৈ লাভ নহ’ল|তেখেতে কলেজৰ ক্লাচৰ বাবে সময় নাপালে|ৰ’ব লগা হ’ল|যোৰহাট মেডিকেল কলেজৰ কেণ্টিন পালোগৈ|বহুত দিনৰ মুৰত সকলোকে লগ পাই এনেও গা সাতখন আঠখন হ’ল|সময়বোৰ পাৰ হৈ গ’ল|ফ’ন পালো তেওঁৰ পৰা ১২.৩০ত| লগে লগে কুকুৰ লৰ ধৰিলো যোৰহাটৰ বৰুৱা চাৰি আলিলৈ বুলি|নহ’লে আকৌ বকনি এটা ফ্ৰীতে পাম|তেখেত অবিস্বাস কৰাত সিদ্ধহ্স্ত|পিছে আজি সুযোগ নিদিলো|শ্ৰীমতীৰ আগত এইবাৰ ম‍ই অলপ বেছিকৈয়ে গহীন হ’লো|মানে এইটো ভাৱত যে ম‍ই চাকৰি পালো|গতিকে তোমাক এতিয়া যেতিয়াই তেতিয়াই বিয়া পাতিব পাৰো|গতিকে বেচি পেক পেক নকৰিবা|কথাৰ মাজতে কৈ পেলালো সেই কথাটো|তুমি  বিছাৰিলে আজিয়েই লৈ যাম নিজৰ কৰি|শ্ৰীমতীয়ে ভেকাহি মাৰি ক’লে “নালাগে বীৰ হনুমান হ’ব|দেউতাকে মোৰ হাতখন খুজি চোৱাচোন?কিমানৰ মতা ম‍ই গম পাম|আজিলৈকে মোৰ দেউতাৰ লগত সন্মুখীন হ’ব নোৱাৰিলা|ম‍ইও নাই কোৱা|আগলৈ কি হয় ভগৱানেহে জানে”|ম‍ই বুকু ফিন্দাই ক’লো “এতিয়াই গৈ তেওঁৰ মুখৰ আগেদি লৈ  গুছি যাম আকৌ”|পিছে বহুত দিনৰ পাচত লগ পাই শ্ৰীমতী আৰু ম‍ই কব‍ই নোৱাৰা হ’লো দুয়ো|পাহৰি গ’লো ৰাজমাও পুখুৰী পাৰ্কত ৬টাৰ পাছত যে পুলিছে খেদে|আমি যেনিবা জানে-দুশমন চিনেমাৰ নাগ নাগিনী হালহে|বৰ্চ’ কা অমৰ প্ৰেম|মধুৰ আলাপত মত্ত হ’লো|কেতিয়া সন্ধ্যা হ’ল গমেই নাপালো|গম পালো পিছফালৰ পৰা অহা এটা চিঞৰতহে|ৰঙা টুপীৰ কনিষ্টবল এজনে চিঞৰি খেদি অহাত” ঐ কুকুৰৰ জীয়েক কোন গাহৰিৰ পোৱালিৰ লগত ডেটিং মাৰিছ?ঘৰলৈ যাঃ”|ওচৰলৈ অহাত ৰঙা টুপীৰ গৰাকী, ম‍ই আৰু শ্ৰীমতী তিনিও থৰ লগিলো|কাৰণ ৰঙা টুপীৰ গৰাকী স্বয়ং শ্ৰীমতীৰ দেউতাক|হে হৰি সৰু পানী চুবলৈহে বাকী|জীয়েকক একো নক’লে ভাবী শহু্ৰে|উভতি গুছি গ’লগৈ|এই বাৰ শ্ৰীমতীয়ে ক’লে”ম‍ই আৰু ঘৰ নায়াওঁ, মতা যদি দিনত কোৱা কথাষাৰৰ মান ৰাখি শিৱসাগৰৰ শিৱদৌলত বিয়া পাতি তোমাৰ তালৈ লৈ যোৱা”|এইষাৰে আৰু বিপদত পেলালে|২৩বছৰ বয়ষতে বিয়া|মোৰ আকৌ 100 pipersৰ বটলকেইটালৈহে মনত পৰিল|শ্ৰীমতীৰ কথা আৰু আকোঁৰগোজ ভাৱ দেখি ভঙুৱা মহাশয়ক সাক্ষী কৰি লৈ আনিলো আৰু|পাচৰখিনি ৰাইজে জানেই| 😦 :(((((|”

  • ঘৰ-সংসাৰ ৮

    এতিয়া এখোজ ওলাব নোৱাৰা অৱস্থা হৈছে, যেন মহে কণী পৰা পানী ডোঙাহে,একেখিনিতে অত্যাচাৰ|আগতে শ্ৰীমতীক ফঁচাই ফিল্টাৰ এটা উলিয়াইছিলো যদিও এতিয়া পেকেটটোৰ ওচৰলৈ যোৱাটো বাদেই দিয়া, বাকালি চটাও চাব নোৱাৰোঁ|তাতে মায়ে মাৰ দিয়া কথা ষ্টাফে গম পালে|ফাট মেলা বসুমতী পাতালে লুকাওঁ নহয়, শুকান পুখুৰীত জাপ দি আত্মহত্যা কৰিবৰহে মন গৈছে| |এই পৰিস্থিতিৰ মাজতে ওলালো বজাৰ কৰিবলৈ শিলচৰলৈ|বজাৰ কৰিলো আইমাতৄ, ম‍ই আৰু টিকি|শ্ৰীমতীৰ লগত বজাৰ কৰিবলৈ যোৱাৰ বেদনা ভুক্তভুগীয়েহে জানে|ইয়াতে দুজন মানে অবজেকছন কৰিব ৱাইফক বেছি ভাল পোৱা দেখোৱাবলৈ|কিন্তু তেওঁলোকৰ অৱস্থাটো চাব লগীয়া হয় শ্বপিং ম’ল বিলাকতহে|বিবাহিত সকলে গম পাইছেই ম‍ই কি ক’ব খুজিছোঁ|মানে বস্তুৰ ভাৰ লৈ লৈ কথমপি নাকটোহে ওলাই আহে|সেইটো সময়তে আকৌ গৄহমন্ত্ৰী বিলাকৰ লগৰ ওলালে তেওঁলোকৰ কথাবোৰ ্দীঘলীয়া হয়|শেষত চিনাকি কৰি দিব, এখেত মোৰ হাজ’বেণ্ড দেই|মানে যেতিয়াই তেতিয়াই কোবাই থাকিব পৰা বেণ্ড|হোঃ|সেইবোৰকো আওকান কৰি শ্ৰীমতীক এটা উপহাৰ দিলো|মাক এখন চাদৰ দিলো,তেওঁ আকৌ সেইখন সলাই উল গুঠাঁ শলা কেইডাল মানহে ল’লে|হাজাৰ হ’লেও মাকৰ মন|ল’ৰাক বেছি খৰছ কৰিব নিদিয়ে|আহি পাইয়েই দিলো বিচনাত পৰি|
    ঘৰৰ পৰা এইকেইদিন ওলাব‍ই পৰা নাই|মাক পাই শ্ৰীমতীৰ কাঢ়া আদেশ| ৪৪০ ভংগ কৰিলেই মাতাশ্ৰীৰ আগত পুৰণি গুন বখানিব|সেইয়ে গৄহমন্ত্ৰীৰ আদেশ শিৰোধাৰ্য্য কৰি সুৰ-সুৰাই ৮.৩০ৰ আগতে ঘৰ সোমাওহি|এদিন পিছবেলা ডিউটি নথকাত পুৰাপুৰি একসপ্তাহৰ পাছত ফেচ’বুক মেলিলো|মায়েটো ক’লেই”বোপাই অ এই ফেচ’বুক নে তেচ’বুক বোলা নতুন কিবা ওলাইছে নেকি অ? কম্পিউটাৰত চাব পাৰি বোলে?নেচাবি দেই অতনুক দেখা নাই,কেনেকৈ ফঁচিলে?”|ফেচ’বুক খুলি চাই দেখো দুজনৰ বন্ধুত্বৰ প্ৰস্তাব আছে|এটা মোৰ লগৰ প্ৰকাশ চায়েণ্স কলেজত একেলগে পঢ়া|গ্ৰহন কৰিলো|এগৰাকী নতুন মুখ সন্ধ্যাৰাগিণী শ‍ইকীয়া,পিছে তেখেতৰ প্ৰফাইলত ফটো নাই|ছোৱালী মানুহ, নাই দিয়া চাগৈ|উপাধি একেই, বাৰ্তা এটাও দিছে আপোনাৰ ঘৰ-সংসাৰ বৰ ভাল হৈছে, বুজি পালো কোনোবা পাঠিকা পঢ়ি ভাল পায় বন্ধুত্বৰ প্ৰ্স্তাব দিছে|গ্ৰহন কৰিলো সেইটো‍ও|তাৰ পাছত মোৰ গল্পটোৰ মন্তব্যবিলাক চোৱাত লাগিলো, ঘৰ-সংসাৰ ৭ৰ|আকৌ চাটিংত বাৰ্তা এটা পালো..”নমষ্কাৰ”| পঠাওঁতা সন্ধ্যাৰাগিণী শ‍ইকীয়া|ম‍ইও দিলো|মোৰ গল্পৰ ওপৰতে আলোচনা কৰিলে এঘণ্টা সময়|গোটেই কেইটাই পঢ়িছে আৰু আহিবলগীয়া কেইটাও পঢ়িব বোলে|বুকুখন ফুলি গ’ল|মাজতে টিকিয়ে দিয়া চাহকাপে আৰু মজা বঢ়ালে|মিছাতে সন্দেহ কৰিব বুলি ফেচ’বুক মিনিমাইজ কৰি, লিখি থকা কবিতা এটা উলিয়াই থলো|শ্ৰীমতী যোৱাৰ পাছত মোৰ পাতলীয়া গোঁফৰ তলতে মিচিকিয়াই হাঁহিলো|হেঃ হেঃ হেঃ হেঃ|ফুটকে ধৰিব নোৱাৰিলে|সন্ধ্যাক ঘৰ বাৰী সুধি কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি সামৰিলো|মোৰ মুখত হোষ্টেলীয়া জীৱনৰ হাঁহি এটা ওলাল আৰু লগতে সুহুৰিটো|ফানাহৰ গানটো গুন গুনাই শ্ৰীমতীৰ আগেদিয়েই এইবাৰ চলমান খানৰ দবংৰ আৰম্ভণীতে দিয়া খোঁজ কেইটা দি আগবাঢ়িলো|শ্ৰীমতীয়ে পোন্দোৱাকৈ চালে|পাত্তা নিদিলো|অলপ গৈ চিঞৰি ক’লো|আজি মাংস খাম|
    তাৰ পাছৰ পৰা সন্ধ্যাৰাগিণীৰ লগত চাটিংৰ ঘনিষ্ঠতা বাঢ়িল,দুদিনতে ভাত খোৱা শাক খোৱাৰ পৰা মনমোহন সিং, আন্না হাজাৰে পৰ্যন্ত পালোগৈ|নাইট ডিউটি থকাৰ দিনা লেপটপটো লৈ উলাওঁতে শ্ৰীমতীয়ে পোন্দোৱাকৈ চালে কিন্তু একো নকলে|কিবা গম পালেহে :)|জানে, ম‍ই লিখি থাকো কিবা কিবি|দুদিনমান পাছত সন্ধ্যাৰাগিণীয়ে ক’লে যে আপোনাক চুলি স্পাইক কৰিলে আৰু ফিটিং জীনচ পিন্ধিলে শুৱাব|মোৰো বহুত দিনৰ পৰা জীনচ পিন্ধাৰ ইচ্ছা আছিল,বহুত আগতেই পিন্ধা|ভাবিলো এবাৰ কৰি চোৱা যাওকচোন| পিছৰদিনা চুলি কাটিলো|গৄহমন্ত্ৰীয়ে আকৌ সেই দুইবিধ বৰ ভাল নাপায়|কেতিয়াবা লগত গ’লে হোষ্টেলত কৰাৰ নিছিনা চুলি স্পাইক কৰিলে উভতাই তেল সানি ফনিয়াই দিয়ে|আজি মৰসাহ কৰি স্পাইক কৰি শ্ৰীমতীক জীনচটো বিচাৰি হাবাথুৰি খোৱালো|তেখেতে জীনচ বিচৰাৰ কোবত পাহৰিয়েই থাকিল যে ম‍ই স্পাইক কৰিলো|বাচি গলো হেঃ হেঃ হেঃ|ফটাফট ফ’টো এখনো তুলি পেলালো|আপল’ড কৰিম|হস্পিতালত গৈয়েই ফেচ’বুক খুলি আপল’দ কৰিলো|লাইক ৫ টামান আহিল,সন্ধ্যাৰাগিণীও আছে তাৰ মাজতে|আকৌ চাটিং কৰিলো এঘণ্টামান|ছোৱালীজনী ভাল|লিখাবোৰ খুটি নাটি মাৰি পঢ়ে|ভাবি পেলালো কথা এটা|সকলোকে ক’ব নোৱাৰি|নাম্বাৰটো লব লাগিব ছোৱালীজনীৰ|

   ৰতি ৮.৪৫ত ঘৰ সোমালো|তেখেতে আৰম্ভ কৰিলেই|ক’ত বা আছিলগৈ মহাৰাজ?১৫ মিনিট লেট| আছিল চাগৈ ক’ৰবাত ঘুটুংপানী খাই|ওচৰলৈ আহি গোন্ধিও চালে|পিছে খালেহে|অতীষ্ঠ হৈ বেগ টো দলিয়াই মুখ হাত ধুই নাকে কানে দুটামান গুঁজি শুই থাকিলো|অলপ পাচত শ্ৰীমতী আহি কিনাৰতে শুলে|মাতবোল কৰা নাই|মোৰ ফালে পিঠি দি কিনাৰৰ বেৰত চাই আচে কিজানি নিউটনৰ নিচিনা কিবা আবিষ্কাৰ কৰেই, বেৰৰ চূন খিনিৰ মাজত|মোকেই গালি পাৰিলে,উপৰিঞ্চি মোলৈকে পিঠি |নোশো‍ওঁ যাহ বুলি উঠি আহি চিগাৰেট এটা জ্বলাই প্ৰচণ্ড অভিমানত গোটেইতো খালো, গোটেই খং উজাৰিলো তাৰ ওপৰত| আকৌ টিকিৰ কিনাৰতে আহি বহিলো| দেখিলো তেখেতে মুৰে কানে কাপোৰ লৈ টোপনিত লাল কাল|শুই থাকা মহাৰাণী বুলি কৈ ম’বাইলত e-buddy উলিয়ালো চাটিং কৰো বুলি|সন্ধ্যাৰাগিণী আগতেই উপস্থিত|কি কৰিছা সুধিলো|শুই আছো বুলি ক’লে|ম‍ই কি কৰি আছো সোধাত মিছা মাতিলো পঢ়ি অছো বুলি|উত্তৰ আহিল”চিগৰেট এটা খাই আহি কিয়নো এনেই বিচনাত বহি থাকিব লাগে টিকলৌকাই, শুই থাকক”|সৰগ ভাগি নহয়| পকা কঁঠাল ভাগি মুৰত পৰিল|আঠা আঠা হ’ল গোটেইখন |শ্ৰীমতীয়ে লাহেকৈ কাপোৰখন আঁতৰাই যোৱা সপ্তাহত শিলচৰত বজাৰ কৰোতে ম‍ই গিফট দিয়া নোকিয়া এক্স ৩ মোবাইলটো হাতত লৈ বিচনাতে বহিল|স্ক্ৰ্ৰীনখনত ৱাল পেপাৰ হিচাপে,মোৰ স্পাইক চুলিৰ ফটোখন| জলজল পট্পটকৈ মনলৈ আহিল শ্ৰীমতীৰ কলেজত মতা নাম সন্ধ্যাৰাগিণী আছিল….কিয় মোৰ নামটো শুনা শুনা লাগিছিল…..ৰাইজ এতিয়া ফেচ’বুক মেলিলেও অফলাইন হৈ হে মেলো…তাকো শ্ৰীমতীৰ আগত…..:(

  • ঘৰ-সংসাৰ ৭

       শ্ৰীমতী যোৱাৰ পৰাই ভাত ৰান্ধোতে ৰান্ধোতে অৱস্থা কাহিল হৈ গৈছে|এফালে ডিঙিত ষ্টেথ’স্ক’পডাল ইফালে হাতত হেতা,তাৰ ওপৰত সেই শুনিব মন নোযোৱা মাত কেইষাৰ “চাৰ অ’ চাৰ আপনি খান’? আম্ৰা এক্তা ৰোগী লৈয়া আইচিলাম,এক্তো মায়া কৰিয়া দেখিয়া দেইন না”| ওপৰৰ পকেটত শ্ৰীমতীয়্ৰে উপহাৰ দিয়া পাৰ্কাৰ কলমটো|সি যেন মোলৈকে চাই বিদ্ৰুপ কৰিছে|গৄহমন্ত্ৰীৰ ভাষা কেইটা যেন কৈ পেলাইছে”পা মজা, মদাহী, সমনীয়াক আনি ঘৰৰ মাজ মজিয়াত মদ খুৱাই বিহু মাৰে, চিঃ কটা লাজো নাই ডাক্তৰ হেনো!”|এদিন দুদিন কৈ আঠদিনত ভৰি দিলে|ফ’নো নুঠাই|চেঃ লাজত ঘৰতো ক’ব নোৱাৰি|ক’ত বা আছেগৈ? মাকৰ ঘৰত বুলি কৈছেহে| বুকুখন অজানিতে মোচৰ খাই গ’ল|অজান দুখত মোৰহে গংগা, যমুনা ওলাল দুইধাৰে|ৰোগী চোৱা কোঠা বন্ধ কৰি,প্ৰধান দুৱাৰখনো লগাই টেবুলখনতে বহি পৰিলোঁ|কলম আৰু কাগজ তুলি ল’লো,টিকিৰ ভাল পোৱা কামটো কৰিবলৈ|চিঠিখন লিখি মাকৰ ঘৰৰ ঠিকনাত পোষ্ট কৰি দিম|পাবগৈ|আৰম্ভ কৰিলো………
    মৰমৰ,
       টিকি(গৄহমন্ত্ৰী)
    মৰমবোৰ লবা|ম‍ই জানো এইষাৰ শুনাৰ লগে লগে তুমি ছোৱালীয়ে মৰা হোঃটো মাৰিছা|তুমিহীনতাৰ যন্ত্ৰনাত ম‍ই জীয়াই জীয়াই মৰিছো,এতিয়া বুজিছো তুমি মোৰ জীৱনৰ কি?তুমি মোৰ জীৱনজ্বৰৰ পেৰাচিটেম’ল, ডায়েৰিয়াৰ R/L চেলাইন আৰু মেলেৰিয়াৰ কুইনাইন|জানানে টিকি?, ৭ দিন ধৰি তুমি সজোৱা নামঘৰত চাকি জ্বলা নাই,ৰোগীৰ প্ৰকোপত সেইফেৰাও কৰিব পৰা নাই|ঘৰত চাৰিওফালে মকৰাই জাল বান্ধিছে,যেনিবা হাতীহে ধৰিব|ঝাৰুটোৱে তুমি মোক এৰি যোৱা দিন ধৰি দুৱাৰৰ চুকতে আছে|সত্যাগ্ৰহ কৰিছে সি মোৰ হাতত নুঠো বুলি, সি কিজানি ষ্টেৰ’ইড ইনজেকচন দিলেও লৰচৰ নহ’ব|আৰু জানানে বেচিনত ভাত ৰন্ধা কেৰাহীখন কৰাল বান্ধিয়েই ৰৈছে,চাফা কৰোঁতা কোনো নাই|ম‍ইতো কিমান পাকৈত ৰান্ধনী তুমি জানাই নহয়|আৰু এটা স্বীকাৰোক্তি দিছোঁ|শোৱনি কোঠাত ফিল্টাৰ চিগাৰেটৰ টুকুৰাই চেঞ্চুৰী মাৰিছে|আজি ঝাৰুটোৰ সত্যাগ্ৰহ সামৰি ফিল্টাৰ চিগাৰেটৰ টুকুৰা কেইটাৰ দম্ভালি শেষ কৰিম বুলি ভাবিছোঁ|দুখতে ঘুটুংপানী খাম বুলি ভাবিছিলোঁ|কিন্তু তুমি আকৌ বেয়া পোৱা বুলি ভাবি ইচ্ছাটো তাতেই সামৰিলো|আলনাডালৰ কথা নকলোৱেই বা, তেখেত্টো বহুত দিন বিশৄংখল জীৱন কটাবলৈ পোৱা নাছিল|তোমাৰ হাতৰ পৰশত শান্তি শৄংখলা বজাই ৰাখিবলৈ বাধ্য আছিল|এতিয়া তেওঁক পাই কোনে? মাত মতিব নোৱাৰে বাবে উকিটোহে মৰা নাই কিজানি|বহুত দিনৰ মুৰত বিশৄংখলতাক আদৰিব পাইছে্টো|সুখ দুখৰ কথা পাতিছে হেপাঁহ পলোৱাই, “বেল্টি” খাই পৰি থকা কামিজটোৰ স’তে|তাৰ সুখ মোৰ সহ্য হোৱা নাই, ভাবিছো ডায়েজেপাম ইনজেকচন এটা দি শুৱাই থম|গাড়ীখনেও আজি হস্পিতাললৈ যোৱাৰ আগত থেৰোঁ গেৰোঁ কৰিছে, ঘৰৰ আছল মালিকৰ সংগ পোৱা নাই যে সেইকাৰণে|সি চাগৈ তোমাক গ্লাছ নমায় চুমা দিয়া দৄশ্যটো মিছ কৰিছে|সেইবাবেই এই থেৰোঁ গেৰোঁ কৰিছে যেন লাগিল,ভাগ্য যেনিবা তাৰ হৄদয়্খন মানে বেটেৰীটো অলপ চেক-আপ কৰি দিয়াতহে গা লৰিল|তোমাৰ স্কুটি খনৰটো কথাই নাই,তাইটো মোক পাত্তাই দিয়া নাই|মোৰ ফালে চাব‍ই নোখোঁজে|পাকঘৰটোৰ লগতে গোটেই কোৱাটাৰ্টোৱে গান্ধীবাদী অহিংস নীতি পালন কৰি মৌনব্ৰত ধাৰণ কৰিছে,ইমান গহীনকৈ আছে যেন তোমাৰ তত্বাৱধানত ষ্টেচু অ’ফ লিবাৰ্টিৰ পাছত সিয়েই পৄথিৱীৰ বিখ্যত ভাস্কৰ্য্য হিচাপে পৰিগনিত হৈছে|শেষত কওঁ ঘৰৰ প্ৰত্যেকটো বস্তুৱেই মোৰ লগত অসহযোগ আন্দোলন আৰম্ভ কৰিব খুজিছে|
        এতিয়া বুজিছো অৰ্ধাংগিনী মানে কি?টিকি সোনকালে আহিবানে তুমি|নহ’লে এম্প’টিনেছ শুনি শুনি দিন যাব মোৰ|অসহ্য হৈছে মোৰ|নিজৰ কথা তোমাক কোৱাই নাই নহয় মোৰফালেও আধ্যা পৰিছে|আইনাখনৰ সন্মুখলৈ নাযাওঁ বাৰে বাৰে তোমাকেই দেখো|আইনাখনেও বেয়া পাইছে কিজানি তাৰ লগৰীয়াই ৮ দিন মুখ দেখোৱা নাই|ভাত ভালকৈ খোৱাই হোৱা নাই|তুমিটো জানাই এনেও মোৰ গেষ্ট্ৰিক আছে,এচিল’ক খাইহে আছো কোনোমতে|তুমি সোনকালে আহাঁ|আহিবানে?
                                                                                  প্ৰান্তত,
                                                                                     মৰমেৰে
                                                                                        তোমাৰ টিক’লৌ কাই ওৰফে পলৰীয়া ককাই
বিঃদ্ৰ:-যোৱাকালি ৰাতি সপোন দেখিলো|ম‍ই হস্পিতালত ভৰ্তি হৈ আছো, তুমি নাই|হাতত চেলাইন, তাৰ পাছত সাৰ পালো|লগালগ তোমালৈ ফ’ন কৰিছিলো পিছে “ইচ ৰোত কে চভী লাইন ব্যস্ত হে” বুলিহে ক’লে|

     চিঠিখন লিখি সামৰিছিলোহে|কলিংবেলটো বাজিল|”ছাৰ অ’ ছাৰ” বাহিৰত ৰোগীৰ চিঞৰ|মুখেৰে ভুৰভুৰাই গ’লো “এইমখাৰ পৰা আৰু শান্তি নাই|চিঠি এখনো লিখিব নোৱাৰি নিজৰ মানুহজনীলৈ|খংতে দুৱাৰখন ধামকৈ খুলি ক’লো”কিটা হৈছে কও?”|মানুহটোৱে উত্তৰটো দিলে”আপনাৰ লগে এইন মিলাৰ লাগি আচামথাকি আইছি, আপনাৰ …”|বাক্যটো ভালকৈ শুনিব নাপালোৱেই, কানৰ তলতে, ঠিক গালখনটো নহয়,ফৰফৰাই গ’ল,লগতে দুপাহমান সৰিয়হ ফুল, চিনাকি চিনাকি লাগিল চৰটো|হয় মানে মোৰ আইমাতৄৰ প্ৰবেশ|মা বুলি মতাত লগত অহা স্থানীয় মানুহ কেইটা ফৰিং চিটিকা দিলে|কিজানি সিহঁতিও ভাগত মাৰ পায়|”গৰু, এই অৱস্থাত বোৱাৰীক ঘৰলৈ কন্দুৱাই পঠিয়াই দিছ, ত‍ই কিহৰ ডাক্তৰ অ’ নিজৰ মানুহজনীৰ কথাই ৰাখিব নোৱাৰ,নুবুজ|”|মাৰ চৰ আৰু গালিৰ লগত আৰু কিবা এটা উমান পালো|গৄহমন্ত্ৰীলৈ চালো তেখেতে দেখোন খং কৰিব এৰি লাজহে কৰিছে..সব বুলি পালোঁ|ৰাইজ কিবা বুজি পালেনে?কথাটো পিছে ৰাজহুৱা কৰিব নালাগে দেই|কানে কানেহে কলোঁ দেই আৰু, অমুকা বাপুকী হোৱাৰ পথত|হেঃ হেঃ হেঃ|পাৰ্টি বুলি নিচিঞৰিব দেই|

  • ঘৰ-সংসাৰ ৬

       ৰাতি মোৰ গৄহমন্ত্ৰীয়ে সদায় মোৰ হতুৱাই আঠুঁৱা তৰাব পাৰিলে বিস্ব জয় কৰিলোঁ বুলি ভাবে|আজিও তৰিব কোৱাত পোনছাটেই না কৰি শুই থাকিলোঁ|পিছে হ’লে কি হ’ব?আকৌ সেই তিনিখনি নদী বোৱাই দিলে নহয়|গংগা,যমুনা,সৰস্বতী ক্ৰমে দুই চকু আৰু নাক|পিছে আজি মুখ নামৰ বংগোপসাগৰত পৰিবলৈ দিয়াৰ আগতেই নিজেই ছাৰেণ্ডাৰ কৰি আঠুঁৱা তৰি দিলোঁ|গৄহমন্ত্ৰীয়ে তাৰ পাছত যিটো হাঁহি মাৰিলে,নকয়ছোহে আৰু একেবাৰে ভাস্ক-ডা-গামাই ভাৰতলৈ আহিবলৈ ৱাটাৰ হাইৱেটো আবিষ্কাৰ কৰাৰ পাছত আৰু মাৰ্কনিয়ে “চুন চুনাও লাইফ বনাও” বুলি চিঞৰাটো আৱিষ্কাৰ কৰাৰ পাছত কিজানি সেইটো টাইপতে বিজয়সূচক হাঁহি এটা মাৰিছিল|পিছদিনা হাস্পাতালৰ পৰা আহিয়েই মুখহাত ধুই চাহকাপ নিবি্ছৰাকৈয়ে যেতিয়া হাতত পৰিল, মেকুৰীয়ে পোৰা মাছৰ গোন্ধ পোৱাৰ নিছিনাকৈ ম‍ইও আগন্তুক বিপদৰ গোন্ধ এটা পালো গৄহমন্ত্ৰীৰ পৰা|কাষতে বহি লেনিয়াই ক’লে “আপোনাৰ বৰ কষ্ট হৈছে ন”|ম‍ই মনতে ভাবিলো কিয়নো মিছাতে বাক্যশাৰী খৰছ কৰিব লাগে অ’ আই, ডাইৰেক্ট কথাটো কৈ দিলেই হয় দেখোন|ম‍ইটো বুজি পালোৱেই বহুত আগতে চাহ্কাপৰ অন্তৰ্নিহিত উদ্দেশ্য|লাহে লাহে শ্ৰীমতীয়ে ক’লে যে ভনীয়েকেৰ আঙুঠি পিন্ধোৱা ফ’নতে নিমন্ত্ৰন পৰিছে,চাৰি দিন পাছত|গতিকে ম‍ই তোমাৰ লগত যাব লাগে,পাছৰ খিনি ম‍ই যোগ দিলো|ম‍ই নোৱাৰিম দেই, ৬ তাৰিখে মোৰ আদৰকোনা গাঁওত মেডিকেল কেম্প আছে|শ্ৰীমতীয়ে খঙ কৰি ক’লে”মেডিকেল কলেজত থাকোঁতে পিছে পিছে লেমটো হৈ ঘুৰিছিলা|এবাৰ চাবলৈ ৰাতিপুৱা চাইকেল মাৰি ২ কি:মি: আহিছিলা,২টকীয়া চকলেট বিছাৰিলে হাত খৰছৰ টকা দি ১০০ টকীয়া চকলেট দিছিলা|চব মিছা|এবাৰ চাবলৈ বিছাৰিলে ভাড়া ঘৰৰ আগত সাতবাৰ চক্কৰ দিছিলা|দেউবৰীয়া মেটীনীৰ এটা শ্ব’ও মোৰ অবিহনে চাইছিলা নে?”|চাঞ্চ পাই শ্ৰীমতীয়ে গোটেইখন ৰামায়ন মেলি দিলে|লেতুসেতু হৈ যাম বুলি কথা দিলো|পিছে যোৱাৰ দিনাই জৰুৰী কেম্পৰ বাবে শেষত ম‍ই যোৱাটো বাতিল কৰিলো|শ্ৰীমতীক সেমেকা চকুৰে নেটৱৰ্কৰ বাছত উঠাই আহিলো|শ্ৰীমতীয়ে সজল নয়নেৰে বিদায় ল’লেও দঢ়াই দঢ়াই ক’বলৈ নাপাহৰিলে” ন’ স্মকিং, ন’ দ্ৰিংকিং”|গাড়ীত উঠাৰ পাচতহে মনত পৰিল টিকিৰ ম’বাইলত ৰিচাৰ্জ কম আছে|কৰি দিবলৈও নহ’ল|ম‍ইও কেম্পলৈ বুলি গাড়ী দৌৰালো যদিও মুৰকত লাভ একো নহ’ল|বৰষুণৰ বাবে কেম্প বাতিল হ’ল|চেহঃ টিকিৰ লগত ম‍ইও যাব পাৰিলোহেঁতেন|ভাবি থাকোঁতেই কথা এটা মনত খেলালেই|লগৰ কেইটাৰ লগত লগে ভাগে এসাঁজ খাব‍ই পাৰি দেখোন|লগে লগে ৰাজদীপ,ধ্ৰুৱ.ত্ৰিদিৱ,ঘাটোৱাৰ,কামান আৰু ৰামালৈ ফ’ন লগালোঁ|সকলোৱে একেমুখেই হাঁ দিলে, এক ঘণ্টাৰ ভিতৰত আহি পাই যাব|বজাৰ কৰি ঘৰমুৱা হ’লো|বজাৰ কৰি থাকোঁতেই গম পালো টিকি মেঘালয়ত সোমালেই|ঘৰ পাই দেখিছোঁ ম‍ই পোৱাৰ আগতে কামান আৰু ধ্ৰুৱ হাজিৰ|বাকী কেইটাও ৰাস্তাত|কামানে উপহাৰ এটা আগবঢ়াই দিলে, বাহ এইডালেও গিফট দিয়ে নেকি?এইটো কামানকে হোষ্টেলত থাকোঁতে মাহৰ শেষত সদায় টকা ধাৰ দিব লাগে|উপহাৰটো খুলি চাই দেখো এটা 100 pipers full,কামানৰ মুখত বিজয়ৰ হাঁহি|মোৰ হ’লে টিকিৰ মুখখনি মনত পৰি গ’ল|এনেতে ৰামা আহি উপস্থিত, fullটো দেখি তেখেতৰ জিভাখন এহাতমান উলাই গ’ল|কটা মদৰ খকোৱাটো|ত্ৰিদিৱ আৰু ৰাজদীপো আহি পালে|ধ্ৰুৱ হোষ্টেলীয়া দিনৰ পৰাই ৰন্ধাত ভাল|ৰন্ধাৰ পাল তাক দিলোঁ| মাংস ৰান্ধি ইহঁত মদত বহিব লৈছে|মোক মাতি আছে যদিও গৄহমন্ত্ৰীৰ মুখখনিয়ে বাৰে বাৰে আমনি কৰিছে|ৰামাই ভেকাহি মাৰি ক’লে”মাইকী গোটালিতো, মাল বাদ দিলি ****”|এহ কিনো হ’ব অলপ খালে বুলি বহিয়েই দিলো|আদ্দাত নানানটা কথা উলাল|ইতিমধ্যে তিনি তিনি প্ৰত্যেকৰে হৈ গৈছে|গুলাপী নিচা এটা উঠিছেই|ধ্ৰুৱ‍ই ক’লে”বাল্টিটো আন”|ম‍ই আকৌ সুধিলো”কি কৰ?”|তাৰ স্বভাৱজাত গহীনতাৰে ক’লে “আনচোন”|আনি দিয়াৰ পাছত হে মনত পৰিল আমাৰ পুৰণি আদ্দাৰ বিহুৰ কথা |ধ্ৰুৱৰ বাল্টিৰ ঢোল,ঘাটোৱাৰৰ হাত চাপৰি,মোৰ বাঁহী আৰু বাকী কেইটাৰ টেটুঁফলা বিহুনাম|ম‍ই আকৌ ভাবিছোঁ, কৄষ্ণ, আজি ডাক্তৰৰ কোৱাৰ্টাৰত দিন দুপৰতে কি হৈছে বুলি ভাবিছে বাকী বোৰে, ভগৱানেহে জানে|ভাগ্য ভাল বৰুন দেৱ প্ৰসন্ন হৈ দুপালপিটা এজাক দিলে|শব্দবোৰ তল পৰিল|লাহে লাহে মোৰো নিচা হ’ল|আমাৰ একদম ফেমাছ গানটো লগালে ধ্ৰুৱ্‍ই” আঁহা.. আইদেউ এ… আঁহা নাঁচি নাঁচি….নাঁচা আইদেউ এ নাঁচা ঘুৰি ঘুৰি…”|কোনো ৰব নোৱাৰিলে|চবেই নিজস্ব ভংগীত নাচিব ধৰিলে|ম‍ই নাঁচি নাঁচি এবাৰ দুৱাৰৰ কাষ এবাৰ সোঁমাজ|তামাম ডেণ্স সবৰে|হঠাতে গোটেইমখাই গান বাজনা বন্ধকৰি মোৰফালে চবেই ৰ’ লাগি চোৱা দেখি ম‍ইও অকঁৰা লাগিলো যদিও সিহঁতক ধমক দি কলো”মূৰ্খহঁত বজা আকৌ”|ম‍ই দুৱাৰৰ ফালে পিঠি দি আছিলোঁ|মুৰটো সিলাই সুধিলো কি হ’ল, ৰামাই ইঙ্গিততে পিছফালে আঙুলিয়াই দিলে|উভতি চাই দেখোঁ গৄহমন্ত্ৰী|হে ৰাম এই নহ’বলগীয়াটো কেনেকৈ হ’ল?মোৰ প্ৰায় মুছ্কচ যোৱা অৱস্থা শ্ৰীমতীয়ে দাঁত মুখ কৰছিলে যদিও একো এটা নোকোৱাকে মাত্ৰ টিভিটো লগাই দিলে|স্থানীয় চেনেলটোত ডাঙৰ হেড লাইনেৰে দিয়া আছে” নেৰা নেপেৰা বৰষুণৰ ফলত হোৱা মেঘালয়ৰ ভূমিস্খলনৰ বাবে অনিৰ্দিষ্টকাললৈ পথ বন্ধ,ত্ৰিপুৰা,কৰিমগঞ্জত হাহাঁকাৰ লাগিব”|পিছৰখিনি নকওঁ|আজি ৭ দিন হ’ল শ্ৰীমতী নাই,নিজৰ ঘৰলৈ পিছ্দিনাই এয়াৰ ইণ্ডিয়াৰ বিমানেৰে গ’লগৈ|হাজাৰ কাকুতি মিনতি কৰিও ৰাখিব নোৱাৰিলো| কান্দি কান্দি পিয়াঁজ কাটি আছো|পিয়াঁজে কন্দোৱাইছেনে আন কিহবাই ধৰিব হ’লে পৰা নাই|ফ’ন কৰিলে এটাই কয়”মদাহী, যোৱা বাৰেই ডিভোৰ্ছ পেপাৰখনত চাইন কৰাই থব লাগিছিল”|কি কৰোঁ এতিয়া ম‍ই?

  • ঘৰ-সংসাৰ ৫

         ৰাতিপুৱা শুই উঠিয়েই কথাকেইষাৰ মান গাত লগাকৈ শুনা পালো গৄহমন্ত্ৰ্ৰীৰ পৰা|গাটো বেজবেজাই গ’ল|শ্ৰীমতীয়ে ক’লে দিনে ৰাতিয়ে যে সেই ফেচ’বুক নে তেচবুক সেইখন মেলি বহি থাকে কি পাইছেনো?তাৰ সলনি যদি আগফালে খালীঠাই টুকুৰাত বেঙেনা দুজোপা মানকে লগালেহেতেঁন বৰ ভাল হ’লহেতেঁন|খোচ মৰা কথাকেইষাৰত অলপ গাত লাগিল|শ্ৰীমতীক ক’লো এনেই এইখন মেলি বহি থকা নাই, গল্প লিখিছোঁ|অসমীযাত কথা বতৰাত দিছোঁ, ৰাইজে পঢ়িছে,দেউসকলে ভালো পাইছে|উত্তৰটো অলপ তেৰাকৈ আহিল “আমিও পঢ়িছোঁ, বৰ ভাল লাগিছে ন’? নিজৰ সংসাৰৰ কথা আনৰ আগত গায় হোঃ(সেই যে মুখখন বেকাঁ কৰি ছোৱালীয়ে মৰা হোঃ দেই ৰাইজ)”|পাচলি কাটি কাটি ৰাতিপুৱাই মোক বচন শুনালেই|খংতে লেপটপ বন্ধকৰি ভাত কেইটা মুখত গুজি উলাই আহিলো হস্পিতাললৈ|ৰাতি ঘৰ গৈ পাওঁ মানে ৮.৩০ হ’ল,শ্ৰ্ৰীমতীৰ পোন্দোৱা চাৱনি|বুজি পালো ৪৪০ ধাৰাৰ আইন ভংগৰ বাবে এই চাৱনি|বাৰু যাহওক, “মেনেজ” কৰোঁতেই ভালেখিনি সময় গ’ল|পুৱা অসমীয়াত কথা বতৰাত দিয়া গল্পটো কেনেকোৱা বা পালে ৰাইজে তাকে জানিবলৈ লেপটপ খুলিলো|খুলি দেখোঁ, বাৰ্তা ভৰাঁলত বাৰ্তা এটা পৰি আছে|খুলি চাই দেখো ৰীতা বাইদেউৰ আধাৰশিলা আৰু সাহিত্য.অৰ্গৰ উন্মোচনী অনুষ্ঠানৰ নিমন্ত্ৰন,পঙ্কজদাই দিছে|উলাহতে হোষ্টেলীয়া জীৱনত মৰা “বেক দ্ৰাইভ” এটা মাৰিব মন গৈছিল যদিও ৰাজহাড়ৰ বিষটোৰ কথা মনত পৰাত থমকি ৰ’লো| আহক এতিয়া শ্ৰীমতী দেখোঁৱাই দিম বাপ্পেকে,আলেকজেণ্ডাৰে বিস্ব জয় কৰাৰ ভাৱত বিচনাত হেলান দি ৰ’লো|শোৱা কোঠালৈ সোমাই আহিল শ্ৰীমতী|মোৰ মুখত বিজয়ৰ ভাৱ দেখি তেওঁ গম পালেই আজি যে তেখেতৰ পতন নিশ্চিত|শ্ৰীমতীয়ে বহুত কাবৌ কৰিলে, নক’লো|কাৰণ আছে|শ্ৰীমতীৰ দুৰ্বলতা হ’ল মোৰ ভাল কথা জনাটো|বিয়াৰ পাছত প্ৰায় অঘোষিত নিয়মৰ দৰেই হৈছে এটা কথা|ম‍ই যদি নকওঁ শ্ৰীমতীয়ে হাতত এটা ফিল্টাৰ চিগাৰেট তুলি দি হলেও ভাল খবৰ শুনিব‍ই|লাভৰ মুৰত মাহেকে পষেকে এটা চিগাৰেট খোৱাৰ সৌভাগ্য হ্য়|হেঃ হেঃ হেঃ|চিগাৰেটতো জ্বলাই সুখটান এটা দি শ্ৰীমতীক খবৰটো দিলোঁ|শ্ৰীমতীটো আনন্দত নাচিয়েই উঠিল, ৰাইজ ব’ল ডান্স নহয় দেই এইবাৰ,খাঁটি অসমীয়া বিহু|পিছে নাচি উঠাৰ আচল কাৰণটো কোৱাতহে মুৰত সৰগ ভাগি পৰিল|মানে সেই যে ভনীয়েকৰ বিয়াৰ বাবে সোনৰ চেট দিম বুলি কৈছিলো, এইটো চেগতে লব বোলে গুৱাহাটীত|হে হৰি,থৰ লাগিলো,মোৰ হাতৰ চিগাৰেট জ্বলি জ্বলিয়েই শেষ হ’ল|ম‍ই আক’ ভাবিছিলো শ্ৰীমতীয়ে পাহৰিলে হ’বলা|মোৰ ২ লাখ টকাৰ পিছৰ শূন্য কেইটা লৰ ধৰা দেখিলো মনতে |ক’ত গ’লি তহঁত কথাষাৰ শুনিয়েই পলালি হবলা তহঁত|
            বাৰু যাহওক ২৩ তাৰিখে সপত্নীক যাত্ৰা কৰিলো গুৱাহাটী অভীমুখী বাছত, ২৪ তাৰিখে পুৱা পালোগৈ গুৱাহাটী|ভনীয়েকৰ মেচতে সোমাই গা পা ধুই ম‍ই ওলালো আধাৰশিলা অনুষ্ঠানলৈ, শ্ৰীমতী ওলাল ভনীয়েকৰ লগত বজাৰলৈ, কোনে পাই তেখেতক|বৰ মৰমেৰে আদৰ কৰি ক’লে”টকা দিয়ক আকৌ”|মানিবেগটো উলিয়াই লওঁতেই, শ্ৰীমতীয়ে নিজেই লৈ দুইটা এ.টি.এম কাৰ্ড হাতত লৈ ক’লে” এস,বি.আইটোৰ পাছ্ৱৰ্ড ৬৭৮৫ আৰু য়ুক’ বেঙ্কটোৰ ৯৮৭৬ নহয় জানো?”|বুকুখন হমহমাই গ’ল|কোনোমতে সেপটো গিলি ডিঙিৰ পৰা মাত এটা উলিয়ালো”হয়”দুয়ো ওলালো গন্তব্য স্থান অভীমুখে|কিন্তু গৄহমন্ত্ৰীয়ে ক’বলৈ নাপাহৰিলে তেওঁ” ন’ স্মকিং”|মনতে ক’লো”হোঃ, ন’ স্মকিং ক’বলৈ আহিছে, ৰাতিলৈ এ.টি.ম চাই কেইডাল শুপিব লাগিব থিক নাই”|ৰীতা বাইদেউৰ অনুষ্ঠানত মছগুল থাকিলো দিন ভৰ|ৰিদিপ দেউ,মনোজকাই আৰু ফেচ’বুকৰ বহুকেইজনক দেখা পালো|ভাল লাগিল|মাজতে মনলৈ আহিছিল শ্ৰীমতীয়ে এ,টি.এমৰ পৰা টকা উলিয়াই থকা দৄশ্য এটা, পিছে উপন্যাসৰ উপৰত ইমান মনোগ্ৰাহী আলোচনা হৈছে যে সেইবোৰ পলাই ফাট মাৰিলে|সকলো লেখককে একেখন মঞ্চতে দেখি ভাল লাগিল|ছয়জন লেখকৰ  বিষয়বস্তু বাচনী, ৰীতা বাইদেউৰ ভাষন সকলোৱেই ভাল লাগিল|এসোপা অভিজ্ঞতা গোটাই উভতিলোঁ খুলশালীৰ মেচলৈ|ইতিমধ্যে শ্ৰীমতী আহি হাজিৰ, মুখ হাত ধোৱাৰ পাছতেই মিঠাই একপ্লেট আনি দি ক’লে খাওক|সুধিলো কিয়? বুজিছে বৰ সস্তাত পালোঁ ছেটতো ২০% ৰেহাই দি মাত্ৰ ৯০ হাজাৰ টকাহে ল’লে|ৰসগোল্লাটো মুখত সোমোৱাইছিলোহে,প্ৰকাণ্ড চৰচৰণি এটা খালোঁ|৯০ হাজাৰটো মাত্ৰহে হ’ল এতিয়া|মোৰ কাৰনে কি আনিছা সোধাত সৰু বাকছ এটা আগবঢ়াই দিলে|খুলি চাওঁ এডাল ব্ৰেচলেট,ল’ৰাই পিন্ধা, ৰৃপৰ|নিজৰ কাৰণে সোন, মানুহটোৰ কাৰণে ৰুপ, হোঃ|কালিলৈ ৰাতি যোৱা থিৰাং কৰি, বিচনাত পৰিলো|বিচনাতে শ্ৰীমতীয়ে ক’লে আমাৰ লগত তেখেতৰ বান্ধৱী এজনী যাব, চিনাকী হ’ল গহনা কিনা দোকানতেই|ভাগ্য ক্ৰ্মে তেখেতেও হেনো চাকৰি কৰে কৰিমগঞ্জত|ৰাজনীতি বিজ্ঞান বিভাগৰ লেকচাৰাৰ কৰিমগঞ্জ কলেজৰ|পিছদিনা ৰাতি একেখন বাছতে তিনিও উঠিলো|শ্ৰীমতী তেখেতৰ লগতেই বহিল|ম‍ই ভালেই পালোঁ, কিবা এটা ভাবি যাব পাৰিম নিৰলে|আদাবস্তিত বাছ ৰখালে|ভাত খালো তিনিও|নতুন শব্দ এটাও শিকিলোঁ|মেঘালয়ৰ থলুৱা ভাষাত নিৰামিষ ভাতক “জা ঝুৰ” বুলি কয়|ভাল লাগিল|ভাত খাই স্বিলংৰ তামোল এখন মুখত ভৰাই,চিটতে বহি বহি শ্ৰীমতীৰ বান্ধৱীৰ লগত আদ্দা দিব ধৰিলো,বিষয় শেহতীয়া ৰাজনীতি,অখিল গগৈ,হিমন্ত বিস্ব শৰ্মা,ভৰতীয় ৰাজনীতি| বুজি পালো তেখেতৰ দখল আছে ৰাজনীতিত |তাৰ পাচত শ্ৰীমতীৰ বান্ধৱীয়ে এখন তামোল খোৱালে|আমাৰ দুয়োকে|গাড়ী আগবাঢ়িল|ভাত ঘুমটিয়ে হেঁচি ধৰিলেনে কিহে হেঁচি ধৰিলে গমেই নাপালো|বদৰপুৰতহে আহি হুলস্থূলত সাৰ পালো|গাটো ধেলেং পেলেং লগাত কিবা এটা বুজি পাই শ্ৰীমতীৰ ফালে চালো|তেখেতো লালকাল|মানে শ্ৰীমতীৰ ডাঙৰ বেগটো আৰু হাতমোনা সহিতে ৰাজনীতি বিজ্ঞানৰ লেকচাৰাৰ বান্ধৱী গায়ব|শ্ৰীমতীক জগাই দিয়াত, ভেঁ ভেঁ ভেঁ কৰি তাতেই যি আৰম্ভ হ’ল কোৱাৰ্টাৰতহে বন্ধ হ’ল তাকো বহুত বুজোৱাৰ পাচত|ভাগ্য ভাল নতুনকৈ কিনাসোপা নাকে কানে ডিঙিয়ে ওলোমাই আনিছিল বুলিহে|বেগত থকা কেইপদ গ’ল|মানুহ থকা বাবে সোলোকাব নোৱাৰিলে চাগৈ পিন্ধি থকা কেইপদ|বাছৰ মানুহক সোধাত ক’লে কালাইনতে লেকচাৰাৰ বান্ধৱী তিনিটামান মোনাৰে সৈতে নামি গ’ল|দেখিছে ৰাইজ কি অৱস্থা হ’ল মোৰ শ্ৰীমতীৰ,তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু সাৱ্ধানে আছে দেই|ৰাইজক কানে কানে কথা এটা কয় থওঁ”গৄহমন্ত্ৰীৰ অৱস্থাটো কিন্তু উপভোগ্য হৈছিল দেই|শ্ৰীমতীক নক’ব আকৌ|”

  • ঘৰ-সংসাৰ ৪

      হনিমুনৰ পৰা চিধাই চৰকাৰী বাসভৱনলৈ|শ্ৰীমতী সহিতে|বিচনাপাতি জাৰি জোকাৰি থিক থাক কৰোঁতে এদিন গ’লগৈ|দিনবোৰ সুখে সন্তোষেই গৈ আছিল|পিছে মোৰ ওপৰত ৪৪০ ধাৰা লগাই থৈছে গৄহমন্ত্ৰীয়ে|মানে এবাৰ সাপে খুঁটিলে কেঁচুলৈকো ভয় যে শ্ৰীমতীৰ তেনেকুৱাই হৈছে,ভয় সোমাইছে মনত কিজানি নজনাকৈ সেইটুপি ধৰোঁ|সেয়ে কাঢ়া অৰ্ডাৰ, ৰাতি “ডিউতি” নাথাকিলে ৮ বজাৰ আগতেই গৄহ প্ৰ্ৱেশ কৰিব লাগিব|অন্যথা বিহিত ব্যৱস্থা লোৱা হ’ব|প্ৰ্তিবাদ হিচাপে দুদিন লঘোন দিব বিছাৰিছিলোঁ, পিছে ফল নধৰিল| মায়ে চেনেহৰ বোৱাৰীয়েকক “টিপছ” দি পঠিয়াই দিছে|ভাত নাখালে একো নকবা, “গেষ্ট্ৰিক” আছে নিজেই ৰাতি উঠি খাব|সব থিকেই চলি আছিল, কেৰোনটো লাগিল দেওবাৰৰ দিনা পুৱা, মানে ম‍ই বজাৰ যোৱাৰ সময়্ত|ঘৰ চাফা কৰোঁতে মোৰ সৰু স্কুলীয়া দিনৰ টিনৰ বাকচটোৰ পৰা গৄহমন্ত্ৰীয়ে এনে এটা বস্তু আৱিষ্কাৰ কৰিলে, তেওঁৰ মতে কলম্বাছে আমেৰিকা আৰু আৰ্কিমিদিছে প্লাৱিতাৰ সূত্ৰ আৱিষ্কাৰ কৰোঁতেও ইমান ফুৰ্তি পোৱা নাছিল|ভিতৰি ভিতৰি যে খংটো ভৰ্তি হৈ আছে সেইটো হ’লে কোৱা নাই| মানে অষ্টম শ্ৰেনীত থাকোঁতে এজনীয়ে প্ৰেম-পত্ৰ এখন দিছিল, ছাৰৰ বেতৰ কোবত প্ৰেম নহ’ল যদিও জীৱনৰ প্ৰথম প্ৰেম-পত্ৰ খনি সযতনে সাঁচি থৈছিলো, সংগোপনে|চিঠি দিয়া গৰাকী দশম শ্ৰেনীতে পলাই গ’ল বুলি শুনিছিলোঁ, পিছে স্মৄতি হওক বুলি থৈছিলো সেই খনি| সেইখনকে শ্ৰীমতীয়ে পাই প্ৰথমে মোৰ আগত পঢ়িলে, ম‍ই হোলা ভাই মোলা শুনি আছোঁ মনে মনে|”no comment no like” ভাৱত আছোঁ facebookr দৰে|পিছে লাহে লাহে গৄহমন্ত্ৰীৰ খংটো ধৰিব পাৰিলো তেতিয়াহে, যেতিয়া চাহ কাপ দিওঁতে চাহৰ কাপটোৰ পৰা অলপ চাহ বাগৰি পৰিল থেকেচাৰ কোবত, গা ধুই আহোঁতে অযথা জোৰকৈ কাপোৰখন জোকাৰি ডাঁৰত দিয়া, দৰ্জাখন লগাওতে ধমকৈ শব্দ এটা হ’ল, বিচনাখন পাৰোঁতে মোৰ টকাৰ বেগ আৰু ঘড়ী মজিয়াত পৰি যোৱা ইত্যাদি ইত্যাদি…|ভাত খাওঁতেও নিস্তবদ্ধতা|pin drop silence|গম পালো হাৰিয়ানাত হোৱা হাৰিকেন বতাহৰ দৰে কিবা এজাক আহিব এতিয়া, গুজৰি গোমৰি আছে|ম‍ইও কথা এষাৰ ডাঙৰকৈ শুনালোঁ “সংসাৰত আৰু সুখ নাই, ২০ বছৰ পুৰনা কথা এটাতো কাৰোবাৰ মুখ ফুলা লুচি হয়|যাওঁ চেম্বাৰ যাওঁ”|কথাষাৰ কৈয়েই উত্তৰলৈ বাট নাচায় গাড়ী ষ্টাৰ্ট দিলো|আনকালে দেওবাৰে ৰোগী নাচাওঁ,কিন্তু আজি চাম বুলি উলাই আহিলো|গাড়ী ফুল স্পীদ দৌৰাই দিলোঁ চেম্বাৰ অভিমুখে|বাটতে ম’বাইলত শ্ৰীমতীৰ মেছেজ এটা পালোঁ|”পলৰীয়া ককাই, stetho দাল ঘৰতে এৰি থৈ গ’ল ঘুৰি আহক”|শেনটো যেন হৈ গৈছিলোঁ, ফেচাটোযেন হৈ ঘুৰি আহিলোঁ|শ্ৰীমতীক আগধৰি মাতিলে ইগ’ত লাগে, মাতিবৰো মন গৈছে ছেঃ কি কৰা যায়|ওঁঠ কামুৰি বহি ৰ’লো পেপাৰখন আগত লৈ|সেই সময়তে শ্ৰীমতীয়ে আহি মাত দিলে, “হেৰি শুনকচোন আমাৰ যে শিলচৰত কাম কৰা বাদলদা….”| শ্ৰীমতীৰ আকৌ মোমায়েকৰ কিবা লগাভগা হয় বাদল বুলি গীটাৰ বজোৱা ল’ৰাটো, শিলচৰতে থাকে প্ৰাইভেট কোম্পানীৰ কামত আমাৰ বদৰপুৰ টাউনলৈ আহিয়েই থাকে|প্ৰায়েই পাওঁ|ম‍ই এনেও শ্ৰীমতীক মাতিম মাতিম কৈয়েই আছিলোঁ|চেলু পাই শ্ৰীমতীক শেষ কৰিবলৈ নিদিলোৱেই বাদল বুলি কৈছিলেহে, মুখৰ পৰা পিছৰখিনি কাঢ়ি আনি ফৰ-ফৰাই কৈয়েই পেলালো “অঁ অঁ আমাৰ বাদল যে, অ তোমাক কোৱাই নাই নহয় আজি তাক বজাৰতে লগ পালো নহয় তোমাৰ কথা শুধিছিল, আহিব হেনো এদিন থকাকৈ”|বজাৰত পালো বুলি মিছাকৈয়ে ক’লো|হাউচফুল চিনেমা খনৰ এটা ডায়্ল’গ মনত পৰিল “জিচ ঝুথ চে কিসি কি ঘৰ বসতা হে ওৱ ঝুথ, ঝুথ্ নেহি হোতা”|পিছে শ্ৰীমতীৰ মুখত খংৰ ভাৱ দেখিলোঁ|শ্ৰীমতীয়ে লাহেকৈ আজিৰ পেপাৰখনৰ তৄতীয় পৄষ্ঠাটো ডাঙি ধৰিলে|ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে “অসমৰ সন্তান বাদল নাথৰ আজি জাৰ্মানীত ৰক কনচাৰ্ট”|মোৰ আকৌ সেই অৱস্থাই হ’ল… আগৰদৰেই…. ফাট মেলা বসুমতী পাতালে লুকাওঁ|হায় মোৰ কপাল| নহয় অ পাঠক ৰাইজ,এইখন কপাল নহয়| এইখন চোতাল|

  • ঘৰ-সংসাৰ ৩

       সেই যে গৄহমন্ত্ৰীয়ে ভুল ভবাৰ কাৰণে মাৰ পৰা পুৱাই পুৱাই মাৰ কেইচাত খালো, গৄহমন্ত্ৰীক ঘৰত থৈ আহিবৰ মন গৈছিল|পিছে মোৰ মনটো পলকতে সলনি হ’ল যেতিয়া দুপৰীয়া মৰম লগাকৈ মাত এষাৰ পালো “হেৰি আপোনাৰ পচন্দৰ টেঙা জোল ৰান্ধিছে মায়ে আহক ভাত খাওকহি”|প্ৰথমতে মনৰ ভিতৰতে ভেকাহি মাৰি উঠিলো “ৰাতিপুৱাই বিনা কাৰনতে মাৰ খুৱালে, এতিয়া শাহুৱেক আৰু বোৱাৰীয়েক মিলি ভাত খুৱাব| হোঃ”|বেচি দেৰি নোযোৱা দেখি গৄহমন্ত্ৰী ওলাই আহি ক’লে “আপুনি নাখালে ম‍ইও নাখাও”|মনে মনে ক’লো নিজকে “কলেজীয়া ফৰ্মূলা বাদ দিয়া,বুঢ়া হ’লো|নতুন কিবা বিছাৰা,হোঃ”|অলপ সময় থকাৰ পাছত গৄহমন্ত্ৰ্ৰীৰ ফালে চাঁওতে দেখিলো তেঁও ইতিমধ্যে বক্ষ্মাস্ত্ৰ এৰিলেই|মানে ঘৰ সংসাৰৰ খুত-খাত বিলাকৰ সামৰণী গৄহমন্ত্ৰী বিলাকে মাৰিব বিছাৰিলে এইবিধ প্ৰয়োগ কৰে|বুজিছেই চাগৈ মোৰ দৰে ভুক্তভোগী সকলে|মানে সেই ম‍ই গংগা যমুনা নাম দিয়া অশ্ৰুদুধাৰি ওলাই, নাকৰ পৰা ওলোৱা আৰু এটি ধাৰা সৰস্বতীৰ লগত মিলি মেঘনা নাম লৈ মুখ নামৰ বংগোপ সাগৰ পালেগৈ ইতিমধ্যে|ভেবা লাগি চাই ভাবিলো দেবব্ৰত ককাইদেউয়ে এই পৰিস্থিতি বিলাক কেনেকৈ চম্ভালিছিল বাৰু|এশবাৰ প্ৰনাম দেই আপোনাক|ম‍ইও ততাতৈয়াকৈ নায়কৰ ভূমিকা পালন কৰি গৄহমন্ত্ৰীৰ চকুপানী মচি পেলালো আৰু ভাতৰ মজিয়ালৈ লৈ গ’লো|ভাত খাই থাকোতেই ককাইদেউয়ে ক’লে”তহঁতি যি কৰিলি কৰিলি এতিয়া ভালকৈ খায় বৈ থাক, আৰু ঘৰৰ পৰাই হনিমুনলৈ যা| পলোৱাই অনা বাবে চাগৈ যাব‍ই পৰা নাই”|লগালগ চৰচৰণি এটা খোৱা যেন পালো|ই হনিমুনৰ কথা কেনেকৈ কব পাৰিলে|শিৱসাগৰ টাউনলৈকে কিজানি জীৱনত ৪ বা  ৫ বাৰ মানহে গৈছে|শ্ৰীমতীৰ মুখলৈ চাওঁতে লাজ লাজ ভাৱ এটা দেখা পালো|মুখৰ ভাত চিটিকি পৰিল হাঁহিত,যেতিয়া মায়ে ক’লে”অ হ‍ইতো পুতুকন ইহঁতি মোমায়েকৰ ঘৰলৈকো বহুত দিন যোৱা নাই,একেদিনাই ঘুৰিয়ে আহিবি হনিমুন ও হৈ যাব”|মাৰ সৰলতাত মুগ্ধও হ’লো|দিনৰ ভাগতে ম‍ই আৰু শ্ৰীমতী আমাৰ পছন্দৰ হনিমুনৰ ঠাই বিলাকৰ কথা পাতি আছিলো, ককাইদেউক ক’লো আমি কুলু মানালি যাম|কালিলৈ ম‍ই টাউনৰ পৰা টিকট কাটি আনিম|পিছে আমাক আচৰিত কৰি ৰাতিলৈ ককাইদেউয়ে দুটা বিমানৰ টিকট আনি হাতত দিলে|আচৰিত হ’লো|ক’ত পালি সুধোতে ক’লে “গাঁৱতে অৰুনোদয় কেন্দ্ৰ আৰু বেঙ্ক হোৱা একসপ্তাহ হৈছে”|বুজিলো অনলাইন টিকট বুকিং আৰু নেট বেঙ্কিংৰ সুবিধা|লাজ পালো|মানে মোৰ ককাইদেউটো সেই আগৰ ককাইটো হৈ নাই|মনত পৰিল মোক গছৰ পৰা পকা জামুক,আম,পনিয়ল পাৰি দিয়াৰ দৄশ্য|সৰুতে হাতত দিছিল ফল, কলেজত থাকোতে টকা আৰু এতিয়া হনিমুনৰ টিকট|ছিঃ নিজৰ ওপৰতে লাজ লাগিল|ম‍ইহে তাৰ কাৰণে একো কৰিব পৰা নাই|ৰাতি শুই থাকোঁতে শ্ৰীমতীয়ে ক’লে তোমাৰ ককাইদেউ বৰ ভাল|বুকুখন এহাত ফুলি গ’ল|মনতে শ্ৰীমতীলৈ মৰম এটা জাগিল|বেচেৰী নিজৰ ঘৰৰ মানুহবোৰৰ কথা এবাৰো মনত অনা নাই|
       পিছ্দিনাই এয়াৰ ইণ্ডিয়াৰ বিমানেৰে হিমাচল প্ৰদেশ পালোগৈ|প্ৰথমদিনা নুঘুৰিলো|হোটেলতে জিৰনি লৈ কটালো|দ্বিতীয় দিনা বহুত ফুৰিলো টাউনত|পিছ্দিনা কুলু মনালি পালোগৈ|দিনৰ দিনটো মানালিৰ সৌন্দৰ্য্যত ভুল গৈ থাকিলো|গধূলি সময়ত যেতিয়া হোটেললৈ উভতি আহোঁ|বাটতে সুৰাৰ দোকানখন দেখি মনটো পিৰ পিৰাই উঠিছিল যদিও মায়ে দিয়া কেঁচা মাৰ কেইটা আৰু পত্নীৰ গাত ধৰি খোৱা শপতৰ কাৰনে আশা পৰিত্যাগ কৰিলো|হোটেলত আহি মুখ হাত ধুই বহিছোঁহে,শ্ৰীমতীৰ এটা কথাত উচপ খোৱাই নহয়, গাৰ নোমও শিঁয়ৰি উঠিল|মানে অবিস্বাশ্য| গৄহমন্ত্ৰীয়ে  ৫০০ টকীয়া এটা হাতত দি ক’লে “যোৱা ভাল ব্ৰেণ্ডৰ হুইস্কী এটা লৈ আহা”|প্ৰথমে পাগল হ’ল বুলি ভাবিছিলো|পিছে নিজকে চিকুটি চাই গম পালো, নহয়|তুমি বুলি মাত দিওঁতেই গম পালো,কথাটো সঁচা|লগে লগে মোৰ মনটো সাতখন আঠখন কৰি উঠিল|সময় অপব্যয় নকৰি লৈ আনিলোঁ এটা “ক’লা কুকুৰ” ৩৭৫ মিঃলিঃৰ|ইতিমধ্যে শ্ৰীমতীয়ে কুকুৰাৰ মাংস আনি লৈ ৰেদি|দুয়োজনে খোৱাত লাগিলো|শ্ৰীমতীয়ে আধামান চিঙে মানে মোৰ দুপেগ শেষ|নানাটা কথা ওলাল|মাজতে(আচলতে নিচাতে) শ্ৰ্ৰীমতীয়ে ব’ল ডাণ্স নাচিও দেখোৱালে মোক|কি নাচিলে নাজানো,হাত চাপৰি যে মাৰিছিলো সেইটোহে মনত আছে|আৰু অলপ খোৱাৰ পাছত শ্ৰীমতী ঢলি পৰিল|ম‍ই লাহেকৈ ডাঙি নি টিকিক বিচনাত শুৱালো|শ্ৰ্ৰীমতীয়ে আধাফুটা মাতেৰে ক’লে”তোমাৰ লুঙী ৰঙা বেগটোত আছে”|সেই বুলি কৈ শুই পৰিল|ম‍ই যেনে তেনে লুঙীখন উলিয়াই পিন্ধি কাষতে থকা আমাৰ লগত গুৱাহাটীৰ পৰা একেলগে অহা বৰুৱা উপাধিধাৰী তেজপুৰীয়া পৰিয়ালটোক শুভৰাত্ৰি কৈ আহিলো|দুটা এটা কথাও পাতিলো|কথা পাতি থাকোতে তেখেতৰ শ্ৰীমতীয়ে মাজে মাজে তললৈ আৰু মোলৈ ঘোপাকৈ চাওঁতে কিবা কিবা লাগি গৈছিল|বাৰু যাহওক শ্ৰীমতীৰ কাৰণে হনিমুনটো উপভোগ্য‍ হ’ল|শ্ৰীমতীক জগাবৰ মন গৈছিল যদিও কেঁচাই খাইতী গোসাঁনীৰ দৰে চাৱনীৰ কথা মনত পৰি সেই ফেৰা শুভ কামৰ পৰা বিৰত থাকিলো|লাহে লাহে টোপনিৰ কোলাত ধলি পৰিলো|ৰাতিপুৱা টোপনি ভাঙিল শ্ৰীমতীৰ অট্টহাস্যত|চকু মোহাৰি দেখো শ্ৰীমতীয়ে মোৰফালে চাই হাঁহি আছে পাগলৰ নিছিনাকৈ| একো বুজা নাছিলোঁ|শ্ৰীমতীয়ে মোৰ লুঙীখনৰ আগটো ডাঙি দিয়াতহে মোৰ চকু কপালত উঠিল|লাজত আকৌ কাপোৰ লৈ শুই থাকিবৰ মন গ’ল|মানে কালি নিচাত ৰঙা বেগটোৰ পৰা শ্ৰীমতীৰ ফুল থকা মেখেলা খনকে পিন্ধি….তেজপুৰৰ পৰিয়ালটোৰ আগত….বৰুৱানীয়ে মোলৈ ঘোপাকৈ চোৱাৰ ৰহস্য..চব ফাদিল হ’ল…|ফাট মেলা বসুমতী পাতালে লুকাওঁ 😦

  • ঘৰ সংসাৰ-২

   যোৱাবাৰ যে গৄহমন্ত্ৰী গৈছিল, নাহিব‍ই বুলি ভাবিছিলোঁ|ম‍ই ভাবিছিলোঁ মাকৰ ঘৰলৈ যাব|হোঃ আজিকালিৰ ছোৱালী|চিধাই মোৰ মাৰ ঘৰ পালেগৈ|পিছদিনা ঘৰৰ পৰা ফ’নৰ উত্‍পাতত শান্তি নাপালো|ম‍ইও লৰ ধৰিলো শিৱসাগৰ অভিমুখী বাছত|বাছৰ পৰা নমাৰ পাছতেই ককাইদেউৰ কানটলীয়া্টোৰ শব্দতো সম্পূৰ্ন মাৰ নাযাওঁতেই বাৰান্দাৰ ওচৰত মাৰ আৰু এটা পৰিল|ডাক্তৰৰ লাজ ক’ৰবাত থাকিল|কিয় মাৰিলে নোকোৱাকৈ সবেই গম পালে নিশ্চ্য়? অৱশ্যে ককাইদেউৰ চৰটোত অলপ আক্ৰোশ সোমাই থকা যেন ভাব হ’ল,মানে সি বিয়া পতা নাইতো|বাৰান্দাৰ কাষৰ কোঠাটোৰ পৰা খুকখুকীয়া হাঁহি এটি আহি কানত পৰিল|বুজি পালো কাৰ হাঁহি|ঘৰত মানুহৰ ভিৰ, দদাইদেউ তিনিজন,খুড়ী তিনিজনী,তিনিজনী পেহী, পেহা তিনিজনৰ সৈতে|ওচৰৰ মানুহবোৰতো আছেই|মোৰ ফাটমেলা বসুমতী পাতালে লুকাঁও অৱ্স্থা|মাৰ পৰিৱৰ্তন দেখি আচৰিত হ’লো!এইজনী মায়েই মোক দুদিন আগলৈকে শ্ৰীমতীৰ লগত বিয়া পতাত বাধা নিষেধ কৰিছিলনে?এতিয়া দেখিছোঁ বোৱাৰীৰ গুনানুকীৰ্তন|জোনবাইৰ নেত্ৰকাইৰ সংলাপটোলৈ মনত পৰিল “নাৰী ছলনাময়ী”|ঘৰত আহি আকৌ বুঢ়া বিয়াৰ সন্মুখীন হ’ব লগা হ’ল|হ’লো|ইমান সময়লৈকে শ্ৰীমতীৰ লগত ভালকৈ দেখাই হোৱা নাই|ৰাতি সব দিহাদিহি গ’ল|ককাইদেউৰ কোঠালীতে আমি মানে বুঢ়া নৱ দম্পতী শুব লগা হ’ল|আচল কুৰুক্ষেত্ৰখন যে তাতহে হ’ব ম‍ই আগতে জানিছিলোৱেই|মাজতে গাৰু এটা দি শ্ৰীমতীয়ে দেৱালৰ ফালে নাৱিকে মেপ চোৱাৰ দৰে একেথৰে চাই আছে|ম‍ই গম পাইছোৱেই আগন্তুক যিকোনো সময়্ত ধুমুহা গাজনিৰে এজাক দোপাল পিটা বৰষুন আহিব পাৰে|ম‍ই সৰুকৈ মাত এষাৰ লগালো”শুলা নেকি টিকি?(টিকি মোৰ শ্ৰীমতীৰ ম‍ই মৰমত মতা নাম)”|উত্তৰ আশা কৰা ধৰণৰে আহিল”চৰমো নাই ডাক্তৰ হৈ মুতনী সোপা খাবলৈ”|পিছে লাহে লাহে জনোৱাৰ আগতে ঘৰৰ লগত যে ভাল হ’লো সেইটো কথা কৈ মনটো ভুলালো|পিছে কি হ’ব?ভুলাই থাকোতে থাকোতে ভুলতে কৈ পেলালো”তুমি যে ভণ্টিৰ বিয়াৰ কাৰণে নতুন সোণৰ ছেট এটা লাগে বুলি কৈছিলা নোলোৱা নেকি?”কথাটো শুনাৰ পাছতেই শ্ৰীমতীৰ মুখৰ উজ্জলতা পুনৰ  ঘুৰি আহিল আৰু পছন্দৰ ডিজাইন কেইটাৰ কথা কৈয়ে পেলালে|মোৰ এনেকুৱা লাগিল যেন বুকুত কোনোবাই যাঠী এদালহে ভৰাই দিলে|মোৰ বেঙ্কৰ জমা ২ লাখ টকাৰ পাঁচোটা শূন্য বতাহতে খহি পৰা দেখিলো| মানে ২ টোহে ৰ’ল|বাৰু যাহওক|সমস্যাটো যে সমাধান হ’ল|কেতিয়াকৈ কোৱাৰ্টাৰলৈ যাবা বুলি সুধিবলৈ লওঁতেই,নাকৰ ঘৰঘৰনি এটা শুনিলোঁ|মানে তেখেত ছাগৈ সপোনত নতুন সোনৰ ছেটতো পিন্ধি ভনীয়েকৰ বিয়াৰ ৰভাতলীত আছেগৈ|টিকিৰ নিষ্পাপ মুখখনলৈ চাই কাণ্ডটোৰ কাৰণে নিজৰ গাতে দুখ দুখ লাগিল|মনে মনে শপতো খালো,মা আৰু ককাইদেউৰ কানতলীয়া দুটালৈও মনত পৰি মনটো কোঁচ খাই আহিল,হয় সংসাৰ কৰিলো যেতিয়া নাখাওঁ আৰু|লাহে লাহে নিদ্ৰা দেৱীয়ে চোঁচৰাই লৈ গ’ল মোক|ৰাতিপুৱা শুই উঠিয়েই মুখ সাত ধুই লগৰ সকলোকে ফ’ন কৰি জনালোঁ|শ্ৰীমতীয়ে সেই সময়তে চাহ একাপ দি গ’লহি|চাহ কাপ দিওঁতেই টান মাৰি আনি অকনমান মৰম কৰিব খোঁজোতেই থেলা মাৰি থৈ মৰমৰ খোঁচ এটা মাৰিবলৈ নাপাহৰিলে “ককাইদেউ আছে, মদাহী”|গাটো বেজবেজাই গ’ল|ৰাজদীপ, তোক পুৱা হ’লে|খঙতে তালৈ খবৰো দিয়া নাই|
    পেপাৰখন সামৰি পদুলিলৈ বুলি উলাই গ’লো|কেটলী এটা লৈ আমাৰ গোলাপী বৰমাক দেখা পালো|পুৰনি কথা এটা হঠাত্‍ মনত পৰি গ’ল|আগতে মোক গোলাপী বৰমাহঁতৰ ঘৰৰ পৰা গাখীৰ আনিবলৈ পঠিয়াই| টকা বাৰটা হাতত দি|১ লিটাৰ পাওঁ,কিন্তু ম‍ই আধা ৰাস্তাতে একপোৱা মান খাই দিওঁ কেটলীৰ মুখেদি|বৰমাই সেইটো ধৰা পেলাইছিল এদিন|মনত পৰি হাঁহি উঠিল|এতিয়া আমাৰ ঘৰৰ লগত অহা যোৱা নাই বুলি শুনিছোঁ|মোৰ লগত ভাল কাৰণে মাত দিলো “বৰমা ভালনে?”|বৰমাই ক’লে”কতনো ভাল হ’ব বোপাই জীয়াই আছো আৰু”|কেটলীটো দেখুৱাই ক’লে “খাৱ নেকি?”|মোৰো আগৰ দুষ্টামীটো এবাৰ কৰিবৰ মন গ’ল|মাৰি দিলো এক পোৱা মান কেঁছা গাখীৰ|পিছে ভাল নাপালো,বিয়েৰ খোৱা মুখ, ক’ত গাখীৰ ভাল পাম| বৰমাক বিদায় দিলো|অকটা অকট লগাৰ বাবে তামোল এখন মুখত ভৰাই দিলো|শ্ৰীমতীয়ে শয়ন কক্ষৰ পৰা ওলাই সেই পুৰণি কেঁচাইখাইতী গোঁসানী টাইপৰ চাৱনিটো মাৰি গ’ল|বুজি নাপালো|গাটো তিয়াই লওঁ বুলি পুখুৰীত জাপ দিলো|গাটো ধুই আহি ভিতৰত কাপোৰখন সলাবলৈ পালো কি নাপালো,পিছ্ফালৰ পৰা হালোৱা এচাৰি ডালেৰে মায়ে চাতৌপ চাতৌপ দিব ধৰিলে,লগতে চৰ ও কিল|এক কে চাথ দো ফ্ৰী|সিটো কোঠাৰ পৰা শ্ৰীমতীৰ কান্দোনভৰা এটা বাক্য কানত পৰিল “কি যে মানুহ পা’লো ঐ পদুলি মুখতে মদ খাই”|মাক গাখীৰ বুলি কওঁতেই আৰু একচৰ দি ক’লে “মোক শিকাব নাহিবি,সেইজনীয়ে আজি তিনিবছৰ ধৰি গেলাটুপি বেছি আছে”|চৰ ভুকুৰ মাজতে সব পৰিষ্কাৰ হ’ল, গোলাপী বৰমা আমাৰ ঘৰলৈ নহাৰ কাৰন…পদূলি আৰু আমাৰ শুৱা কোঠাৰ খিৰিকি…শ্ৰীমতীৰ কেঁচাইখাইতী গোঁসানীৰ দৰে চাৱনি…গাখীৰৰ বগা ৰং… গাখীৰ খোৱাৰ পাছত তামোল..লগে লগে গা ধোৱা….|হায় মোৰ কপাল|

  • ঘৰ-সংসাৰ ১

      

     ৰাতিপুৱা শুই উঠিয়েই ব্ৰাচদাল মুখত ভৰাই ৰাতি নতুনকৈ শুনা “মাৰ্দাৰ ২”ৰ গানতো গুন গুনাই স্নানাগাৰৰ ফালে আগবাঢ়িছো|”দিল ৰুক যা জাৰা..ফিৰ ছে মোহাব্বত কৰনে চলা তো…….|গৄহমন্ত্ৰী কিনাৰেদি যাওঁতে কেঁচাইখাইতী গোঁসানী টাইপৰ চাৱনি এটা মাৰি গ’ল|কাৰণটো ফটকৰেৰে ধৰি পেলালো,মানে যোৱাৰাতি গান গোৱাৰ অনুৰোধ ৰক্ষা নকৰাৰ প্ৰতিফল|আমি দুয়ো নতুনকৈ বিবাহিত,মোৰ ঘৰৰ অমতত|গন্ধৰ্ব বিবাহ,তিনি মাহ হৈছেহে|বন্ধু-বান্ধৱ সকলকো কোৱা নাই|
      কালি ৰাতি শুৱাৰ আগত অহা ফ’ন এটাৰ পাছৰ পৰা মনটো পিৰপিৰাই আছে|ৰাজদীপে কৰিছিল|”কালিলৈ আহি যা বিয়েৰ খাম মা কালী ধাবাত”|বিয়া পতাৰ পাছ্ত কেতিয়াও গলাধঃকৰণ কৰা নাই|গৄহমন্ত্ৰীয়ে আগতে গম পালেও, বিয়াৰ পাছত নহ’ব বুলি আইন পাছ কৰি থৈছে|পিছে আইন পাছ কৰিলে কি হ’ব? হোষ্টেলীয়া বন্ধু কেইজনৰ আবেদনটো উপেক্ষা কৰিব নোৱাৰি|কিমান ৰেকৰ্ড ভাঙিলো গঢ়িলো হোষ্টেলৰ চাদত “ৰং দে বসন্তী”ৰ লেখীয়াকৈ|ফ’নটো অহাৰ বেলিকা শ্ৰীমতীৰ মুখখনি এবাৰ আগলৈ আহিছিল যদিও লুভীয়া মনটোৰ কথা ভাবি সাত-পাঁচ নুগুনি সন্মতি দিলো ৰাজদীপক যাম বুলি|মনতে ভাবিলো অকনমান খালেনো শ্ৰীমতীয়ে কেনেকৈ গম পাব হিঃ হিঃ, দুষ্ট মনটোৱে হাঁহি উঠিল|ততাতৈয়াকৈ গা পা ধুই চিকিত্‍সালয়ত ৰোগী চাই শেষ কৰি গাড়ীখনত উঠি “য়ে দোষ্টি হম নেহী তোৰেংগে” লগাই দিলো|মনতো বৰ ভাল লাগিল,কিমান দিনৰ পাছত যে ইহঁত কেইটাক লগ পাম|মা কালী ধাবা পালোগৈ এক ঘণ্টাৰ ভিতৰতে|ইহঁত কেইটা মানে ৰাজদীপ,ত্ৰিদিৱ,ধ্ৰুৱ আৰু ৰামাই মোলৈকে বাট চাই আছিল|পাঁচোটাই পাঁচটা বিয়েৰ ফটকৰে শেষ কৰিলো|তাৰ মাজত দুবাৰ শ্ৰীমতীৰ ফ’ন|বাহানা এৰিলো,এঘৰত ৰোগী চাব আহিলো অলপ দেৰি হ’ব|ইহঁতৰ আগত ক’লো “ভণ্টি আহি আছেহি মাৰ লগত”|অলপ পাছতে ম‍ই উঠিব খুজিলোঁ|ভেকাহি মাৰি গোটেই কেইটাই চিঞৰি উঠিল” ঘৈনীয়েৰক এৰি থৈ আহিছ নেকি **?”| আকৌ এবাৰ সৰু পানী চোৱাৰ চলেৰে ম’বাইলটো উলিয়াই দেখো তিনিটা মিছ কল|ফ’ন কৰিলো,এইবাৰ মোৰ গাড়ী পাম্পচাৰ হ’ল|আকৌ আহি ইহঁতৰ লগত যোগ দিলো|খোৱা পৰ্ব শেষ হোৱাত ৰাজদীপে গাড়ীলৈকে মোৰ বেগটো নিজেই ডাঙি আগবঢ়াই থৈ গ’লহি|মনটো কিবা লগৰ কেইটাৰ কাৰণে হোষ্টেলীয়া আবেগত উথলি উঠিল|ঘৰ আহি পোৱাৰ আগতে গোন্ধ নাইকিয়া কৰিবৰ কাৰণে “পুদিন হাৰা” এটা খাই, মিঠাপট্টি পান এখন মুখত ভৰাই ল’লো|শ্ৰীমতীৰ কাৰণে মিঠা পান এখন আৰু চকলেট লব’লৈও নাপাহৰিলো|ঘৰ আহি পাই শ্ৰীমতীৰ ফুলালুচি যেন মুখখন হাঁহিমুখীয়া কৰিবলৈ অকনমান সময় লাগিল যদিও কামটো সমাধা কৰিলো|ধন্যবাদ ভগৱান, গোন্ধ যে নাপালে,উহঃ ৰক্ষা, হেঃ হেঃ|ভাত পানী খাই শ্ৰীমতীক উপযাচি বাঁহীত সুৰ এটিও শুনালোঁ|তাৰ পাছত নিদ্ৰাদেৱীয়ে কেতিয়া টানি নিলে মনত নাই|পুৱা শুই উঠি দেখো শ্ৰীমতী বিছনাত নাই|সমস্ত চলাথ কৰি মেজৰ ওপৰত টোকা এটি পালো|এটাই মাথোঁ বাক্য লিখা আছে “ডিভোৰ্চ পেপাৰখন লৈ আহিবা,মদাহী”|চকুৱে ধোঁৱাকোৱা দেখিলোঁ|কেনেকৈ গম পালে? শুৱালৈকেটো ঠিকেই আছিল|অণ্ঠকণ্ঠ শুকাই গ’ল|পানী এধোক খাওঁ বুলি পাকঘৰলৈ যাওঁতে বিয়েৰৰ বটল এটা খোৱা মেজত দেখা পালো|হঠাত্‍ চব মোৰ মনত পৰিষ্কাৰ হৈ গ’ল|ম‍ই সৰুপানী চুব যাওঁতে কি হৈছিল..কিয় বেগটো ৰাজদীপে নিজেই লৈ আহিছিল|শ্ৰীমতীয়ে পুৱাই বেগ আজৰি কৰোঁতে….

Advertisements

Hello world!

Welcome to WordPress.com! This is your very first post. Click the Edit link to modify or delete it, or start a new post. If you like, use this post to tell readers why you started this blog and what you plan to do with it.

Happy blogging!